ড্ৰাগছৰ ঘাটিলৈ পৰিণত মৰিয়নী-তিতাবৰ ! ড্ৰাগছসহ আটক দুই

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 10:15 PM IST

thumbnail

যোৰহাট, 28 ফেব্ৰুৱাৰী : আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত বাহিনীয়ে যুটীয়া অভিযান চলাই মৰিয়নীত ড্ৰাগছসহ দুই যু্ৱকক আটক কৰে । বুধবাৰৰ পুৱা মৰিয়নী গংগাপূৰত ড্ৰাগছসহ যুৱকক আটক কৰে আৰক্ষীয়ে । ধৃত যুৱকজন মৰিয়নী জংঘল ব্লকৰ শংকৰজ্যোতি শইকীয়া বুলি জানিব পৰা গৈছে । যুৱকজনৰ পৰা ব্ৰাউন চুগাৰৰ দুটা টেমা আৰু নগদ ৩১ হাজাৰ টকা আৰক্ষীয়ে উদ্ধাৰ কৰে ।

ইফালে শংকৰজ্যোতিৰ স্বীকাৰোক্তিৰ ভিত্তিত তিতাবৰ মহকুমাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষী আৰু CRF ৰ এটা দলে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত তিতাবৰ বিবিজানৰ সুশীল দাস নামৰ আন এজন যুৱককো আটক কৰে । আৰক্ষীয়ে ১১\ ২০২৪ নম্বৰত এন ডি পি এচ এক্ট ১৯৮৫-২১ ধাৰাত এক গোচৰ ৰুজু কৰি দুয়ো ড্ৰাগছ সৰবৰাহকাৰীক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, তিতাবৰৰ পৰা গ্ৰেপ্তাৰ কৰা যুৱকজনৰ পৰাও ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে নগদ ধনো উদ্ধাৰ হৈছে । তিতাবৰ আৰু মৰিয়নী ড্ৰাগছৰ ঘাটিলৈ পৰ্যবসিত হোৱাৰ অভিযোগ বহুদিনীয়া । বহু প্ৰতিভাৱান যুৱক-যুৱতীৰ জীৱন ধ্বংস হৈ গৈছে বৰবিহ স্বৰূপ ড্ৰাগছৰ গ্ৰাসত পৰি । মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান পূৰ্ণগতিত চলাই নিছে ৷

লগতে পঢ়ক : সহজে ধন ঘটিবৰ বাবেই শিক্ষাবিমুখ হৈ একাংশ নামি পৰিছে ড্ৰাগছ ব্যৱসায়ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.