নলবাৰী আৰক্ষীৰ জিম্মাত পত্নী-পুত্ৰহন্তা; উচিত শাস্তিৰ দাবী মৃতকৰ পৰিয়ালৰ
Nalbari Double Murder: নলবাৰীৰ ডাবল মাৰ্ডাৰ কাণ্ডৰ অভিযুক্ত জগদীশ হালৈক গ্ৰেপ্তাৰ ৷ আলিপুৰদুৱাৰত নলবাৰী আৰক্ষীয়ে কৰায়ত্ত কৰে জগদীশক ৷ ঘটনা সন্দৰ্ভত নলবাৰী আৰক্ষীৰ আগত দোষ স্বীকাৰ অভিযুক্তৰ ৷ উচিত শাস্তিৰ দাবী মৃত কবিতা হালৈৰ আত্মীয়ৰ ।

Published : February 28, 2024 at 1:03 PM IST
নলবাৰী, 28 ফেব্ৰুৱাৰী: অৱশেষত নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল নলবাৰীৰ ডাবল মাৰ্ডাৰ কাণ্ডৰ মূল অভিযুক্তক । ফোন ট্ৰেকিঙৰ জৰিয়তে সোমবাৰে পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ পৰা আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় পত্নী-পুত্ৰ হত্যাৰ ঘটনাত অভিযুক্ত নলবাৰীৰ জগদীশ হালৈক । নলবাৰী আৰক্ষীয়ে জগদীশক থানাত ৰাখি চলাইছে জেৰা ।
ইতিমধ্যে আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে অভিযুক্ত জগদীশে হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত মুখ খুলিছে । এই সন্দৰ্ভত আৰক্ষীয়ে কয়, "পত্নী আৰু পুত্ৰক হত্যা কৰি তেওঁ নিজৰ স্কুটীখনেৰে ওলাই গৈছিল । তাৰ পিছতে নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এখন ধাবাত জগদীশ হালৈয়ে তেওঁৰ স্কুটীখন থৈ গৈছিল । তেতিয়াৰ পৰাই পলাতক হৈ আছিল এইজন পত্নী-পুত্ৰ হত্যাত অভিযুক্ত জগদীশ হালৈ ।"
আনহাতে, অভিযুক্ত জগদীশ হালৈক গ্ৰেপ্তাৰ কৰাৰ খবৰ লাভৰ পাছতেই কবিতা হালৈৰ মাতৃ তথা জগদীশ হালৈৰ শাহুৱেকে জগদীশৰ কঠোৰ শাস্তিৰ দাবী জনায় । উল্লেখযোগ্য যে, যোৱা 19 ফেব্ৰুৱাৰীৰ নিশা নিজ ঘৰৰ শোৱাপাটীত উদ্ধাৰ হৈছিল পোন্ধৰ বছৰীয়া হৃষিকেশ কাশ্যপ আৰু মাতৃ কবিতা হালৈৰ মৃতদেহ । 18 ফেব্ৰুৱাৰীত নলবাৰী চহৰৰ বৰসৰকুছিৰ উক্ত বাসগৃহতে পিতৃ জগদীশ হালৈ আৰু মাতৃ কবিতা হালৈয়ে উদযাপন কৰিছিল তেওঁলোকৰ একমাত্ৰ সন্তান হৃষিকেশৰ জন্মদিন । জন্মদিন উদযাপন কৰি উক্ত নিশাতো তিনিও একেলগে কটাইছিল নিজ বাসগৃহতে ।
কিন্তু 19 ফেব্ৰুৱাৰীৰ ৰাতিপুৱা 9.30 মান বজাত ঘৰৰ দৰ্জাৰ লগতে গেটত তলা লগাই নাতিদূৰৈৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এখন ধাবাৰ সন্মুখত নিজৰ স্কুটীখন থৈ ধাবাৰ মালিকক স্কুটীৰ চাবি গতাই দিছিল অভিযুক্তই । তাৰ পিছত বৰপেটালৈ যাম বুলি জগদীশ হালৈয়ে বৰপেটা অভিমুখী বাছত উঠিছিল বুলি জানিব পৰা গৈছে । তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল অভিযুক্ত জগদীশ হালৈ ।
ইফালে উক্ত দিনাই নিশা শোৱাপাটীত পত্নী কবিতা হালৈ আৰু পুত্ৰ হৃষিকেশৰ মৃতদেহ উদ্ধাৰ হোৱাত ৰহস্যৰ সৃষ্টি হৈছিল । আৰক্ষীয়ে প্ৰাথমিক তদন্ততে এই ঘটনাৰ সৈতে জগদীশ হালৈ জড়িত বুলি সন্দেহ প্ৰকাশ কৰিছিল । ইণ্ডাছলেণ্ড বেংকত কৰ্মৰত হৈ আছিল অভিযুক্ত জগদীশ হালৈ ।
লগতে পঢ়ক: চাঞ্চল্যকৰ ঘটনা: শুই থকা অৱস্থাতে উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ

