ETV Bharat / state

কংগ্ৰেছী বিধায়ক ৰাণা গোস্বামীক আদৰিবলৈ সাজু বিজেপি !

Lachit Barphukan statue in Teok: ঐতিহাসিক লাচিত মৈদামত নিশা উপস্থিত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷ 150 কোটি টকা ব্যয়ৰে যোৰহাটৰ হোলোঙাপাৰত নির্মাণ কৰা হৈছে 125 ফুট উচ্চতাৰ লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি ৷ লাচিত মৈদামত উপস্থিত হৈ কংগ্ৰেছ দলৰ বিপৰ্যয়ৰ কাৰণ ব্যাখ্যা কৰিলে মন্ত্ৰী বৰুৱাই ৷ সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ বক্তব্য প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷

Minister Jayanta Malla Baruah visited Tiyok to inspect the progress work of Lachit Barphukan statue
Etv Bharatকংগ্ৰেছী বিধায়ক ৰাণা গোস্বামীক আদৰিবলৈ সাজু বিজেপি !
author img

By ETV Bharat Assamese Team

Published : February 28, 2024 at 10:18 AM IST

2 Min Read
Choose ETV Bharat
কংগ্ৰেছী বিধায়ক ৰাণা গোস্বামীক আদৰিবলৈ সাজু বিজেপি !

টীয়ক, 28 ফেব্ৰুৱাৰী: অহা 9 মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিব যোৰহাটৰ টীয়কত নিৰ্মীয়মান সুউচ্চ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ৷ এই কামৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰিবলৈ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মঙলবাৰৰ নিশা উপস্থিত হয় লাহদৈগড়স্থিত বীৰ লাচিত মৈদামত ৷

কামৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰিবলৈ আহি মন্ত্ৰীগৰাকীয়ে সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয়, "যোৰহাট লোকসভা সমষ্টি প্ৰাৰ্থীৰ পেনেল তৃণমূল কৰ্মীৰ লগত আলোচনা কৰি ইতিমধ্যে প্ৰস্তুত কৰা হৈছে আৰু কৰ্মীৰ সৰ্বসন্মতি ক্ৰমে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বিজেপি দলে ।" ইপিনে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন যোৰহাট সমষ্টিৰ বিধায়ক ৰাণা গোস্বামীৰ বিজেপিত যোগদান প্ৰসংগত মন্ত্ৰীগৰাকীয়ে যাৰ কোনো ক্ৰিমিনেল ৰেকৰ্ড নাই তেনে লোককে দললৈ আদৰিবলৈ সাজু বিজেপি দল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ।

অৱশ্যে প্ৰাৰ্থীত্ব প্ৰয়াসী হৈ দলত যোগদান কৰাটো বিজেপিয়ে নিবিচাৰে বুলিও বৰুৱাই স্পষ্ট কৰি দিয়ে । দলীয় অনুশাসনৰ ভিত্তিতহে দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীজনে ৷ ইয়াৰ পিচতে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ দলৰ প্ৰতি আক্ৰমণাত্মক হৈ মন্ত্ৰীজনে কয়, "কেৱল গান্ধী পৰিয়ালৰ দৰে কেইটামান মুষ্টিমেয় পৰিয়ালৰ মাজত আবদ্ধ আছে তথা থাকিব ৷ যাৰবাবেই আজি কংগ্ৰেছৰ এই অৱস্থা ।"

  • " class="align-text-top noRightClick twitterSection" data="">

সমান্তৰালভাবে, বিজেপিৰ উন্নয়ন তথা বিকাশত ৰাইজ সন্তুষ্ট হৈ অনাগত দিনত পুনৰ ৰাইজে বিজেপি দলকে আঁকোৱালি ল’ব বুলি দাবী কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

উল্লেখ্য যে, যোৰহাটৰ হোলোঙাপাৰত থকা মহাবীৰ লাচিত মৈদামত অসম চৰকাৰে 150 কোটি টকা ব্যয়ৰে নির্মাণ কৰিছে 125 ফুট উচ্চতাৰ লাচিতৰ সুবিশাল প্ৰতিমূৰ্তিটো ৷ ব্ৰঞ্জৰে নিৰ্মিত প্ৰতিমূৰ্তিটোৰ আধাৰশিলা স্থাপন কৰিছিল তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷

লগতে পঢ়ক: ৯ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ১২৫ ফুট উচ্চতাৰ লাচিতৰ প্ৰতিমূৰ্তি