ETV Bharat / state

বুদ্ধিজীৱীৰ বাবেই কংগ্ৰেছৰ বিপৰ্যয় ঘটিছে বুলি কটাক্ষ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 12:16 PM IST

BJP Alliance Meet in Nalbari : নলবাৰীত বিজেপি মিত্ৰজোঁটৰ বৈঠক সমাপ্ত ৷ কেইবা ঘণ্টাজোৰা বৈঠকত উপস্থিত থাকে মিত্ৰজোঁটৰ বৰপেটাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ লগতে দহটা বিধানসভাৰ কাৰ্যকৰ্তাসকল ।

নলবাৰীত বিজেপি-এজিপিৰ নিৰ্বাচনী সভাত মন্ত্ৰী জয়ন্ত মল্ল
নলবাৰীত বিজেপি-এজিপিৰ নিৰ্বাচনী সভাত মন্ত্ৰী জয়ন্ত মল্ল

বুদ্ধিজীৱীক আক্ৰমণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

নলবাৰী, ২০ মাৰ্চ : সোমবাৰে নলবাৰীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় শাসকীয় মিত্ৰজোঁটৰ নিৰ্বাচনী বৈঠক । নিশালৈকে নলবাৰীৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত অনুষ্ঠিত হয় কেইবাখনো নিৰ্বাচন সংক্ৰান্তীয় বৈঠক । এই বৈঠকত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভাৰ মিত্ৰজোঁটত থকা প্ৰতিটো পৰ্যায়ৰ নেতা-কৰ্মীৰে অনুষ্ঠিত হয় বৈঠক ।

উক্ত বৈঠকত উপস্থিত থাকে বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাকে প্ৰমুখ্য কৰি বহু জ্যেষ্ঠ তথা কনিষ্ঠ নেতা । উল্লেখযোগ্য যে আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহা লগে লগে সোমবাৰে বৰপেটাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে নলবাৰী জিলাৰ তিনিওটা বিধানসভা পৰ্যায়ত নিৰ্বাচনী প্ৰচাৰ চলায় ।

প্ৰথমে বৰক্ষেত্ৰীৰ মুকালমুৱাত, তাৰ পিছত টিহুৰ চামতা আৰু সন্ধিয়া নলবাৰী সমষ্টিৰ হৈ জিলা বিজেপি কাৰ্যালয়ত চলায় প্ৰচাৰ । তাৰ পিচতে দহটাকৈ বিধানসভাৰ নেতা-কৰ্মীৰে অনুষ্ঠিত হয় অন্যান্য সভা । উক্ত বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ সংবাদমেলত আগন্তুক লোকসভা নিৰ্বাচনী পৰ্যালোচনাৰ বাবে নলবাৰীত বৈঠক অনুষ্ঠিত হোৱা বুলি সদৰী কৰে জয়ন্ত মল্লবৰুৱাই ।

মিত্ৰজোঁটৰ প্ৰতিগৰাকী দলীয় কৰ্মীয়ে সমিলমিলেৰে প্ৰাৰ্থীগৰাকীক কিমান বেছি ভোটত জয়ী কৰাব পাৰে তাৰ পৰিকল্পনা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে, কংগ্ৰেছক বুদ্ধিজীৱীসকলে পত্ৰ প্ৰেৰণ কৰা সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰতিক্ৰিয়া আগবঢ়ায় । এক শ্লেষাত্মক প্ৰতিক্ৰিয়াত জয়ন্ত মল্লবৰুৱাই কয়, সমাজ জীয়াই থাকিবলৈ ভাল বুদ্ধি দিয়াসকলৰ কথা শুনিব লাগে ৷ কিছুমান বুদ্ধিজীৱীয়ে নিজে জীয়াই থাকিবলৈ বুদ্ধি দিয়ে । বেয়া বুদ্ধি দিয়া বুদ্ধিজীৱীৰ কথা শুনি আজি কংগ্ৰেছ ডুবিছে বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ ।

আনহাতে, অসমত এজেপিৰ নেতাজনে আছুৰ মজিয়াৰ পৰা আহিও এতিয়া ৮৫৫ জন শ্বহীদৰ কথা নকয় বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । অসম আন্দোলনৰ শ্বহীদক পাহৰি কেৱল 'কা' আন্দোলনৰ শ্বহীদৰ কথাহে লুৰীণজ্যোতিয়ে কয় বুলি অসম জাতীয় পৰিষদকো তীব্ৰ আক্ৰমণ কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :নৰেন্দ্ৰ মোদী পুনৰ ক্ষমতালৈ আহিলে গণতন্ত্ৰ চিৰদিনলৈ নিঃশেষ হ'ব: নাগৰিক সমাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.