কা বলবৎ কৰিলে প্ৰতিবাদত নামিব আছু : শংকৰজ্যোতি বৰুৱা

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 7:46 PM IST

thumbnail

ডিব্ৰুগড়, 27 ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি পুনৰ নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহে 1 মাৰ্চৰ পৰা সমগ্ৰ দেশত কা বলবৎ হ'ব বুলি ঘোষণা কৰাৰ পিচতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ।

এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চৰকাৰে যদিহে কা বলবৎ কৰে, তেন্তে অসমৰ ৰাইজে কেতিয়াও হাত সাৱটি বহি নাথাকে । কা বলবৎ কৰিলে প্ৰতিবাদত নামিব সদৌ অসম ছাত্ৰ সন্থা ।

এটা গোচৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ পিচত কেনেকৈ চৰকাৰে আইনখন বলৱৎ কৰিবলৈ বিচাৰিছে তাক লৈ প্ৰশ্ন উত্থাপন কৰে আছুৰ সম্পাদকগৰাকীয়ে । সদৌ অসম ছাত্ৰ সন্থাই শীঘ্ৰে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত শুনানী গ্ৰহণ কৰিবলৈ আবেদন জনাব ।

এখন গণতান্ত্ৰিক দেশত আইন আদালতেই সৰ্বোচ্চ । গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ দেশৰ সৰ্ব্বোচ্চ ন্যায়ালৰ ওপৰত আস্থা আৰু বিশ্বাস আছে আৰু নিশ্চিতভাৱে অসমৰ ৰাইজৰ সপক্ষে উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিব বুলি কয় সম্পাদকগৰাকীয়ে ।

লগতে পঢ়ক : অসম-উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে CAA মনা নাই আৰু নামানে : সমুজ্জল কুমাৰ ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.