ETV Bharat / state

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ : দেৰগাঁৱত প্ৰায় ৬ শতাধিক লোকৰ ভোট বৰ্জন - Lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 3:44 PM IST

DERGAON PUBLIC TENSE ON ELECTION DAY
প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ : দেৰগাঁৱত প্ৰায় ৬ শতাধিক ৰাইজৰ ভোট বৰ্জন

Lok sabha election 2024 : অসমৰ ৫ টা লোকসভা সমষ্টিত ভোটগ্ৰহণৰ সময়তে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত দেৰগাঁও বিধানসভা সমষ্টিত প্ৰায় ৬ শতাধিক লোকে ভোট বৰ্জন কৰে ।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ : দেৰগাঁৱত প্ৰায় ৬ শতাধিক ৰাইজৰ ভোট বৰ্জন

গোলাঘাট, 19 এপ্ৰিল : আজি অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত আছে । ৰাজ্যৰ পাঁচটা সমষ্টি ক্ৰমে ডিব্ৰুগড়, কাজিৰঙা, যোৰহাট, শোণিতপুৰ আৰু লখিমপুৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈ আছে । নিৰ্বাচনৰ দিনটোতেই গোলাঘাট জিলাৰ দেৰগাঁৱৰ ভিতৰুৱা বৰকৰৈয়নীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত দেৰগাঁও বিধানসভা সমষ্টিৰ বৰকৰৈয়নী গাঁৱৰ প্ৰায় ৬ শতাধিক লোকে বৰ্জন কৰে নিৰ্বাচন ।

পথ নিৰ্মাণ নকৰাৰ বাবেই দেৰগাঁৱৰ কৰৈয়নিত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে ৷ কৰৈয়নিৰ পৰা দাধৰা সংযোগী পথটোৰ দুৰৱস্থাই বহুদিন ধৰি জ্বলা-ক'লা খুৱাই আহিছে ৰাইজক। পূৰ্বতে খুমটাই সমষ্টিৰ পথটো এতিয়া দেৰগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত। সমষ্টি সলনি হোৱাৰ পিচতো সলনি নহ'ল পথৰ অৱস্থা ।

ফলত গাঁৱৰ ৰাইজে পথৰ দুয়োপাৰে বাঁহ বান্ধি ভোট বৰ্জন কৰে ৷ গাঁওখনৰ প্ৰায় ৬ শতাধিক লোকে ভোট বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বৰকৰৈয়নী গাঁৱৰ মাজেদি যোৱা কৰৈয়নী দাধৰা সংযোগী পথটোৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ ৷

তাৰ পিচতে আজি গাঁওখনৰ পুৰুষ-মহিলা সকলোৱে উলাই আহি পথৰ ওপৰত কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰি কয় যে, গাঁওখনৰ লোকসকলক জনপ্ৰতিনিধিয়ে মাহীআইৰ দৃষ্টিৰে চোৱাৰ বাবে আজি পৰ্যন্ত পথটো নিৰ্মাণ কৰা নাই ৷ যদিহে পথটো নিৰ্মাণ নকৰে আগন্তুক বিধানসভা আৰু পঞ্চায়ত নিৰ্বাচনতো বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

গাঁৱৰ ৰাইজে স্থানীয় বিধায়ক মৃনাল শইকীয়াক বাৰম্বাৰে পথটোৰ কথা কৈছিল যদিও তেওঁ কোনো কাণসাৰ নকৰে বুলি দাবী উত্থাপন কৰে ৰাইজে ৷ আদি যদি পথ ভাল হ’লহেঁতেন ৰাইজে ভোট দিলে হয় ৷ আজিলৈ গাঁৱৰ লোকে চৰকাৰী আঁচনিও পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক: ডিব্ৰুগড় লোকসভা সমষ্টিৰ‌ চমু আভাষ, তিনিগৰাকী প্ৰাৰ্থীৰ হ’ব ভাগ্য নিৰ্ণয় - Lok sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.