ETV Bharat / politics

নিৰ্বাচনৰ পূৰ্বে মহিলা ভোটাৰক আকৰ্ষিত কৰিবলৈ ৰাজ্য চৰকাৰৰ এটাৰ পিচত আন এটা চমক

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 2:01 PM IST

Loksbha election 2024: মহিলা ভোটাৰক আকৰ্ষিত কৰাৰ লক্ষ্যৰে বিজেপি চৰকাৰে গ্ৰহণ আৰু ৰূপায়ন কৰিছে বহু নাৰীকেন্দ্ৰিক আঁচনি । অৰুণোদয়, লাখপতি বাইদেউ, ৰেছন কাৰ্ড, ঋণ ৰেহাইকে ধৰি গ্ৰহণ কৰিছে বহু অভিলাষী আঁচনি । মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধিৰ লগে লগে নিৰ্বাচনত গুৰুত্ব বৃদ্ধি পাইছে মহিলাৰ । শেহতীয়া ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,43,01,960 গৰাকী । ইয়াৰ ভিতৰত 1,21,79,458 জন পুৰুষ ভোটাৰ আৰু 1,21,22,602 গৰাকী মহিলা ভোটাৰ । পুৰুষৰ প্ৰায় সমানে হৈছে মহিলা ভোটাৰৰ সংখ্যা।

with many more schemes BJP targets women in Lok Sabha elections in assam
বিজেপিৰ টাৰ্গেট মহিলা ভোটাৰ

গুৱাহাটী, 10 ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতি ক্ৰমাৎ গৰম হৈ পৰিছে । বিৰোধী শক্তিৰ বিপৰীতে শাসকীয় দল বিজেপিয়ে নিৰ্বাচনৰ বাবে ইতিমধ্যে টঙালি বান্ধি ৰণত নামি পৰিছে । লক্ষণীয় বিষয় যে, শাসকীয় দল বিজেপিয়ে এইবাৰ ৰাজ্যৰ মহিলা ভোটাৰসকলক বিশেষভাৱে লক্ষ্য কৰি লৈছে ।

নিৰ্বাচনত মহিলাসকলৰ ভোট আদায় কৰাৰ লক্ষ্যৰে বিজেপি চৰকাৰে বহু আঁচনি ৰূপায়ণ কৰাৰ লগতে বহু আঁচনি গ্ৰহণ কৰিছে । উল্লেখনীয় বিষয় যে ৰাজ্যত মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে । যাৰ পৰিপ্ৰেক্ষিতত মহিলাসকলক আকৰ্ষণ কৰা আৰু উপকৃত হ'ব পৰা নাৰীকেন্দ্ৰিক চৰকাৰী আঁচনিও বাঢ়িছে । লোকসভা নিৰ্বাচনৰ পূৰ্বে মহিলাসকলক লক্ষ্য কৰিয়েই এখনৰ পাছত আন এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।

পুৰুষ বা মহিলা উভয়ে উপকৃত হ'ব পৰা আঁচনিৰ বিপৰীতে মহিলাসকলক আকৰ্ষিত কৰিব পৰা চমক সৃষ্টিত বিশেষ গুৰুত্ব দিছে বিজেপি চৰকাৰে । ৰাজ্যত মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে নিৰ্বাচনত মহিলাৰ গুৰুত্ব বৃদ্ধি হৈছে । সেয়েহে অংগনৱাড়ী কর্মী-সহায়িকাৰ এককালীন সাহায্যৰ পৰা আৰম্ভ কৰি অৰুণোদয়, লাখপতি বাইদেউলৈ বুলি ৰূপায়ণ কৰিবলৈ লোৱা আঁচনিসমূহৰ দ্বাৰা লোকসভা নিৰ্বাচনত মহিলাসকলৰ পৰা সমৰ্থন আদায় কৰাৰ চেষ্টা চলাইছে ৰাজ্য চৰকাৰে ।

উল্লেখ্য যে, সমষ্টি পুনৰ গঠনৰ পাছত নতুনকৈ প্ৰস্তুত কৰা ভোটাৰ তালিকাত ৰাজ্যৰ 126 টা সমষ্টিৰ ভিতৰত অৰ্ধশতাধিক সমষ্টিত পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্যা বেছি বুলি নিৰ্বাচন আয়োগৰ তথ্যত প্রকাশ হৈছে । ৰেছন কাৰ্ড থকা পৰিয়ালসমূহলৈ আয়ুষ্মান অসম কাৰ্ডৰ দ্বাৰা বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাই নহয় ৰাজ্য চৰকাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰে প্ৰতি 300 টকা ৰাজসাহায্য দিয়া অৰ্থাৎ ৰেহাই দি গৃহিণীসকলক সকাহ দিয়াৰ এক অভিলাষী আঁচনি ৰূপায়ণ কৰাৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

