ETV Bharat / state

অসমৰ পাঁচটা সমষ্টিত নিৰ্বাচন খেলাৰ ইচ্ছা অগপৰ; গুণীন দাসৰো মন নিৰ্বাচন খেলাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 5:02 PM IST

AGP Mahila Samaroh
Lok Sabha Polls 2024

AGP Mahila Samaroh: বৰপেটাত অগপৰ মহিলা সমাৰোহ ৷ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই আয়োজন অগপৰ ৷ পাঁচটা সমষ্টিত খেলাৰ কথা প্ৰকাশ কৰিছে অগপ নেতা ভূপেন ৰায়ে ৷

অসমৰ পাঁচটা সমষ্টিত নিৰ্বাচন খেলাৰ ইচ্ছা অগপৰ

বৰপেটা, ৬ ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনক লৈ তৎপৰ হোৱা দেখা গৈছে অসম গণ পৰিষদক । আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বৰপেটাত অসম গণ পৰিষদে আয়োজন কৰিছে মহিলা সমাৰোহ । লোকসভা নিৰ্বাচনত মহিলাসকলৰ শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যেই এই মহিলা সমাৰোহ আয়োজন কৰা বুলি জনাইছে অগপ নেতৃত্বই ।

বৰপেটা লোকসভা সমষ্টিত অসম গণ পৰিষদে টিকট পোৱাটো এশ শতাংশই নিশ্চিত বুলি মন্তব্য কৰে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভূপেন ৰায়ে । তাৰ পৰিপ্ৰেক্ষিততেই অসম গণ পৰিষদে এই সমাৰোহ আয়োজন কৰাৰ কথা প্ৰকাশ কৰিছে নেতাগৰাকীয়ে ৷ তেওঁ কয় যে যদিও বিজেপিয়ে বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব দাবী কৰি আহিছে, তৎসত্বেও মিত্ৰযোঁটৰ অংশ হিচাপে অগপই বৰপেটা লোকসভা সমষ্টিটোত টিকট পোৱাতো এক প্ৰকাৰৰ নিশ্চিত ।

বৰপেটা লোকসভা সমষ্টিত এতিয়ালৈকে তিনিগৰাকী সম্ভাব্য প্ৰাৰ্থীৰ নাম উল্লেখ কৰে ভূপেন ৰায়ে । তেওঁ সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে লোকসভা নিৰ্বাচনত 5 টা সমষ্টি অগপই বিচাৰিব ।

ইপিনে বৰপেটা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসেও এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ মন মেলিছে ৷ প্ৰাক্তন বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দি কয় যে দলে প্ৰক্ষেপ কৰিলে নিৰ্বাচন খেলাত তেওঁৰ কোনো আপত্তি নাই । তেওঁ ইয়াকো কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত বৰপেটা লোকসভা সমষ্টিত অগপই জয়লাভ কৰাটো সহজ হৈ পৰিছে ।

বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰপেটা বিধানসভা সমষ্টিত মহিলাসকলক একগোট কৰি লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰে অগপই । বৰপেটা বিধান সভা সমষ্টি ভিত্তিত অনুষ্ঠিত অগপৰ মহিলা সমাৰোহত জ্যেষ্ঠ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰী, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, ভূপেন ৰায়, গুণীন্দ্ৰ নাথ দাস, ডাঃ তাৰাপ্ৰসাদ দাসৰ লগতে অসম গণ পৰিষদৰ ভগ্নী সংগঠনৰ বহু কেইগৰাকী নেতা উপস্থিত থাকে ।

লগতে পঢ়ক: কংগ্ৰেছ দলৰ সমালোচনাত মুখৰ ন-বিজেপি বিস্মিতা গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.