ETV Bharat / state

তৃষ্ণা কাকতিৰ প্ৰেমিক বিষ্ণুদেৱ কোচক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 8:23 PM IST

Mysterious death in Guwahati: গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ এটা এপাৰ্টমেন্টত শুকুৰবাৰে তৃষ্ণা কাকতি নামৰ মডেলগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল । তৃষ্ণাই প্ৰেমিক বিষ্ণুদেৱ কোচৰ সৈতে লিভ-ইন সম্পৰ্কত আছিল । তৃষ্ণাৰ মৃতদেহ উদ্ধাৰৰ পাচতেই দিছপুৰ আৰক্ষীয়ে প্ৰেমিক বিষ্ণুদেৱ কোচক গ্ৰেপ্তাৰ কৰে । আজি আদালতে বিষ্ণুদেৱক চাৰিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ৷

Mysterious death in Guwahati
তৃষ্ণা কাকতিৰ প্ৰেমিক বিষ্ণুদেৱ কোচক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

গুৱাহাটী,১৬ মাৰ্চ: গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ শ্রীনগৰৰ অমৰাৱতী পেলেচ এপার্টমেন্টত ৰহস্যজনকভাবে মৃত অৱস্থাত উদ্ধাৰ হোৱা সুন্দৰী মডেল তৃষ্ণা কাকতিৰ প্ৰেমিক বিষ্ণুদেৱ কোচক শনিবাৰে আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ । ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ অভিযুক্ত বিষ্ণুদেৱ কোচক । উল্লেখ্য যে, শুকুৰবাৰে অমৰাৱতী পেলেচ এপার্টমেন্টত দিছপুৰ আৰক্ষীয়ে ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰিছিল লখিমপুৰৰ পথালি পাহাৰৰ তৃষ্ণা কাকতিৰ মৃতদেহ । দীর্ঘদিন ধৰি উক্ত এপার্টমেন্টটোৰ এটা ফ্লেটত প্ৰেমিকৰ সৈতে বাস কৰিছিল মডেল তৃষ্ণা কাকতিয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

কিন্তু বৃহস্পতিবাৰে নিশা কোঠাৰ ভিতৰতে চিপ লৈ থকা অৱস্থাত তৃষ্ণাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয় । উল্লেখ্য যে, প্রাক্তন শিক্ষয়িত্রী তৃষ্ণা কাকতিয়ে প্রথম স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিচৰে পৰা গুৱাহাটীত বাস কৰিছিল । তেওঁ শিক্ষয়িত্ৰী চাকৰি বাদ দি মডেলিঙত কেৰিয়াৰ আৰম্ভ কৰিছিল । ইয়াৰ পিচতে তৃষ্ণাই এক অনুষ্ঠানত লগ পাইছিল ইভেন্ট মেনেজমেণ্টৰ লগত জড়িত বিষ্ণুদেৱ কোচক । পৰৱৰ্তী সময়ত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে আৰু অমৰাৱতী পেলেচত ফ্লেটত থাকিবলৈ লয় ।

ইপিনে বিবাহিত তথা এটা সন্তানৰ পিতৃ বিষ্ণুদেৱ কোচক বিগত এটা বছৰে বিয়াৰ বাবে প্ৰায়ে হেঁচা দি আহিছিল প্রেমিকা তৃষ্ণাই । পৰিণতিত দুয়োৰে মাজত প্ৰায়ে কাজিয়াৰ সূত্রপাত হৈছিল । বৃহস্পতিবাৰেও এই কথাক লৈ বাক-বিতণ্ডাত লিপ্ত হৈছিল বিষ্ণু-তৃষ্ণা । নিশা প্রায় ৯ বজাত প্রথমে তৃষ্ণাৰ পৰিয়ালক আৰু ইয়াৰ পিচতে দিছপুৰ আৰক্ষীক ফোন কৰি বিষ্ণুৱে তৃষ্ণা কাকতিয়ে আত্মহত্যা কৰা বুলি জনায় । এই খবৰ লাভ কৰিয়ে লগে লগে ঘটনাস্থলীত দিছপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ বিচনাত পৰি থকা অৱস্থাত তৃষ্ণা কাকতিৰ মৃতদেহ উদ্ধাৰ কৰে ৷

আৰক্ষীয়ে তৃষ্ণাৰ মৃতদেহ উদ্ধাৰৰ পাচত মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে । সেই সময়ত চিলিং ফেনত এখন চূর্ণী ওলমি আছিল বুলি আৰক্ষীয়ে জনাইছে । লগতে কোঠাটোত থকা এখন বিচনাও ভগ্ন অৱস্থাত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । একে সময়তে ৰে'লৱেত চাকৰি দিয়াৰ নামত বিষ্ণুৱে বিভিন্নজনৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে । এনে অৱস্থাত চাকৰি লাভ নকৰা একাংশ চাকৰিপ্ৰত্যাশী যুৱক-যুৱতীয়ে ধন বিচাৰি তৃষ্ণাক ফোন কৰিছিল । এই কথাক কেন্দ্ৰ কৰিও প্রায়ে দুয়োৰে মাজত বাক-বিতণ্ডা হৈছিল । এই সন্দৰ্ভতো দিছপুৰ আৰক্ষীয়ে তদন্ত কৰিব বুলি এক সূত্রই জানিবলৈ দিছে ।

লগতে পঢ়ক: মহানগৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ লিভ-ইন সম্পৰ্কত থকা যুৱতীৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.