ETV Bharat / state

নিষিদ্ধ ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈছে মেৰাপানী সীমান্ত

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 10:42 PM IST

The Merapani border has become a nest of banned drugs
ড্ৰাগছৰ সৰবৰাহ

Anti drug mission: অবাধ হাৰত ড্ৰাগছৰ বেহা চলি আছে মেৰাপানীত ৷ ঘটনাত জড়িত মূল অভিযুক্ত কিন্তু এতিয়াৰ আৰক্ষীৰ পৰা বহু দূৰৈত ৷

অচ্যুত দাসৰ পৰিয়ালৰ ভাষ্য

গোলাঘাট, 2 মাৰ্চ : চুবুৰীয়া নাগালেণ্ডৰ লগতে সমগ্ৰ গোলাঘাটৰ মেৰাপানী অঞ্চলত ড্ৰাগছৰ সৰবৰাহৰ লগতে অবাধ ব্যৱসায়ৰ ফলত এক প্ৰকাৰ কোঙা হৈ পৰিছে যুৱ প্ৰজন্ম । যোৱা ২৮ ফেব্ৰুৱাৰীত মেৰাপানী নগৰৰ সঞ্জু মণ্ডল নামৰ এজন যুৱকৰ পত্নী সংগীতা মণ্ডলে এনে নিষিদ্ধ চেমপেক্স টেবলেট নিজ গৃহত মজুত কৰি ৰখাৰ গোপন তথ্যৰ ভিত্তিতে মেৰাপানীস্থিত ১৪২ নং চি আৰ পি এফে অভিযান চলাইছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

চি আৰ পি এফ আৰু মেৰাপানী আৰক্ষীৰ অভিযানত পূৰ্বতেও ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ কাৰাবাস খটা সংগীতা মণ্ডলৰ বাসগৃহত উদ্ধাৰ কৰিছিল বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট । কিন্তু এই ঘটনাত চি আৰ পি এফ আৰু মেৰাপানী আৰক্ষীয়ে লগত কোনো মহিলা আৰক্ষী লৈ নোযোৱাৰ বাবেই চি আৰ পি এফৰ চকুৰ সন্মুখতেই পলাই যাবলৈ সক্ষম হৈছিল ড্ৰাগছ সৰবৰাহকাৰী সংগীতা মণ্ডল ।

কিন্তু ইয়াৰ পৰিৰ্বতে চি আৰ পি এফে উক্ত বাসগৃহলৈ গৃহস্থই মাতি পঠিওৱাৰ বাবে যোৱা মেৰাপানীৰ উদয়পুৰৰ যুৱক তথা অচ্যুত দাসকে সৰবৰাহকাৰী সজাই আটক কৰি প্ৰেৰণ কৰিছিল জেল হাজোতলৈ । অসম আৰক্ষীত কৰ্মৰত এজন জোৱানৰ পুত্ৰ অচ্যুত দাসক গ্ৰেপ্তাৰৰ পাচতেই তেওঁক বিনা দোষত আটক কৰাৰ দুখত শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ ।

অচ্যুত দাসৰ পৰিয়াল আৰু স্থানীয় লোকৰ ভাষ্য অনুসৰি পাৰিবাৰিক কন্দলৰ পৰিণতিত অচ্যুতৰ পত্নী মেঘালী মণ্ডলে মাতৃগৃহত থকাৰ সময়ত তেওঁক লগ ধৰিবলৈ সংগীতা মণ্ডলৰ বাসগৃহলৈ অচ্যুত যোৱাৰ সময়তে দুৰ্ভাগ্যক্ৰমে চি আৰ পি এফৰ হাতত পৰিছিল । সম্প্ৰতি অচ্যুত দাসক আৰক্ষীয়ে দুদিনৰ আৰক্ষী জিম্মাত আনি পুনৰ জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও ঘটনাৰ মূল অভিযুক্ত সংগীতা মণ্ডলক বৰ্তমানেও আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে অচ্যুত দাস কোনো কাৰণতে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত নহয় বুলি দাবী কৰাৰ বিপৰীতে তেওঁৰ শাহুৱেক সংগীতা মণ্ডলহে এনে ব্যৱসায়ত জড়িত বুলি দাবী কৰি মূল অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী জনাইছে ।

লগতে পঢ়ক : ড্ৰাগছৰ ঘাটিলৈ পৰিণত মৰিয়নী-তিতাবৰ ! ড্ৰাগছসহ আটক দুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.