ETV Bharat / state

জগদীশে গামোচাৰে মেৰিয়াই হত্যা কৰিছিল পত্নী-পুত্ৰক

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 3:58 PM IST

Nalbari Double Murder: কিয় পত্নী-পুত্ৰক হত্যা কৰিছিল জগদীশ হালৈয়ে ? তদন্ত প্ৰক্ৰিয়াত আৰক্ষীক কি ক'লে অভিযুক্ত জগদীশে । সংবাদমেল যোগে প্ৰকাশ নলবাৰী আৰক্ষী অপৰাধ অনুসন্ধান শাখাৰ অধীক্ষকে ।

Nalbari police press conference
ডাবল মাৰ্ডাৰ কাণ্ড সন্দৰ্ভত সংবাদমেল

ডাবল মাৰ্ডাৰ কাণ্ড সন্দৰ্ভত সংবাদমেল

নলবাৰী, ২৮ ফেব্ৰুৱাৰী: নলবাৰী জিলাৰ বৰসৰকুছিত পুত্ৰ দিব্য়াংগ হোৱা বাবেই জগদীশ হালৈয়ে হত্যা কৰিছিল পুত্ৰ আৰু পত্নীক । নলবাৰীৰ ডাবল মাৰ্ডাৰ ঘটনাই ৰাজ্য়জুৰি চাঞ্চল্য়ৰ সৃষ্টি কৰি থকাৰ সময়তেই এক সংবাদমেলত এই বিষয়ে সদৰী কৰিলে আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই । নলবাৰী আৰক্ষীয়ে ডাবল মাৰ্ডাৰকাণ্ডৰ মূল অভিযুক্ত জগদীশ হালৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পিচতেই পোহৰলৈ আহিবলৈ ধৰিছে এই হত্য়াকাণ্ডৰ আঁৰৰ ঘটনা । নলবাৰী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্তি আৰক্ষী অধীক্ষক আৰিফ আহমেদে আজি এই সন্দৰ্ভত কয় যে ধৃত জগদীশ হালৈয়ে গামোচাৰে মেৰিয়াই হত্যা কৰিছিল পত্নী কবিতা হালৈ আৰু পুত্ৰ হৃষিকেশ কাশ্যপক ।

পোন্ধৰ বছৰীয়া হৃষিকেশ কাশ্যপক লৈ মানসিক চাপত আছিল জগদীশ হালৈ । উল্লেখ্য যে পুত্ৰ হৃষিকেশ কাশ্যপ আছিল শাৰীৰিক প্ৰতিৱন্ধী । যোৱা ১৮ ফেব্ৰুৱাৰীৰ গধুলি পত্নীৰ সৈতে পুত্ৰ হৃষিকেশৰ জন্মদিন পালন কৰিছিল জগদীশ হালৈয়ে । সিদিনাই নিশা পত্নী-পুত্ৰক হত্যা কৰি মৃতদেহৰ সৈতে নিশা কটাইছিল জগদীশে । পিছদিনা পুৱাই পলায়ন কৰি জগদীশে বাহৰ পাতিছিল আলিপুৰ দুৱাৰত । অৱশেষত জগদীশ হালৈৰ ভাতৃ তপন হালৈৰ ফোন টেপিঙৰ ভিত্তিত নলবাৰী আৰক্ষীয়ে আলিপুৰ দুৱাৰৰ এখন হোটেলৰ পৰা কৰায়ত্ত কৰে জগদীশ হালৈক ।

আৰক্ষীৰ এক সূত্ৰই উল্লেখ কৰা মতে, পত্নী আৰু পুত্ৰক হত্যা কৰি জগদীশ হালৈয়ে নিজৰ স্কুটীখনেৰে ওলাই গৈছিল । তাৰ পিচতে নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এখন ধাবাত জগদীশ হালৈয়ে তেওঁৰ স্কুটীখন থৈছিল । তেতিয়াৰ পৰাই পলাতক হৈ আছিল এইজন পত্নী-পুত্ৰ হত্যাত অভিযুক্ত জগদীশ হালৈ । আৰক্ষীয়ে অভিযুক্তৰ অনুসন্ধান কৰি আছিল যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাছিল । উল্লেখযোগ্য যে যোৱা ১৯ ফেব্ৰুৱাৰীৰ নিশা নিজ ঘৰৰ শোৱাপাটীত উদ্ধাৰ হৈছিল পোন্ধৰ বছৰীয়া হৃষিকেশ কাশ্যপ আৰু মাতৃ কবিতা হালৈৰ মৃতদেহ ।

লগতে পঢ়ক:নলবাৰী আৰক্ষীৰ জিম্মাত পত্নী-পুত্ৰহন্তা; উচিত শাস্তিৰ দাবী মৃতকৰ পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.