ETV Bharat / state

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ আলোচ্য বিষয়ত আলোকপাত

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 2:11 PM IST

National Science Day 2024: আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস । 'বিকশিত ভাৰতৰ বাবে থলুৱা প্ৰযুক্তি' আলোচ্য বিষয় হিচাপে লৈ উদযাপন কৰা হ'ব ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস । এই বছৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল আলোচ্য বিষয়ত আলোকপাত কৰে অসম বিজ্ঞান সমিতি, কলিয়াবৰ শাখাৰ সভাপতি তথা কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিলঘাটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূপেন শৰ্মাই ।

Topics of National Science Day
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ আলোচ্য বিষয়ত আলোকপাত

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ আলোচ্য বিষয়ত আলোকপাত

কলিয়াবৰ,২৮ ফেব্ৰুৱাৰী: আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস । ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ উদ্দেশ্য হৈছে আমাৰ দৈনন্দিন জীৱনত বিজ্ঞান আৰু প্ৰযুক্তিৰ তথা ইয়াৰ কাৰ্যকলাপ সম্পৰ্কে প্ৰচাৰ কৰা। তদুপৰি ,বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ লগত জড়িত বিজ্ঞানী, সাহিত্যিক, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্যসকলক উৎসাহিত কৰা । আজিৰ বিশ্বত বিজ্ঞান হৈছে প্ৰগতি আৰু উদ্ভাৱনৰ অন্যতম গুৰুত্বপূৰ্ণ চালক ।

সমাজত ইয়াৰ প্ৰভাৱ সৰ্বোপৰি, যি আমাৰ চৌপাশৰ জগতখনৰ সৈতে আমাৰ জীৱন-যাপন, কাম কৰা আৰু যোগাযোগৰ ধাৰণাক ৰূপান্তৰিত কৰে । অতীজৰে পৰা বিজ্ঞানীসকলে অগণন আৱিষ্কাৰ-উদ্ভাৱন কৰি আহিছে যিয়ে আন বহু আৱিষ্কাৰ-উদ্ভাৱনৰ পথ মুকলি কৰি দিছে । সেই পথত বিজ্ঞানে নিজৰ আৰু আমি বাস কৰা পৃথিৱীখনৰ বিষয়ে নিতৌ নতুন তথ্যৰে আমাক পৰিচয় কৰাই দিছে ।

১৯২৮ চনৰ আজিৰ দিনটোতে পদার্থ বিজ্ঞানী চাৰ চি ভি ৰমনে ৰমন প্রভাৱ উদ্ভাৱন কৰাৰ উপলক্ষ্যে এই দিৱসটো পালন কৰা হয় । এই উদ্ভাৱনৰ বাবেই ১৯৩০ চনত তেখেতক পদার্থ বিজ্ঞানৰ ন'বেল বঁটাৰে সন্মানিত কৰা হৈছিল । ১৯৮৬ চনত ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যোগাযোগ আয়োগে ভাৰত চৰকাৰৰ ওচৰত ২৮ ফেব্ৰুৱাৰীক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে স্বীকৃতি দিবলৈ আবেদন কৰে । পাছত চৰকাৰে এই আবেদনক অনুমোদন জনায় ।

এতিয়া গোটেই দেশজুৰি বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, আন আন শৈক্ষিক, বৈজ্ঞানিক, কাৰিকৰী, চিকিৎসা, গৱেষণা প্ৰতিষ্ঠানসমূহত এই দিৱস পালন কৰা হয় । প্ৰথম ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ২৮ ফেব্ৰুৱাৰী ১৯৮৭ চনৰ পৰা ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যোগাযোগ আয়োগে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰসাৰ আৰু জনপ্ৰিয় কৰাত গুৰুত্বপূৰ্ণ অৱদান যোগোৱা প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় বিজ্ঞান জনপ্ৰিয়কৰণ বঁটা আগবঢ়ায় । আমি বিজ্ঞানৰ পৰা যি সুবিধা পাইছোঁ, মানুহৰ উন্নয়নৰ বাবে বিজ্ঞানে আগ বঢ়োৱা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়।প্ৰতি বছৰত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত এটা মূল আলোচ্য বিষয় হিচাপে কিছুমান কৰ্মসূচীৰ নিৰ্ধাৰণ কৰে ।

যাতে দেশৰ বিজ্ঞান বিষয়টো দেশৰ জনগণৰ কাষ চপাই নিব পাৰে । ২০২৪ বৰ্ষৰ বিজ্ঞান দিৱসৰ মূল আলোচ্য বিষয় হ'ল, 'বিকশিত ভাৰতৰ বাবে থলুৱা প্ৰযুক্তি' । এই মূল বিষয়টোৰ ভিত্তিত প্ৰধান আলোচিত বিষয় হিচাপে জলবায়ু পৰিৱৰ্তন, সম্পদ ক্ষয়, পৰিৱেশৰ অৱনতি আৰু বহনক্ষম উন্নয়নকে চিহ্নিত কৰা হৈছে । এই বছৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল আলোচ্য বিষয়ত আলোকপাত কৰে অসম বিজ্ঞান সমিতি, কলিয়াবৰ শাখাৰ সভাপতি তথা কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিলঘাটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূপেন শৰ্মাই ।

