ETV Bharat / state

গুৱাহাটীত পুনৰ ‘কা’ৰ বিৰুদ্ধে ৰণহুংকাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 5:29 PM IST

Anti CAA Protest: নিৰ্বাচনৰ পূৰ্বে ‘কা’ৰ বিৰুদ্ধে পুনৰ ওলাই আহিল ৰাজ্যৰ বুদ্ধিজীৱী, ৰাজনীতিকৰ লগতে দল-সংগঠনৰ নেতা-কৰ্মী ৷ আইনখনক জাতিধ্বংসী আখ্যা দি পুনৰ আন্দোলন আৰম্ভ কৰাৰ বাবে ওলাই আহিল বহুলোক । এয়া জীৱন-মৰণৰ‌‌ সংগ্ৰাম বুলি মন্তব্য ‘কা’বিৰোধী নেতাসকলৰ ৷

Anti CAA Protest in Guwahati
নাগৰিকত্ব সংশোধনী আইন

গুৱাহাটীত পুনৰ ‘কা’ৰ বিৰুদ্ধে ৰণ হুংকাৰ

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত অসমত পুনৰ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ আন্দোলন ৷ কা বিৰোধী সমন্বয় সমিতি, অসমৰ উদ্যোগত গুৱাহাটীৰ লক্ষীধৰ বৰা‌ ক্ষেত্ৰত শনিবাৰে ‘কা’ৰ বিৰুদ্ধে হুংকাৰ দি গণ সমাৱেশ অনুষ্ঠিত কৰা হয় ।

উক্ত কাৰ্যসূচীত বিৰোধী দল কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চি পি আই (এম)কে ধৰি বাওঁপন্থী দলসমূহৰ নেতৃত্ব আৰু কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে । ‘কা’ আন্দোলনৰ সন্দৰ্ভত বিশিষ্ট চিন্তাবিদ তথা কা বিৰোধী সমন্বয় সমিতিৰ সভাপতি ড৹ হীৰেন গোহাঁয়ে কয় যে চৰকাৰৰ প্ৰতি ক্ষুব্ধ হৈ অগণন মানুহ ৰাজপথলৈ ওলাই আহিছিল ‘কা’ৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ ।

বিশিষ্ট বুদ্ধীজীৱীগৰাকীয়ে কয় যে ‘কা’ৰ বিৰুদ্ধে জনজাগৰণ হৈছিল স্বতঃস্ফূতভাৱে ৷ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিব বুলি কোৱাৰ অন্তৰালত বিজেপিৰ নিৰ্বাচনী অংক থকা বুলি মন্তব্য কৰে ড৹ গোহাঁয়ে ৷ তেওঁ কয় যে কা আইনে অসমৰ স্বকীয়তাত আঘাত হানিব ৷ লগতে তেওঁ কয় যে এতিয়া একাংশই কৈ আছে যে কা বিৰোধী আন্দোলন স্তিমিত হ'ল । কিন্তু আন্দোলন স্তিমিত হোৱা নাই । পুনৰ আৰম্ভ হৈছে ।

বিশিষ্ট বুদ্ধীজীৱীগৰাকীয়ে লগতে কয় যে বিজেপি দল ক্ষমতাত বলীয়ান হৈছে ৷ নাগৰিকত্ব সংশোধনী আইনে বিজেপিৰ চৰিত্ৰ উদঙাই দেখুৱাইছে ৷ অসমীয়াৰ জাতি, মাটি, ভেটিত বিজেপিয়ে আক্ৰমণ আৰম্ভ কৰিছে ৷ ‘কা’ই অসমৰ বৈচিত্য ধ্বংস কৰিব বুলি তেওঁ মন্তব্য কৰে ।

ইপিনে চি পি আই(এম)ৰ‌ বিধায়ক মনোৰঞ্জন‌ তালুকদাৰে কয় যে এই আইনখন অসাংবিধানিক, অগণতান্ত্ৰিক আৰু সাম্প্ৰদায়িক ৷‌ ইয়াৰ বিৰুদ্ধে আন্দোলন পুনৰ আৰম্ভ হৈছে ৷ গতিকে আন্দোলন অব্যাহত ৰাখিব লাগিব । আনহাতে সাংসদ অজিত কুমাৰ‌ ভূঞাই কয় যে এইখন ভয়ংকৰ আৰু সৰ্বনাশী আইন ৷ আন্দোলনৰ গতি কিছু স্থবিৰ হৈছিল । এয়া ৰাজনৈতিক নেতৃত্বৰ ব্যৰ্থতাৰ বাবে হৈছিল । এতিয়া অসমজুৰি এই আন্দোলন নিৰ্বাচনী প্ৰচাৰ হিচাপে কৰা প্ৰয়োজন ।

অসম তৃণমূল কংগ্ৰেছেৰ সভাপতি ৰিপুণ বৰাই কয় যে এয়া গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ আন্দোলন । এই‌ আইনখনে অসমীয়াক ভৱিষ্যতে বিপদাপন্ন কৰিব । ৰাইজৰ দলৰ‌ সভাপতি অখিল‌ গগৈয়ে কয় যে ‘কা’ৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিব ‌লাগিব । এয়া এতিয়া জীৱন-মৰণৰ‌‌ সংগ্ৰামলৈ ৰূপান্তৰিত হৈছে । ‘কা’ বিৰোধী আন্দোলন গাঁৱৰ মাজলৈ‌ নিব লাগিব বুলি মন্তব্য কৰে অখিল গগৈয়ে ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ'ব নাগৰিকত্ব সংশোধনী আইন: অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.