ETV Bharat / state

কা আহিলে ভোট নিদিব, ময়ো নিদিও : জুবিন গাৰ্গ

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 11:59 AM IST

কা- ক লৈ জুবিন গাৰ্গৰ হুংকাৰ
কা- ক লৈ জুবিন গাৰ্গৰ হুংকাৰ

Zubeen Garg Roars Against CAA: : কা- ক লৈ জুবিন গাৰ্গৰ হুংকাৰ । কা সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে জুবিন গাৰ্গে ৷ যদিহে কা আহে, তেন্তে নিৰ্বাচনত ভোট নিদিবলৈ ৰাইজক উদ্দেশ্যি মন্তব্য কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে ৷

কা- ক লৈ জুবিন গাৰ্গৰ হুংকাৰ

বাক্সা/ গুৱাহাটী, ৭ মাৰ্চ : আকৌ নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ ক লৈ আগ্ৰাসী ৰূপত কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ লগতে কোনো কাৰণতে অসমবাসীক 'কা' মানি নল'বলৈ আহ্বান যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱগৰাকীৰ ৷ আনকি মুখ্যমন্ত্ৰী তথা আৰক্ষী সঞ্চালকপ্ৰধানৰ প্ৰতিও আক্ৰমণাত্মক মেজাজত দেখা গ’ল কণ্ঠশিল্পীগৰাকীক ৷ প্ৰয়োজনত জনসাধাৰণক ভোট বৰ্জনৰ আহ্বান জুবিন গাৰ্গৰ ৷

‘‘কা-ৰ বাবে আগৰ দৰে প্ৰতিবাদ নকৰো ৷ কিন্তু মই একে জেগাতে (ঠাইতে) আছো ৷ কা আমাক নালাগে, কিন্তু প্ৰতিবাদ লাগে ৷ কোনো জি পি সিং থাকক, হিমন্ত বিশ্ব শৰ্মা থাকক; লাভ নাই ৷ আমাৰ ৫ টা ল’ৰা মৰিল, এইবাৰ কাকো মৰিবলৈ নিদিও ৷ কেৱল সকলোৱে কা-ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে ৷’’ নামনি অসমৰ মুছলপুৰত বুধবাৰে নিশা এক সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশ কৰাৰ মাজতে এইদৰে কা- সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে কণ্ঠশিল্পী জুবিন গাৰ্গে ৷

‘‘NO CAA. লাগিলে ভোট নিদিব ৷ ভোট নিদিলে কোনো মন্ত্ৰী-বিধায়কেও একো কৰিব নোৱাৰে ৷ গতিকে আপোনালোকে চাই ল’ব ৷ মই ভোট নিদিও, আপোনালোকেও নিদিব ৷ যদি কা দিয়ে, তেন্তে ভোট নিদিব ৷ খতম ৷’’ মুছলপুৰত সংগীতানুষ্ঠানৰ মাজতে কা-ৰ বিৰুদ্ধে এনেদৰে সৰৱ হৈ পৰিল জুবিন গাৰ্গ ৷

কা- ক লৈ জুবিন গাৰ্গৰ হুংকাৰ

লগতে জুবিনে আৰু কয়, ‘‘কোনো মোদী বা হিমন্ত বিশ্ব শৰ্মাক মই খাটিৰ নকৰো । মোদীয়ে ভাইয়ো-বেহেনো কৰি থাকি লাভ নাই । মোদীয়ে ইংৰাজী ক’ব নাজানে ৷ মোদীয়ে ইংৰাজী শিকি লওক । মোক কোনেও ঘেণ্টাও একো কৰিব নোৱাৰে । জি পি সিঙে আৰক্ষীৰ হতুৱাই কাৰোবাক গ্ৰেপ্তাৰ কৰিব পাৰে, কিন্তু মোক নোৱাৰে’’ ।

‘‘আকৌ কা আন্দোলন কৰিলে এই পুলিচখিনিয়েই মোক মাৰিব আহিব ৷ জি পি সিঙে আদেশ দিছে ৷ কিন্তু মই আহিলে আকৌ এওঁলোকেই মোক চিকিউৰিটি দিয়ে ৷ What is this ? Is this Democracy ?’’ সংগীতানুষ্ঠানৰ মাজতে এই বুলিও মন্তব্য কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে ৷

উল্লেখ্য যে, বাক্সা জিলাৰ মুছলপুৰত আঠ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল আঞ্চলিক শ্ৰীশ্ৰী মনসা পূজা মহোৎসৱৰ সোণালী জয়ন্তীৰ অনুষ্ঠান ৷ বুধবাৰে আছিল এই মহোৎসৱৰ সোণালী জয়ন্তীৰ অন্তিম দিন ৷ অন্তিম দিনৰ কাৰ্যসূচীৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছিল জুবিন গাৰ্গ । হাৰ্টথ্ৰৱ জুবিন গাৰ্গে তেওঁৰ সংগীতানুষ্ঠানৰ মাজতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ ৰাইজক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰে ৷

ইফালে জুবিনৰ সংগীতানুষ্ঠানৰ মাজতে জুবিন আনুৰাগীয়ে ভাঙি-চিঙি লণ্ড-ভণ্ড কৰে আচবাব ৷ জুবিন আনুৰাগীৰ এনে আচৰণত ক্ষুভিত হৈ পৰিছে আয়োজক সমিতিও ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ নাপালে ৯ মাৰ্চত বিৰোধীৰ অৱস্থান ধৰ্মঘটৰে CAAৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.