ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰৰ বাবে ১৭ এপ্ৰিলত নলবাৰীলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী - PM Modi to visit Assam

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 2:03 PM IST

PM to visit Assam on 17th April : সমুখত নিৰ্বাচন ৷ ককালত টঙালি বান্ধি সাজু হৈছে ৰাজনৈতিক দলসমূহ ৷ পাৰ্যমানে ষ্টাৰ কেম্পেনাইৰে নিৰ্বাচনী সভাই-সমিতিয়ে বজাইছে ৰণশিঙা ৷ এইবাৰ ১৭ এপ্ৰিলত নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী ।

নিৰ্বাচনী প্ৰচাৰৰ বাবে ১৭ এপ্ৰিলত নলবাৰীলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী
নিৰ্বাচনী প্ৰচাৰৰ বাবে ১৭ এপ্ৰিলত নলবাৰীলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী

গুৱাহাটী, ৪ মাৰ্চ : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অধিক তীব্ৰতৰ হৈ পৰিছে প্ৰচাৰ অভিযান । দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে দলৰ ৰথী-মহাৰথী । ইতিমধ্যে শাসকীয় দল বিজেপিয়ে ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ লগতে দলৰ শীৰ্ষ নেতৃত্বক আদৰিবৰ বাবেও সমানে প্ৰস্তুতি চলাইছে । নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব শাসকীয় দলটোৰ শীৰ্ষ নেতৃত্ব তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টাৰ কেম্পেইনাৰ ।

ব'হাগ বিহুৰ উখল-মাখল পৰিৱেশৰ মাজতে ১৭ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী । বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ বৰকুৰাৰ বিদাঞ্চল খেলপথাৰত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰিব । ইতিমধ্যে স্থানীয় বিধায়ক তথা মন্ত্রী জয়ন্ত মল্ল বৰুৱাই প্ৰধানমন্ত্রীৰ এই আগমনৰ প্ৰতি লক্ষ্য ৰাখি যাৱতীয় সকলো ব্যৱস্থাৰ বুজ লৈছে । প্ৰধানমন্ত্রীয়ে সম্বোধন কৰিবলগীয়া বিশাল নিৰ্বাচনী সভা সাফল্যমণ্ডিত কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । প্ৰধানমন্ত্রীৰ উক্ত সভাত দুই লক্ষাধিক লোকৰ সমাগম হ'ব বুলি ধাৰণা কৰা হৈছে ।

PM to visit Assam on 17th April
নিৰ্বাচনী প্ৰচাৰৰ বাবে ১৭ এপ্ৰিলত নলবাৰীলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী

উল্লেখ্য যে, নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিচত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্রীয়ে নলবাৰীত নিৰ্বাচনী সভা সম্বোধন কৰিব । ইতিমধ্যে প্ৰধানমন্ত্রীৰ এই আগমনৰ বাবে দলীয় নেতা-কৰ্মী সকলে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাইছে । আনহাতে, বৰপেটা সমষ্টিটো বিজেপিয়ে মিত্রদল অগপক এৰি দিছে আৰু অগপই সমষ্টিটোত প্ৰাৰ্থিত্ব দিছে বিধায়ক ফণীভূষণ চৌধুৰীক । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মিত্রদলৰ প্ৰাৰ্থীগৰাকীৰ হৈ নলবাৰীত প্ৰচাৰ চলাব ।

এই সমষ্টিটো বেছিভাগ সময় কংগ্ৰেছৰ দখলত আছিল । ১১ বাৰকৈ কংগ্ৰেছে দখল কৰা বৰপেটা সমষ্টিত চি পি আই এম-এ দুবাৰ আৰু এ আই ইউ ডি এফ দলে এবাৰ জয়ী হ'বলৈ সক্ষম হৈছিল । সমষ্টিটোত ছয়গৰাকী সংখ্যালঘু নেতা আৰু তিনিগৰাকী হিন্দু নেতা সাংসদ হৈছে । পূৰ্বতে সমষ্টিটোৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটা আছিল বঙাইগাঁও, উত্তৰ অভয়াপুৰী, দক্ষিণ অভয়াপুৰী, বৰপেট‍া, জনীয়া, বাঘবৰ, চেঙা, সৰুক্ষেত্রী, পাটাছাৰকুছি আৰু ধৰ্মপুৰ ।

PM to visit Assam on 17th April
নলবাৰীলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত তিনিটাকৈ সংখ্যালঘু অধ্যুষিত বিধানসভা সমষ্টি বৰপেটাৰ পৰা কৰ্তন কৰা হয় । সেইকেইটা হৈছে জনীয়া, চেঙা আৰু বাঘবৰ সমষ্টি । আনহাতে নতুনকৈ অন্তৰ্ভুক্ত হৈছে নলাবাৰী, টিহু আৰু হাজো-শুৱালকুছি । যাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোৰ পূৰ্বৰ পৰিৱেশ নাই । অৰ্থাৎ এইবাৰ সংখ্যালঘু ভোটাৰ সমষ্টিটোত ফেক্টৰ নহয় । বৰপেটা সমষ্টিত বিজেপিৰ মিত্রদল অগপই বিধায়ক ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে চি পি আই এম দলে বিধায়ক মনোৰঞ্জন তালুকদাৰক প্ৰাৰ্থিত্ব দিছে ।

আনহাতে, কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিছে দ্বীপ বায়নক । সমষ্টিটোত এইবাৰ সংখ্যাগুৰুৱে নিৰ্ণায়ক ভূমিকা পালন কৰিব । যাৰ বাবে বিজেপিয়ে এইবাৰ বৰপেটা সমষ্টিটো মিত্রদলৰ যোগেদি দখললৈ অনাৰ বাবে বিশেষ ৰণকৌশল গ্ৰহণ কৰিছে । ইয়াৰ বাবে বৰপেটা সমষ্টিৰ অন্তৰ্গত নলবাৰীত প্ৰচাৰ চলাবলৈ আহিব প্ৰধানমন্ত্রী ।

উল্লেখ্য যে, সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৯,৪৯,৮৭৩ গৰাকী । ইয়াৰে ৯,৮৮,৫৭০ জন পুৰুষ আৰু ৯,৬১,৩০৩ গৰাকী । ইফালে ৮ এপ্ৰিলত গহপুৰলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অমিত শ্বাহে । কেইবাটাও সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে অংশ ল'ব ।

লগতে পঢ়ক : নির্বাচনী বিধি উলংঘাৰ অভিযোগত ৰকিবুল হুছেইনলৈ জাননী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.