ETV Bharat / bharat

লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত কাৰ্যকৰী হ’ব নাগৰিক (সংশোধনী) আইন !

author img

By ANI

Published : Feb 28, 2024, 7:54 AM IST

Updated : Feb 28, 2024, 10:10 AM IST

CAA to be implemented: লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) আইনৰ আচৰণ বিধি প্ৰকাশৰ সম্ভাৱনা । CAA ৰ জৰিয়তে 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা ভাৰতত উপস্থিত হোৱা নিৰ্যাতিত অমুছলমান প্ৰব্ৰজনকাৰী - হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী, খ্ৰীষ্টান আদিক নথি-পত্ৰ নোহোৱাকৈয়ে প্ৰদান কৰা হ’ব ভাৰতীয় নাগৰিকত্ব । এই বিতৰ্কিত আইনখনক বিভিন্ন ৰাজনৈতিক দলে বিৰোধিতা জনাই আহিছে ৷

MHA to notify CAA rules before enforcement of model code of conduct
MHA to notify CAA rules before enforcement of model code of conduct

নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী: মাৰ্চ মাহৰ ভিতৰত কাৰ্যকৰী হোৱাৰ সম্ভাৱনা বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) আইন ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় আদৰ্শ আচৰণ বিধি বলবৎ কৰাৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) আইনৰ নিয়মসমূহ প্ৰকাশ কৰাৰ সম্ভাৱনা আছে । নিয়মৰ অধিসূচনা জাৰি হোৱাৰ পিছত অহা মাহৰ ভিতৰতে এই আইনখন কাৰ্যকৰী হ’ব পাৰে বুলি চৰ্চা চলিছে ৷ কাৰণ সমাগত হৈ পৰিছে দেশৰ সাধাৰণ নিৰ্বাচন ।

নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰৱৰ্তন কৰা CAA নিয়মৰ লক্ষ্য হৈছে 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা ভাৰতত উপস্থিত হোৱা নিৰ্যাতিত অমুছলমান প্ৰব্ৰজনকাৰী - হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী, খ্ৰীষ্টান আদিক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা ।

2019 চনৰ ডিচেম্বৰ মাহত সংসদত CAA গৃহীত হোৱাৰ পিছত আৰু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰাৰ পিছত দেশৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হয় । এক নিৰ্ভৰযোগ্য সূত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি মাৰ্চ মাহত এই আচৰণ বিধি কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে । গৃহ মন্ত্ৰণালয়ে অধিসূচনা জাৰি কৰাৰ লগে লগে CAA আইন কাৰ্যকৰী কৰিব পাৰি, যাৰ ফলত যোগ্য ব্যক্তিয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰিব বুলি বিষয়া এগৰাকীয়ে প্ৰকাশ কৰে ।

চাৰি বছৰতকৈও অধিক সময় পলম হৈ থকা CAA ৰূপায়ণৰ বাবে ইয়াৰ লগত জড়িত নিয়ম প্ৰণয়ন কৰাটো প্ৰয়োজনীয় বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে কয়, "নিয়ম প্ৰস্তুত কৰা হৈছে, আৰু সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে ইতিমধ্যে এটা অনলাইন পৰ্টেল স্থাপন কৰা হৈছে, যিটো ডিজিটেল পদ্ধতিৰে পৰিচালিত হ'ব । আবেদনকাৰীয়ে কোনো ভ্ৰমণ নথি-পত্ৰ নোহোৱাকৈ ভাৰতত প্ৰৱেশৰ বছৰটো উল্লেখ কৰিব লাগিব । আবেদনকাৰীসকলৰ কোনো ধৰণৰ অতিৰিক্ত নথি-পত্ৰৰ প্ৰয়োজন নহ'ব ।"

27 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দৃঢ়তাৰে কা’ বলৱৎ কৰা হ’ব বুলি ঘোষণা কৰিছিল । কলকাতাত অনুষ্ঠিত দলীয় বৈঠকত ভাষণ দি শ্বাহে এই কথাত গুৰুত্ব আৰোপ কৰে যে বিজেপি দল CAA কাৰ্যকৰী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ৷ মমতা বেনাৰ্জী নেতৃত্বাধীন টিএমচিয়ে CAAৰ বিৰোধিতা কৰি আহিছে।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ কৰা প্ৰয়োজন যে, পশ্চিমবংগত পূৰ্বৰ লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সময়ত বিতৰ্কিত CAA কাৰ্যকৰী কৰাৰ আশ্বাস বিজেপিৰ বাবে এক উল্লেখযোগ্য নিৰ্বাচনী এজেণ্ডা আছিল । বিজেপি দলৰ নেতাসকলে CAA আইনক বিজেপিৰ আৰোহণত অৰিহণা যোগোৱা এক বিশ্বাসযোগ্য কাৰক হিচাপে গণ্য কৰি আহিছে ।

2024 চনৰ লোকসভা নিৰ্বাচনত এপ্ৰিল মাহৰ পৰা মে’ মাহ পৰ্যন্ত ভোটদান চলিব বুলি আশা কৰা হৈছে । মাৰ্চ মাহৰ মাজভাগৰ আশে-পাশে এই ভোটগ্ৰহণৰ সময়সূচী প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে যদিও আনুষ্ঠানিক ঘোষণা এতিয়াও কৰা হোৱা নাই ।

2019 চনৰ 10 মাৰ্চত লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছিল আৰু 11 এপ্ৰিলৰ পৰা 19 মে’লৈ সাতটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল । 23 মে’ত ভোট গণনা কৰা হৈছিল ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ'ব নাগৰিকত্ব সংশোধনী আইন: অমিত শ্বাহ

Last Updated : Feb 28, 2024, 10:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.