ETV Bharat / state

ৰাহুল গান্ধী-কংগ্ৰেছক সমালোচনা ৰাজ্যিক বিজেপিৰ

Gaon Chalo Abhiyan: ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰীয় ঘাইপথত ন্যায় যাত্রা কৰিছে আৰু বিজেপি কাৰ্যকৰ্তাই 'গাঁও চলো' অভিযানৰ যোগেদি সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ গৈছে ৷ ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত দাসৰ মন্তব্য ৷

bharat jodo nyay yatra
Gaon Chalo Abhiyan
author img

By ETV Bharat Assamese Team

Published : February 15, 2024 at 10:58 PM IST

2 Min Read
Choose ETV Bharat
ৰাহুল গান্ধী তথা কংগ্ৰেছক সমালোচনা ৰাজ্যিক বিজেপিৰ

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী: ভাৰতীয় জনতা পার্টিৰ ৩৯ খন সাংগঠনিক জিলাৰ ৪২৩ টা মণ্ডলতে বিগত ৪ ফেব্ৰুৱাৰীৰ পৰা অব্যাহত আছে ‘গাওঁ চলো’ অভিযান । ৰাষ্ট্রীয় সমিতিৰ নিৰ্দেশ অনুসৰি সমগ্ৰ অসমজুৰি চলি থকা এই কাৰ্যসূচীৰ ৯৫ শতাংশ ইতিমধ্যে সম্পূর্ণ হৈছে । বৃহস্পতিবাৰে বশিষ্ঠস্থিত দলৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ উপ সভাপতি তথা "গাওঁ চলো” অভিযানৰ ৰাজ্যিক আহ্বায়ক জয়ন্ত কুমাৰ দাসে এক সংবাদ মেল সম্বোধন কৰি এই কথা সদৰী কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ লগতে কয় যে অসম চৰকাৰৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই সৰুপথাৰ সমষ্টিৰ শ্যাম গাঁৱত, ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মাজুলীৰ মুদৈ গাঁও আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে টিংখাং সমষ্টিৰ দিৰৈ চাহ বাগিচাত নৈশ যাপন কৰি ‘গাঁও চলো’ অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ।

একেদৰে চৰকাৰৰ অন্যান্য মন্ত্রী, সাংসদ, বিধায়ক, ৰাজ্যিক বিষয়ববীয়াৰ লগতে দলৰ জ্যেষ্ঠ নেতাসকলেও নিজ নিজ দায়িত্বপ্রাপ্ত গাঁৱত নৈশ যাপন কৰি ‘গাঁও চলো’ অভিযানৰ অংশীদাৰ হৈছে । এই সময়ছোৱাত প্রতিজন কার্যকর্তাই গাঁওখনৰ প্রতিষ্ঠিত ব্যক্তি, আত্ম সহায়ক গোট, এন জি অ’, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ হিতাধিকাৰী, অন্যান্য সামাজিক আৰু ধর্মীয় অনুষ্ঠানৰ লগত জড়িত ব্যক্তিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ কাৰণে গ্রহণ কৰা জনকল্যাণমূলক আঁচনিৰ সম্পর্কেও অৱগত কৰিছে ।

বৰ্তমানলৈকে ২৫ হাজাৰ বুথত ‘গাওঁ চলো’ অভিযানৰ কাৰ্যসূচী সমাপন হৈছে । এই সময়ছোৱাত প্রায় ৫০ হাজাৰৰো অধিক দলীয় কার্যকর্তাই সক্রিয় অংশগ্রহণ কৰে । দাসে লগতে কয় যে যিখিনি সময়ত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে ৰাষ্ট্ৰীয় ঘাইপথত ন্যায় যাত্রা কৰিছে, তেনে সময়তে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই গাঁৱে গাঁৱে গৈ সৰ্বসাধাৰণ ৰাইজৰ সৈতে সম্পর্ক স্থাপন কৰিছে ।

লগতে পঢ়ক: সামাজিক মাধ্যমত অত্যধিক জনপ্ৰিয়তাই বিপদ মাতিছে চৰকাৰী বিষয়াৰ: মুখ্যমন্ত্ৰী