ETV Bharat / politics

কংগ্ৰেছ দলৰ সমালোচনাত মুখৰ ন-বিজেপি বিস্মিতা গগৈ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 7:54 PM IST

Updated : Feb 5, 2024, 10:19 PM IST

Ex Minister Bismita Gogoi : গোলাঘাটৰ স্বগৃহত উপস্থিত প্ৰাক্তন মন্ত্ৰী তথা ন-বিজেপি বিস্মিতা গগৈ ৷ উপস্থিত হৈ কংগ্ৰেছ দলৰ সমালোচনাত মুখৰ হৈ পৰে প্ৰাক্তন মন্ত্ৰীগৰাকী ৷

Ex Minister Bismita Gogoi
কংগ্ৰেছ দলৰ সমালোচনাত মুখৰ বিস্মিতা গগৈ
গোলাঘাটৰ স্বগৃহত উপস্থিত বিস্মিতা গগৈ

গোলাঘাট, 5 ফেব্ৰুৱাৰী : বিজেপিত যোগদান কৰাৰ পিচত গোলাঘাটৰ স্বগৃহত উপস্থিত প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈ ৷ শহুৰ দেউতাকৰ সমাধিত সেৱা জনাই নতুন ৰাজনৈতিক পৰিক্ৰমা আৰম্ভ কৰাৰ বাবে আৰ্শীবাদ লয় বিজেপি নেত্ৰীগৰাকীয়ে ৷ এই সময়ত প্ৰাক্তন মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে খুমটাই সমষ্টিৰ বহু কংগ্ৰেছ নেতা-কৰ্মীৰ লগতে শতাধিক লোক ৷

ইয়াৰ পিচতেই অনুষ্ঠিত হোৱা এক সভাত কংগ্ৰেছ দলৰ সমালোচনাত মুখৰ হৈ পৰে বিস্মিতা গগৈ ৷ সভাত তেওঁ কংগ্ৰেছ দলক চোকা সমালোচনা কৰাৰ লগতে কি কাৰণে তেওঁ দলটো ত্যাগ কৰি বিজেপিত যোগদান কৰে সেই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে ৷ ভাষণ প্ৰসংগত বিজেপি নেত্ৰীগৰাকীয়ে কয় যে, এখন ফটোৱেই কাল হ’ল তেওঁৰ ৷ ড৹ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিচত শুভেচ্ছা জনাই একেলগে এখন ফটো উঠিছিল তেতিয়াৰ কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈয়ে ৷ সেই ফটোখন উঠিয়েই একপ্ৰকাৰ কংগ্ৰেছৰ সৈতে দূৰত্ব বাঢ়িছিল বুলি প্ৰকাশ কৰে বিজেপি নেত্ৰীগৰাকীয়ে ৷ বিজেপিত যোগদান কৰি সুখী বুলি মন্তব্য কৰি নেত্ৰীগৰাকীয়ে ফটোখনৰ বাবে সেইসময়ত দুখ অনুভৱ কৰিছিল যদিও আজি তেওঁক গোৰ মাৰি গংগাত পেলোৱা বুলি উল্লেখ কৰে ৷

ইফালে আজি গোলাঘাটৰ স্ব-গৃহত উপস্থিত হৈ একপ্ৰকাৰ আৱেগিক হৈ পৰে প্ৰাক্তন মন্ত্ৰী তথা ন-বিজেপি বিস্মিতা গগৈ ৷ বিজেপিত যোগদানৰ পিচত গোলাঘাটৰ নিজ বাসগৃহত উপস্থিত হোৱা প্ৰাক্তন মন্ত্ৰীগৰাকীক অসংখ্য শুভাকাংক্ষীয়ে শুভেচ্ছা জনোৱা পৰিলক্ষিত হ’ল ৷ আনহাতে বৰ্তমান একপ্ৰকাৰ কংগ্ৰেছ নেতৃত্বশূণ্য হৈ পৰা খুমটাই সমষ্টিৰ কংগ্ৰেছ দলৰ বহু সংখ্যক লোকে শীঘ্ৰেই বিজেপি দলত যোগদান কৰিব বুলি উল্লেখ কৰে দলটোৰ একাংশ নেতা-কৰ্মীয়ে ৷

ইয়াৰ উপৰিও আজি গোলাঘাট জিলা কংগ্ৰেছৰ বহু সংখ্যক বিষয়ববীয়া আৰু কৰ্মীয়ে ন-বিজেপি বিস্মিতা গগৈৰ সন্মুখত কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰা বুলি দলটোৰ জিলা সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

লগতে পঢ়ক : দল বাগৰি বাগৰি এইবাৰ অৱশেষত বিজেপিত ফুলিলগৈ কমল

Last Updated : Feb 5, 2024, 10:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.