ETV Bharat / state

কা বাতিলৰ দাবীত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ বিৰোধী ঐক্যমঞ্চৰ

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 2:28 PM IST

CAA Protest in Assam : কা বাতিল কৰাৰ দাবীত সৰৱ হৈছে ৰাজ্যৰ বিৰোধী ঐক্য মঞ্চও ৷ কা বাতিলৰ দাবীত বিৰোধী ঐক্য মঞ্চৰ হৈ বৃহস্পতিবাৰে ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰদান কৰা হয় এখনি স্মাৰকপত্ৰ ৷

Opposition Unity Forum sends memorandum demanding CAA withdrawal
কা বাতিলৰ দাবীত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ বিৰোধী ঐক্যমঞ্চৰ

কা বাতিলৰ দাবীত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ বিৰোধী ঐক্যমঞ্চৰ

গুৱাহাটী, ২৯ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বাতিল কৰা আৰু কা আইন অসমত‌ বলৱৎ কৰাৰ বিৰোধিতা কৰি বিৰোধী ঐক্য মঞ্চই বৃহস্পতিবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰে । বিৰোধী ঐক্য মঞ্চৰ হৈ বৃহস্পতিবাৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াক সাক্ষাৎ কৰে বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰা, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল‌ গগৈ, অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, আপৰ সভাপতি ভৱেন‌ চৌধুৰী, চি পি আই এমৰ নেতা ইছফাকুৰ ৰহমান আদিকে কৰি এটা প্ৰতিনিধি দলে ৷

স্মাৰকপত্ৰ প্ৰদানৰ অন্তত বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয় যে এই আইনখন জাতি ধ্বংসী আইন‌ আৰু অ-সাংবিধানিক । এই আইনখন বাতিল কৰাৰ দাবীত ৰাজ্যপালক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে । লগতে বিৰোধী ঐক্য মঞ্চই প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি প্ৰধানমন্ত্ৰীলৈ ৰাজ্যপালৰ জৰিয়তে আন এখন পত্ৰ প্ৰেৰণ কৰা কৰিছে ।

লগতে পঢ়ক : কা বলৱৎ কৰাক লৈ যোৰহাট আছু আৰু যুৱ অধিবক্তাৰ প্ৰতিক্ৰিয়া

ইফালে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন‌ বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘কা বাতিল কৰিব লাগে । এইখন এখন অসংবিধানিক আইন । কা বাতিল নকৰিলে অসমত গণ আন্দোলন গ্ৰহণ কৰিম । " তেওঁ জনায় বিৰোধী ঐক্য মঞ্চই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে ৰাজ্যপালৰ জৰিয়তে অনুমতি বিচাৰিছে ।

ইপিনে লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘কা আমি নামানো । সাম্প্ৰদায়িক লক্ষ্য হৈছে এই আইনৰ মূল‌কথা । বিজে‌পিয়ে এই আইনখনৰ জৰিয়তে ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে । এই‌ আইনখন অসম বিৰোধী’’ । তেওঁ আৰু কয়, ‘‘অসম বিদেশীৰ চৰণীয়া পথাৰ নহয় । কা বাতিল কৰিব লাগে । নহ’লে অসমত গণ আন্দোলন‌ হ’ব । এই ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিছো’’ ।

গগৈয়ে আৰু কয় যে ৰাইজৰ লগত বিশ্বাসঘাতকতা কৰা নেতাসকলক ইতিহাসে ক্ষমা কৰা নাই । বিশ্বাসঘাতকসকলক সময়ত ৰাইজে তাৰ উত্তৰ দিব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত কাৰ্যকৰী হ’ব নাগৰিক (সংশোধনী) আইন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.