ETV Bharat / politics

দল বাগৰি বাগৰি এইবাৰ অৱশেষত বিজেপিত ফুলিলগৈ কমল

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 4:55 PM IST

Kamal Medhi joins BJP: সোমবাৰে বিজেপিত যোগ দিলে কমল কুমাৰ মেধিয়ে ৷ একালত অখিল গগৈৰ সৈতে আন্দোলন কৰি ৰাজপথ কঁপোৱা, চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়া কমল মেধিও অৱশেষত অংশ হ’ল গেৰুৱা শিবিৰৰ ৷

Kamal Medhi joins BJP
Kamal Kumar Medhi
বিজেপিত যোগ দিলে কমল কুমাৰ মেধিয়ে

গুৱাহাটী, 5 ফেব্ৰুৱাৰী: প্ৰথম চিনাকী কবি, সাংবাদিক ৷ তাৰ পিচৰ পৰ্যায়ত কটনত ছাত্ৰ ৰাজনীতি, তাৰ পিচত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জৰিয়তে অখিল গগৈৰ লগ লাগি দীঘলীয়া সংগ্ৰাম ৷ আধাতেই সেই সংগ্ৰাম এৰি তেওঁ পালেগৈ কংগ্ৰেছৰ ওচৰ ৷ কিছুদিন কংগ্ৰেছ কৰি আমুৱালে তেওঁক, বাদ দিলে কংগ্ৰেছ ৷ ইফালে অখিল গগৈয়েও ৰাইজৰ দল গঠন কৰিলে ৷ কিবা প্ৰকাৰে তেওঁ আহি পালেহি ৰাইজৰ দল ৷ আকৌ লগ লাগিল অখিল গগৈৰ ৷

সেয়া পিচে বেছি দিনৰ বাবে নহয়, তেওঁ এইবাৰ ঝাড়ু ধৰিবলৈ পালেগৈ আম আদমী পাৰ্টী ৷ তাতো মন নবহিল, বাদ দিলে ৷ কিছুদিন গোপনে জল্পনা-কল্পনা কৰি তেওঁ চিধাই আহি এইবাৰ বিজেপিত যোগ দিলে ৷ এই ‘তেওঁ’ জন হৈছে কমল কুমাৰ মেধি ৷ ডলা এখনত বগৰী এটা ৰাখিলেও হয়তো ইমান নাবাগৰে, যিমান তেওঁ নিজৰ ৰাজনৈতিক কেৰিয়াৰত দল বাগৰিছে ৷

সোমবাৰে মাহেন্দ্ৰ ক্ষণ চাই-মেলি গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিলে কমল কুমাৰ মেধিয়ে ৷ প্ৰথমে বিজেপিৰ আৰাধ্য দীনদয়াল উপাধ্যায়, শ্যামা প্ৰসাদ মুখাৰ্জীৰ ফটোত পুষ্পাঞ্জলি অৰ্পন কৰাৰ অন্তত গলত বিজেপিৰ মাৰ্ফলাৰ আৰু মূৰত গেৰুৱা টুপী পিন্ধি কমল মেধি লীন গ’ল বিজেপিত ৷

উক্ত অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অসম বিজেপিৰ প্ৰভাৰী ৰবীন্দ্ৰ ৰাজু, কমল মেধিৰ দৰেই কংগ্ৰেছ এৰি বিজেপিলৈ আহি মন্ত্ৰী হোৱা জয়ন্ত মল্ল বৰুৱাৰ লগতে গেৰুৱা দলটোৰ কেইবাগৰাকীও নেতা-সদস্য ৷

সৌ সিদিনালৈকে বিজেপিক কুকুৰে কাঁইট নোখোৱাকৈ গালি পৰা কমল মেধি এতিয়া বিজেপিৰেই সদস্য হৈ পৰিল ৷ বিজেপিত ভৰি দিয়েই কমল মেধিৰ মুখত আখৈ ফুটা দি ফুটিল গেৰুৱা দলটোৰ গুণ-গান ৷ তেওঁ এতিয়া বিজেপিতেই দেখিছে দেশৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ শক্তি ৷

তেওঁ ভাষণ প্ৰসংগত ক’লে যে কোনো উচ্চাকাংক্ষা লৈ বিজেপিলৈ তেওঁ অহা নাই ৷ অসমীয়াৰ সুৰক্ষাৰ কথা ভাবি তথা দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবৰ বাবেহে বিজেপিলৈ আহিছে তেওঁ ৷ মেধিয়ে লগতে কয় যে তেওঁৰ গাঁৱৰ ঘৰত কাম কৰা মানুহগৰাকী হ’ল নেতাগৰাকীৰ বিজেপি গমনৰ অনুপ্ৰেৰণা ৷ অসমৰ আটাইতকৈ দুখীয়া মানুহগৰাকীৰো উন্নয়ন বিজেপিয়েই সাধন কৰিছে বুলি স্বীকাৰ কৰে মেধিয়ে ৷

তেওঁ লগতে কয় যে বিজেপিত তেওঁক বহুত ডাঙৰ কাম দিব নালাগে, সৰু সৰু কামৰ মাজেৰেই তেওঁৰ নিজৰ যোগ্যতা আৰু সততা প্ৰমাণ কৰিব খোজে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক নক্ষত্ৰৰ সৈতে তুলনা কৰি নিজকে জোনাকী পৰুৱা মাত্ৰ বুলি কয় কমল মেধিয়ে ৷ বিজেপিত যোগদানক লৈ কোনোবাই সমালোচনা কৰিলেও কোনো আপত্তি নাই বুলি মন্তব্য কৰে তেওঁ ৷ কমল মেধিৰ লগতে আন কেইবাগৰাকীয়েও যোগ দিয়ে বিজেপিত ৷

লগতে পঢ়ক: এ আই ইউ ডি এফ নেতা-কৰ্মীৰ ভৰিৰ তলত অসমীয়াৰ গামোচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.