ETV Bharat / politics

নির্বাচনী বিধি উলংঘাৰ অভিযোগত ৰকিবুল হুছেইনলৈ জাননী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 11:33 AM IST

Lok Sabha Election 2024
নির্বাচনী বিধি উলংঘাৰ অভিযোগত ৰকিবুল হুছেইনলৈ জাননী

Lok Sabha Election 2024: অনুমতি অবিহনে নিৰ্বাচনী প্ৰচাৰ সভা আয়োজন কৰাৰ অভিযোগ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিৰুদ্ধে । বিলাসীপাৰা জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে নির্বাচনী বিধি উলংঘাৰ অভিযোগ জাননী জাৰী কৰিছে ।

গুৱাহাটী, ৪ এপ্ৰিল : প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । তাৰ মাজতে ধুবুৰীৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিৰুদ্ধে নির্বাচনী বিধি উলংঘাৰ অভিযোগ উঠিছে । কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীকৈ ইতিমধ্যে বিলাসীপাৰা জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে নির্বাচনী বিধি উলংঘাৰ অভিযোগ জাননী জাৰী কৰিছে ।

অনুমতি নোলোৱাকৈ নিৰ্বাচনী প্ৰচাৰ সভা আৰু সামাজিক মাধ্যমত পোনপটীয়া সম্প্ৰচাৰ কৰাৰ বাবে বিলাসীপাৰা জিলা নিৰ্বাচন বিষয়াই ৩ এপ্ৰিলত ৰকিবুল হুছেইনক কাৰণ দর্শোৱাৰ জাননী প্ৰেৰণ কৰিছে । বিলাসীপাৰা জিলা নিৰ্বাচন বিষয়াই ৩ দিনৰ ভিতৰত কংগ্ৰেছৰ ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনলৈ জাননীৰ উত্তৰ দিয়াৰ নিৰ্দেশ দিছে ।

উল্লেখ্য যে, অহা ৭ মে'ত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । বৰপেটা, ধুবুৰী, কোকৰাঝাৰ আৰু গুৱাহাটী লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব । কংগ্ৰেছৰ পৰা‌ ৰকিবুল‌ হুছেইনক‌ প্ৰাৰ্থিত্ব দিয়াৰ‌ বিপৰীতে বিজে‌পি মিত্ৰজোঁটৰ হৈ অগ‌পৰ জাভেদ আলীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।

ইফালে এআইইউডিএফৰ পৰা দলটোৰ প্ৰধান‌ বদৰুদ্দিন আজমলে প্ৰাৰ্থিত্ব আগবঢ়াইছে । এতিয়ালৈকে নিৰ্বাচন আয়োগে তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বৰপেটা, ধুবুৰী, কোকৰাঝাৰ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলৰ জাননী জাৰি কৰা‌ নাই । কিন্তু কংগ্ৰেছ, এআইইউডিএফ আৰু অগ‌পৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । একপ্ৰকাৰ দলবোৰৰ ৰাজনৈতিক প্ৰচাৰ আকৰ্ষণীয় হৈ পৰিছে ।

ৰাজনৈতিক বিশ্লেষকসকলে ধুবুৰী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল‌ হুছেইন আৰু এআইইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ মাজত মূল‌ প্ৰতিদ্বন্দ্বিতা হোৱাৰ অনুমান কৰিছে ।

লগতে পঢ়ক : জনতাৰ সমস্যাক লৈ কাৰো কোনো কথা নাই; প্ৰচাৰৰ নামত কেৱল বোকা ছটিওৱাৰ ৰাজনীতি - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.