ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ আগমন: উথপথপ কাজিৰঙা ৰাষ্টীয় উদ্যান

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 8:11 PM IST

preparation is going on to welcome pm narendra modi during his kaziranga visit
মোদীৰ কাজিৰঙা ভ্ৰমণৰ ব্যাপক প্ৰস্তুতি

Modi Assam visit: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ মোদীক কাজিৰঙালৈ আদৰিবলৈ সাজু হৈছে অসম চৰকাৰ ৷ ঘনাই অসমৰ মন্ত্ৰীসকল উপস্থিত হৈছেহি কাজিৰঙাত ৷ যাৰ বাবেই এক উথপথপ পৰিৱেশ কাজিৰঙাত ৷

মোদীৰ কাজিৰঙা ভ্ৰমণৰ ব্যাপক প্ৰস্তুতি

কাজিৰঙা, 7 মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ মোদীক কাজিৰঙালৈ আদৰিবলৈ সাজু হৈছে অসম চৰকাৰ ৷ ঘনাই অসমৰ মন্ত্ৰীসকল উপস্থিত হৈছেহি কাজিৰঙাত ৷ যাৰ বাবেই এক উথপথপ পৰিৱেশ কাজিৰঙাত ৷ কি বিষয়া, কি কৰ্মচাৰী, সকলো ব্যস্ত ৷ প্ৰশাসনীয় ব্যৱস্থা উবুৰি খাই পৰিছে কাজিৰঙাত ৷ মিনি দিছপুৰলৈ পৰিণত হোৱা কাজিৰঙাৰ ৰাইজে বছৰ বছৰ ধৰি দেখা নোপোৱা পৰিৱৰ্তন দেখা পাইছে এইকেইদিনত ৷ আনকি, বছৰ বছৰ ধৰি তথৈবচ হৈ থকা কাজিৰঙাৰ ৰাজপথ নিৰ্মাণ কৰা হৈছে আটোমটোকাৰীকৈ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

দিনে-নিশাই লগুৱা-লিকচৌৰ সহায়ত সজাই তোলা হৈছে কাজিৰঙাৰ ৰাজপথ ৷ সমান্তৰালভাৱে পথৰ দাঁতিৰ গছবোৰেও চূণতেলৰ পৰশ পাই উজলি উঠিছে ৷ প্ৰধানমন্ত্ৰীয়ে যিহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব তাৰ বাবে জীপচি সাজু কৰা হৈছে ৷ আনকি, নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে ৷ প্ৰথমবাৰৰ বাবে কাজিৰঙালৈ আহিবলগীয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাৰ দিশটোও কটকটীয়া কৰি তোলা হৈছে ৷

তথ্য অনুসৰি, ৮ মাৰ্চৰ নিশা কাজিৰঙাত কটাই ৯ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ এই লৈ পূৰ্ণ প্ৰস্তুতি চলিছে কাজিৰঙাত ৷ ৰাজ্যৰ শীৰ্ষ আমোলা-বিষয়া কাজিৰঙাত উপস্থিত হৈ সামগ্ৰিক পৰিৱেশ অধ্যয়ন কৰিছে ৷ বৃহস্পতিবাৰে কাজিৰঙাৰ কঁহৰা চাৰিআলিত এখন উদ্যান মুকলি কৰিছে মন্ত্ৰী অতুল বৰাই ৷ উপস্থিত হৈছেহি ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও ৷ তদুপৰি, কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে কাজিৰঙাত ৷

ৰাজপথৰ দুয়োকাষে এতিয়াৰে পৰাই বাঁহ বন্ধা হৈছে ৷ নিৰাপত্তা ব্যৱস্থাত যাতে কোনো ত্ৰুটি নাথাকে তাৰ বাবে ৰাজ্যৰ ডি জি পিকে ধৰি শীৰ্ষ বিষয়াসকলে বাহৰ পাতিছে কাজিৰঙাত ৷ ইপিনে, শুকুৰবাৰে কাজিৰঙালৈ আহিব লগীয়া দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি অসম ৰাজ্যিক সাংবাদিক সন্থাই বিশেষ আহ্বান জনাইছে ৷ ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু দাঁতিকাষৰীয়া ৰাইজৰ আন্ত:গাঁথনি উন্নয়নৰ বাবে ৫ হাজাৰ কোটিৰ পেকেজ ঘোষণা কৰিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী গৰাকীক ।

লগতে পঢ়ক : দুদিনীয়া অসম ভ্ৰমণৰ সময়ত ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.