শৰ্মাই কয় যে এই বিষয়টো বাচি লোৱাৰ মূল কাৰণটো হ'ল যোৱা ক'ভিদৰ সময়চোৱাত প্ৰতিষেধক উদ্ভাৱনৰ পৰা আৰম্ভ কৰি চন্দ্ৰযান-৩ ৰ উত্থানলৈকে বিজ্ঞানৰ কাম-কাজ ভাৰতত বাঢ়িছে । এটা আন্তঃৰাষ্ট্ৰীয় স্তৰৰ বিজ্ঞান সমীক্ষাৰ মতে ভাৰতে নিজা প্ৰচেষ্টাৰে বিজ্ঞান বিষয়ক চিন্তা-চৰ্চা, কাম-কাজ যোৱা দহ বছৰৰ আগৰ আশী নম্বৰ স্থানৰ পৰা চল্লিশলৈ উন্নীত হৈছে । যিটো ভাৰতৰ বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত এক ভাল ফল বুলি ভবা হৈছে । সেয়ে, ভাৰতৰ বিকাশৰ পথত থলুৱাভাৱে বিকশিত বিজ্ঞান-প্ৰযুক্তিৰ উদ্ভাৱনৰ ক্ষেত্ৰত গুৰুত্ব দিবৰ বাবে তথা জনগণক এই দিশত অধিক মনোনিৱেশ কৰিবলৈ ৰোৱা সময়চোৱাত স্থানীয় আৰু থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰৰ এক অভিযান দেশৰ দৃষ্টিত পৰিছে ।

লগতে তেওঁ কয় যে এইক্ষেত্ৰত থলুৱা বুলি যিটো কোৱা হৈছে, সেই থলুৱা প্ৰযুক্তিৰো যথেষ্ট বিকাশৰ থল আছে । উদাহৰণ স্বৰূপে কৃষি ক্ষেত্ৰত জেনেটিক প্ৰযুক্তিৰ জৰিয়তে যিবোৰ থলুৱা বীজ উদ্ভাৱন কৰা হৈছে তেনেকুৱা বীজৰ পৰা পতান উৎপাদন হোৱা দেখা গৈছে । এই ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে । দ্বিতীয়তে, বহনক্ষম উন্নয়নৰ লগত জড়িত হৈ আছে অসমৰ জৈৱ-বৈচিত্ৰৰ বিষয়টো । থলুৱা প্ৰযুক্তিৰ সঠিক ব্যৱহাৰেহে এই আলোচ্য বিষয়টো প্ৰাসংগিক কৰি তুলিব বুলি তেওঁ উল্লেখ কৰে ।

তদুপৰি, শৰ্মাই কয় যে থলুৱা প্ৰযুক্তি বুলি ক'লে অতি প্ৰাচীন কালৰ কৃষি পদ্ধতিৰ পৰা আৰম্ভ কৰাটো উচিত । আমাৰ মাজৰ পৰা হেৰাই যাব খোজা পৰম্পৰাগত যি কৃষি পদ্ধতি তাৰ বিপৰীতে যি নতুন প্ৰযুক্তি আনিব বিচৰা হৈছে । সেই ক্ষেত্ৰত চাবলগীয়া আছে । ভাৰতক বিকশিত কৰাৰ কাৰণে পৰম্পৰাগত কৌশল বা পদ্ধতি একেবাৰে এৰি পেলোৱাটো উচিত নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে এই বিষয়ত কিছু বাদ-বিবাদৰ সমল থাকি যাব ।

কিয়নো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলত এতিয়াও পৰম্পৰাগতভাৱে ঝুম খেতি কৰা হয় । তাত ইচ্ছা কৰিলেও আধুনিক কৃষি-প্ৰণালী ব্যৱহাৰ কৰিব নোৱাৰি । এতিয়া ক'ব বিচৰা থলুৱা প্ৰযুক্তিয়ে কিমান দূৰ চুব পাৰি ই নিশ্চয় এক প্ৰশ্নৰ বিষয় হৈ পৰিব পাৰে বুলি তেওঁ মন্তব্য আগবঢ়াই ।

উল্লেখযোগ্য যে, ভাৰত চৰকাৰে শেহতীয়াকৈ যোৱা কেইবছৰমানৰ পৰা স্থানীয় প্ৰযুক্তি-কৌশল খটুৱাবলৈ 'ল'কেল ফৰ ভ'কেল' নামৰ এক উদ্যমী অভিযান আৰম্ভ কৰিছিল । যি অভিযানৰ অংশ স্বৰূপে ক'ভিদ প্ৰতিষেধক, চন্দ্ৰযান-৩, সামৰিক অস্ত্ৰ-শস্ত্ৰৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন হৈছে বুলি ক'ব পাৰি । কিন্তু 'ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস'ৰ 'থলুৱা প্ৰযুক্তি'ৰ ধাৰণাটোৱে স্থানীয় উদ্যমীতাৰ ধাৰণাটোৰ বাবে প্ৰত্যাহ্বানৰ কাৰণ হৈ উঠিব নেকি বুলি হোৱা চিন্তাৰ নিৰসন কেনেদৰে ঘটিব সেই সময়লৈ বাট চাব লাগিব ।

লগতে পঢ়ক: কংগ্ৰেছী বিধায়ক ৰাণা গোস্বামীক আদৰিবলৈ সাজু বিজেপি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.