অবিবাহিত, বিধৱা, নিম্ন উপাৰ্জন থকা পৰিয়ালৰ মহিলাসকলক প্রতিমাহে 1250 টকা আদায় দিয়া আকর্ষণীয় অৰুণোদয় আঁচনিৰ পাছত মহিলাসকলৰ উদ্যমিতা বিকাশৰ বাবে লাখপতি বাইদেউ নামৰ আঁচনি এখনো আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে । এই আঁচনিৰ অধীনত আত্মসহায়ক গোটত থকা 39 লাখ মহিলাক 10 হাজাৰকৈ টকাৰ সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে । 10 হাজাৰ টকাৰে উপাৰ্জনৰ পথ উলিওৱা মহিলাসকলক পৰৱৰ্তী বছৰত ৰাজ্য চৰকাৰ আৰু বেংকে 25 হাজাৰকৈ টকা আগবঢ়াব ।

বছৰি ৪ লাখ টকা উপাৰ্জন কৰা পৰিয়ালকো ৰেছন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল, বিনামূলীয়া চিকিৎসাৰ সুবিধা দিয়াৰ ব্যৱস্থা কৰাৰ লগে লগে অংগনৱাড়ী কর্মী-সহায়িকাসকলকো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে । যাৰ ফলত 1.21 লাখ মহিলা উপকৃত হ’ব । অংগনৱাড়ী কর্মী-সহায়িকাসকলক অৱসৰকালীন সুবিধা হিচাপে দুই লাখ টকাৰ পৰা চাৰি লাখ টকা পর্যন্ত এককালীন সাহায্য আগবঢ়াই আছে ৰাজ্য চৰকাৰে । পুৰুষ ভোটাৰসকলতকৈ মহিলাসকলক অধিক বিশ্বাসত লৈ এখনৰ পাছত আন এখন অভিলাষী আঁচনি ৰূপায়ণ আৰু ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ।

উল্লেখযোগ্য যে, ক'ভিডৰ সময়ত ঋণ ঘূৰাই দিব নোৱৰা প্ৰায় 20 লাখ মহিলাৰ অনাদায় ঋণ বেংক তথা বিত্তীয় প্রতিষ্ঠানক আদায় দিয়াৰ বাবদ ৰাজ্য চৰকাৰে ইতিমধ্যে 2 হাজাৰ কোটি টকা ব্যয় কৰিছে । কেৱল সেয়াই নহয় নতুনকৈ ভোটাধিকাৰ পোৱা অৰ্থাৎ উচ্চতৰ মাধ্যমিকত প্রথম বিভাগত উত্তীর্ণ হোৱা 35,770 গৰাকী ছাত্ৰীক ৰাজ্য চৰকাৰে স্কুটী প্ৰদান কৰিছে । ভোটাৰ তালিকাত মহিলা ভোটাৰৰ সংখ্যা বাঢ়িছে আৰু মহিলাসকলে প্ৰাৰ্থীৰ জয়-পৰাজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।

উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত শেহতীয়াকৈ প্ৰকাশ পোৱা নতুন ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,43,01,960 গৰাকী । ইয়াৰ ভিতৰত 1,21,7,458 জন পুৰুষ ভোটাৰ আৰু 1,21,22,602 গৰাকী মহিলা ভোটাৰ । অৰ্থাৎ পুৰুষৰ প্ৰায় সমান হৈছে মহিলা ভোটাৰৰ সংখ্যা । আনহাতে পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে মহিলা ভোটাৰৰ সংখ্যা । তেনেস্থলত মহিলাসকলক আকৰ্ষিত কৰাৰ বাবে নাৰীকেন্দ্ৰিক আঁচনি ৰূপায়ণত বিজেপি চৰকাৰখনে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: অসমৰ পাঁচটা সমষ্টিত নিৰ্বাচন খেলাৰ ইচ্ছা অগপৰ; গুণীন দাসৰো মন নিৰ্বাচন খেলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.