ETV Bharat / state

ৰাজ্যিক মৰ্যাদাৰে বিদায় পদ্মশ্ৰী বিৰুবালা ৰাভাক - Funeral of Birubala Rabha

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 9:17 AM IST

Last rites of Birubala Rabha :পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান । ঠাকুৰবিলা বাসগৃহত মহীৰূহ গৰাকীৰ সহস্ৰ গুণমুগ্ধৰ উপস্থিতিত শোকাকুল পৰিৱেশ । ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্ব সম্পন্ন ।

BIRUBALA RABHA PASSES AWAY
পদ্মশ্ৰী বিৰুবালা ৰাভা (etv bharat assam)

বিদায় মহীয়সী (etv bharat assam)

গোৱালপাৰা, 14 মে’ : সমাজৰ পৰা কু-সংস্কাৰ, অন্ধ বিশ্বাস আঁতৰ কৰিবলৈ আজীৱন সংগ্ৰাম কৰি অহা মহীৰূহ পদ্মশ্ৰী বিৰুবালা ৰাভাই সোমবাৰে ৰাতিপুৱা 9.23 বজাত গুৱাহাটী জি.এম.চি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখ্য যে, কেইবছৰ মান পূৰ্বে বিশিষ্ট সমাজকৰ্মীগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হোৱাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ তত্বাৱধানত চিকিৎসাধীন হৈ সাময়িকভাৱে আৰোগ্য লাভ কৰিছিল যদিও নৰীয়া শৰীৰেৰে পুনৰ সমাজৰ পৰা ডাইনী হত্যা, বাল্য বিবাহ, নাৰী নিৰ্যাতনৰ দৰে সমাজৰ ব্যাধি আঁতৰোৱাত দিনে-নিশাই অক্লান্ত যুদ্ধা হৈ যুজঁ দি আহিছিল জ্ঞান সাধিনী বঁটা সাধক বিৰুবালা ৰাভাই ।

পৰিয়াল সূত্ৰই জানিবলৈ দিয়া মতে প্ৰায় ১৩ দিন আগতে পুনৰ কৰ্কট ৰোগৰ বাবে তেওঁক গুৱাহাটীৰ জি.এম.চি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত সোমবাৰে ৰাতিপুৱা 9.23 বজাত 75 বছৰ বয়সত মহীৰূহ গৰাকীয়ে মৃত্যুৰ সৈতে হাৰ মানিবলগীয়া হয় । গোৱালপাৰা জিলাৰ অতিকে ভিতৰুৱা অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাৰ অনগ্ৰসৰ গাঁও ঠাকুৰবিলাৰ এটা সাধাৰণ পৰিয়ালত ১৯৪৯ চনত জন্ম লাভ কৰা সংগ্ৰামী সত্ত্বা বিৰুবালা ৰাভাৰ জীৱনৰ লক্ষ্য-উদ্দেশ্য আছিল অসাধাৰণ ।

বিৰুবালা ৰাভায়ে ডাইনী হত্যাৰ বিৰুদ্ধে মাত মাতি প্ৰতিবাদ কৰাৰ বাবে তেওঁক প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰিছিল বহুতে । তেওঁ ঘৰ এৰি পলাই থাকিবলগীয়া অৱস্থাও হৈছিল । আনকি ডাইনী হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে এটা সময়ত তেওঁক সমাজৰ পৰা এঘৰীয়াও কৰিছিল একাংশ ৰাইজে ।

তৎস্বত্তেও নিজৰ জীৱনৰ মায়া মোহ এৰি সমাজৰ পৰা কু-সংস্কাৰ অন্ধবিশ্বাসৰ নাইকিয়া কৰিবলৈ বিৰুবালা মিচন গঠন কৰি ডাইনী সম্পৰ্কত জনজাতীয় গাঁওসমূহত সজাগত আনিবলৈ প্ৰয়াস চলাই যায় । কালক্ৰমত ডাইনী সম্পৰ্কীয় বিভিন্ন ঘটনা পৰিঘটনা চৰকাৰী পক্ষৰ দৃষ্টি গোচৰ হোৱাত প্ৰশাসনৰ সহযোগত বিৰুবালা ৰাভাৰ নেতৃত্বত বিৰুবালা মিচনে পূৰ্ণতা লাভ কৰি সমাজত কু-সংস্কাৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে পূৰ্ণোদ্যমে অভিযান আৰম্ভ কৰে ।

এনেকৈ এটা সময়ত ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সংস্পৰ্শলৈ আহি বিগত ২০২১ চনৰ ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱসৰ দিনা ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হয় তেওঁ । অসমৰ লগতে বহিঃৰাজ্যৰ চৰকাৰী বেচৰকাৰী বিভিন্ন সংস্থা-সংগঠনৰ পৰা প্ৰায় শতাধিক বঁটা, সম্বৰ্ধনা লাভ কৰিবলৈ সক্ষম হৈছিল বিশিষ্ট সমাজ সেