কা বলবৎ কৰিলে প্ৰতিবাদত নামিব আছু : শংকৰজ্যোতি বৰুৱা - Citizenship Amendment Act

🎬 Watch Now: Feature Video

thumbnail
কা বলবৎ কৰিলে প্ৰতিবাদত নামিব আছু : শংকৰজ্যোতি বৰুৱা (undefined)

By ETV Bharat Assamese Team

Published : February 27, 2024 at 7:46 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়, 27 ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি পুনৰ নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহে 1 মাৰ্চৰ পৰা সমগ্ৰ দেশত কা বলবৎ হ'ব বুলি ঘোষণা কৰাৰ পিচতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ।

এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চৰকাৰে যদিহে কা বলবৎ কৰে, তেন্তে অসমৰ ৰাইজে কেতিয়াও হাত সাৱটি বহি নাথাকে । কা বলবৎ কৰিলে প্ৰতিবাদত নামিব সদৌ অসম ছাত্ৰ সন্থা ।

এটা গোচৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ পিচত কেনেকৈ চৰকাৰে আইনখন বলৱৎ কৰিবলৈ বিচাৰিছে তাক লৈ প্ৰশ্ন উত্থাপন কৰে আছুৰ সম্পাদকগৰাকীয়ে । সদৌ অসম ছাত্ৰ সন্থাই শীঘ্ৰে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত শুনানী গ্ৰহণ কৰিবলৈ আবেদন জনাব ।

এখন গণতান্ত্ৰিক দেশত আইন আদালতেই সৰ্বোচ্চ । গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ দেশৰ সৰ্ব্বোচ্চ ন্যায়ালৰ ওপৰত আস্থা আৰু বিশ্বাস আছে আৰু নিশ্চিতভাৱে অসমৰ ৰাইজৰ সপক্ষে উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিব বুলি কয় সম্পাদকগৰাকীয়ে ।

লগতে পঢ়ক : অসম-উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে CAA মনা নাই আৰু নামানে : সমুজ্জল কুমাৰ ভট্টাচাৰ্য

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details