ETV Bharat / state

কা বলৱৎ কৰাক লৈ যোৰহাট আছু আৰু যুৱ অধিবক্তাৰ প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 9:44 AM IST

Jorhat AASU on CAA issue : শীঘ্ৰে বলৱৎ হ’ব নাগৰিকত্ব সংশোধনী আইন ৷ এই সন্দৰ্ভত যোৰহাট আছু আৰু যুৱ অধিবক্তাৰ প্ৰতিক্ৰিয়া ৷

কা বলৱৎ কৰাক লৈ যোৰহাট আছু আৰু যুৱ অধিবক্তাৰ প্ৰতিক্ৰিয়া
কা বলৱৎ কৰাক লৈ যোৰহাট আছু আৰু যুৱ অধিবক্তাৰ প্ৰতিক্ৰিয়া

কা বলৱৎ কৰাক লৈ যোৰহাট আছু আৰু যুৱ অধিবক্তাৰ প্ৰতিক্ৰিয়া

যোৰহাট, 29 ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' শীঘ্ৰে সমগ্ৰ দেশজুৰি বলৱৎ কৰা হ'ব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ লগে লগে যুদ্ধংদেহী ৰূপত সাজু হৈছে অসম চৰকাৰ । সেয়ে আৰক্ষীৰ ছুটীও সাময়িকভাৱে বাতিল কৰা হৈছে ৷ লগতে থানাসমূহত প্ৰতিবাদ প্ৰতিৰোধ কৰিব পৰাকৈ সামগ্ৰী মজুত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে ৷

অসম চৰকাৰৰ এই নিৰ্দেশৰ পাচতে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ অসম চৰকাৰে অসমবাসী ৰাইজৰ ক্ষোভ আৰু অভিমানৰ বহিঃপ্ৰকাশ দেখিছে ৷ যাৰ বাবে আৰক্ষী প্ৰশাসক সষ্টম হ’বলৈ নিৰ্দেশ দিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যোৰহাট জিলা সমিতিৰ আছুৰ সাধাৰণ সম্পাদক অৰ্জুন মণি ভূঞাই ।

লগতে তেওঁ কয়, ‘‘কা-ৰ জৰিয়তে অসমীয়া জাতিৰ সত্তাটোক চিৰদিনৰ বাবে পংগু কৰি দিব বিচৰা হৈছে ৷ কা বিৰুদ্ধে অসমবাসী ৰাইজৰ সহযোগত ছাত্ৰ সন্থাই আন্দোলন কৰি আহিছে আৰু কৰি থাকিব । ইতিমধ্যে কা ওপৰত সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ চলি থকা পিচতো কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত কিয় গ্ৰহণ কৰিছে, সেয়া সহজে অনুমেয়’’ ৷

লগতে পঢ়ক : লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত কাৰ্যকৰী হ’ব নাগৰিক (সংশোধনী) আইন !

ষষ্ঠ অনুসূচী আৰু ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যৰ বাবে যদি কা বেয়া হয়, তেতিয়া হ’লে অসমৰ কাৰণে ই কিয় ভাল বুলিও প্ৰশ্ন কৰে যোৰহাট আছু সাধাৰণ সম্পাদক অৰ্জুন মণি ভূঞাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে, যুৱ অধিবক্তা ধ্ৰুৱ বৰুৱাই কয়, ‘‘কা যদি বলবৎ হয়, তেতিয়া হ’লে নিশ্চিতভাৱে অসমত আন্দোলনৰ এক পৰিৱেশ সৃষ্টি হ’ব । অসমীয়া ভাষা, কলা-সংস্কৃতিৰ প্ৰতি ভাবুকি থকা কা-খন অসমৰ ৰাইজৰ কথা চিন্তা কৰি অসমত প্ৰয়োজ্য কৰাৰ পৰা বিৰতি থকাটো উচিত । কা বলবৎ কৰা হ’ব বুলি কৰা ঘোষণা অতি দুৰ্ভাগ্যজনক ৷ কাৰণ কা বৰ্তমান উচ্চতম ন্যায়ালয়ৰ বিচৰাধীন হৈ আছে’’ ।

লগতে পঢ়ক : কা বলবৎ কৰিলে প্ৰতিবাদত নামিব আছু : শংকৰজ্যোতি বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.