ETV Bharat / state

নৰেন্দ্ৰ মোদী পুনৰ ক্ষমতালৈ আহিলে গণতন্ত্ৰ চিৰদিনলৈ নিঃশেষ হ'ব: নাগৰিক সমাজ

Appeal of Assam Civil Society : বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ভাৰত জোড়ো অভিযান ৷ অসম আৰু অসম নাগৰিক সমাজৰ গোহাৰি পত্ৰ উন্মোচন ।

অসম নাগৰিক সমাজৰ ভোটাৰলৈ গোহাৰি
অসম নাগৰিক সমাজৰ ভোটাৰলৈ গোহাৰি
author img

By ETV Bharat Assamese Team

Published : March 20, 2024 at 7:18 AM IST

|

Updated : March 20, 2024 at 8:32 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৯ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন । আনহাতে, নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি নামিছে শাসক-বিৰোধী উভয়ে । আক্ৰমণ-প্ৰত্যাক্ৰমণ আৰু প্ৰতিশ্ৰুতি-অংগীকাৰৰ বাক্যবাণেৰে উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ আকাশ-বতাহ । এফালে যদি শাসকীয় পক্ষৰ মুখত উন্নতিৰ জয়গান, বিৰোধীৰ মুখত আকৌ সমালোচনাৰ জোৱাৰ ।

গোহাৰি পত্ৰ উন্মোচন
গোহাৰি পত্ৰ উন্মোচন

তাৰ মাজতে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি দল যাতে পুনৰ ক্ষমতালৈ আহিব নোৱাৰে তাৰ বাবে বিজেপিবিৰোধী দলসমূহে ব্যাপক তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে । এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত ভাৰত জোড়ো অভিযান, অসম আৰু অসমৰ নাগৰিক সমাজে যৌথভাৱে প্ৰকাশ কৰা গোহাৰি পত্ৰখন উন্মোচন কৰা হয় ।

ৰাইজৰ প্ৰতি ১৬ টা আবেদন জনোৱা গোহাৰি পত্ৰখনত ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰখন শাসনলৈ অহাৰ পাচত দেশত নিবনুৱাকে ধৰি কেনে ধৰণৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে তাক বিতংভাৱে দাঙি ধৰা হৈছে । এই উপলক্ষে অসম নাগৰিক সমাজৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰৰ উদ্দেশ্য বাখ্যাৰে শুভাৰম্ভ হোৱা সভাত নাগৰিক সমাজৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞা, অধ্যাপক আব্দুল মান্নান, লেখিকা সবিতা লহকৰে ভাষণ প্ৰসংগত কয়- বিগত ৪০ বছৰৰ ভিতৰত এতিয়া ভাৰতবৰ্ষত নিবনুৱা সমস্যাই আটাইতকৈ ভয়াৱহ ৰূপ লৈছে ।

সৌ সিদিনা উত্তৰ প্ৰদেশত ৬০ হাজাৰ চিপাহীৰ পৰীক্ষাত ৪০ লাখতকৈ অধিক প্রার্থীয়ে আবেদন কৰিছিল । অসমৰো একেই অৱস্থা । চৰকাৰী চাকৰি নোহোৱা হৈ আহিছে । আগ দুৱাৰেদি যদি ঢাক-ঢোল বজাই চাকৰি দিয়াৰ সমাৰোহ পাতিছে, পিছ দুৱাৰেদি আজি ইটো কাইলৈ সিটো বিভাগ বন্ধ কৰি চাকৰি নোহোৱা কৰিছে ।

এতিয়া ৰাজ্যত নিবনুৱাৰ সংখ্যা ২০ লাখৰো অধিক । চৰকাৰে এখনৰ পিচত আন এখন মেডিকেল কলেজ আৰু হাস্পতাল পাতিছে, ভাল কথা । কিন্তু সেইবোৰৰ সৰহভাগতে চিকিৎসক আৰু চিকিৎসাৰ সু-ব্যৱস্থা নাই । যদি নিৰ্বাচনত নৰেন্দ্ৰ মোদী পুনৰ ক্ষমতালৈ আহে তেন্তে দেশত গণতন্ত্ৰ চিৰদিনৰ বাবে নিঃশেষ হৈ যাব । হয়তো ইয়াৰ পিচত দেশত কোনোদিনে নিৰ্বাচন অনুষ্ঠিত নহ'ব পাৰে বুলিও আশংকা ব্যক্ত কৰে আটাইকেইগৰাকী বক্তাই ।

লগতে পঢ়ক :কোনো ৰাজনৈতিক দলক সমৰ্থন নকৰে আছুৱে: তীব্ৰতৰ কৰিব ‘কা’বিৰোধী আন্দোলন

Last Updated : March 20, 2024 at 8:32 AM IST