লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ'ব নাগৰিকত্ব সংশোধনী আইন: অমিত শ্বাহ
CAA to be implemented: সমাগত লোকসভা নিৰ্বাচন । তাৰ পূৰ্বে দেশত কাৰ্যকৰী হ'ব বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন । স্পষ্ট কৰি দিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ।

By ANI
Published : February 10, 2024 at 2:37 PM IST
নেশ্যনেল ডেস্ক,১০ ফেব্ৰুৱাৰী : ২০১৯ চনৰ ডিচেম্বৰত সংসদৰ দ্বাৰা গৃহীত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ । মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা মতে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এই সন্দৰ্ভত জাননী জাৰি কৰা হ'ব আৰু কাৰ্যকৰী কৰা হ'ব । তেওঁৰ মতে কা' হৈছে দেশৰ এক আইন আৰু এই সন্দৰ্ভত নিশ্চিতভাৱে জাননী দিয়া হ'ব । মন্ত্ৰীগৰাকীৰ মতে নিৰ্বাচনৰ পূৰ্বে জাননীৰ লগতে ইয়াক কাৰ্যকৰী কৰাও হ'ব । অমিত শ্বাহৰ মতে ইয়াক লৈ কোনো বিভ্ৰান্তি হোৱা উচিত নহয় । ইটি নাও-গ্লোবেল বিজনেছ সন্মিলনত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ।
শ্বাহে লগতে কয় যে কা' কংগ্ৰেছ চৰকাৰৰ প্ৰতিশ্ৰুতি আছিল । যেতিয়া দেশখন বিভক্ত হৈছিল আৰু সেই দেশবোৰত সংখ্যালঘুসকলক অত্যাচাৰ কৰা হৈছিল, কংগ্ৰেছে শৰণাৰ্থীসকলক আশ্বাস দিছিল যে তেওঁলোকক ভাৰতত আদৰণি জনোৱা হৈছে আৰু তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব । এতিয়া সেই কংগ্ৰেছে বিষয়টোক লৈ সমালোচনা কৰিছে বুলিও শ্বাহে বিৰোধীক কটাক্ষ কৰে ।
তেওঁ স্পষ্টভাৱে কয় যে নাগৰিকত্ব প্ৰদান কৰিবলৈ আৰু কাৰো নাগৰিকত্ব কাঢ়ি নিবলৈ এই আইন অনা হোৱা নাই । তেওঁৰ মতে দেশত সংখ্যালঘুসকলক আৰু বিশেষকৈ মুছলমান সম্প্ৰদায়ক প্ৰৰোচিত কৰা হৈছে । অমিত শ্বাহে স্পষ্ট কৰি দিয়ে যে এই আইনে কাৰো নাগৰিকত্ব কাঢ়ি নিব নোৱাৰে কিয়নো আইনখনত তেনে কোনো ব্যৱস্থা নাই । বাংলাদেশ আৰু পাকিস্তানত নিৰ্যাতিত হোৱা শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰাৰ বাবে কা' হৈছে এক পদক্ষেপ ।
নৰেন্দ্ৰ মোদী চৰকাৰে প্ৰৱৰ্তন কৰা কা'ৰ উদ্দেশ্য হৈছে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা প্ৰব্ৰজন কৰা আৰু ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানসহ নিৰ্যাতিত অ-মুছলমান প্ৰব্ৰজনকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা ।
উল্লেখ্য যে ২০১৯ চনৰ ডিচেম্বৰত সংসদৰ দ্বাৰা কা' গৃহীত হোৱা আৰু ইয়াৰ পৰৱৰ্তী পিচত ৰাষ্ট্ৰপতিৰ সন্মতিৰ পিচত দেশৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ প্ৰতিবাদৰ সূত্ৰপাত হৈছিল ।
আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কে অমিত শ্বাহে কয় যে উন্নয়নৰ বিৰুদ্ধে দুৰ্নীতিৰ বাবে এই নিৰ্বাচন । তেওঁৰ মতে এই নিৰ্বাচন ইণ্ডিয়া বনাম এনডিএৰ নহয় । এই নিৰ্বাচন দুৰ্নীতিৰ বিৰুদ্ধে দুৰ্নীতিপূৰ্ণ শাসন বনাম শূন্য সহনশীলতা সম্পৰ্কীয় বুলি তেওঁ দাবী কৰে ।
লগতে পঢ়ক :নিৰ্বাচনৰ পূৰ্বে মহিলা ভোটাৰক আকৰ্ষিত কৰিবলৈ ৰাজ্য চৰকাৰৰ এটাৰ পিচত আন এটা চমক

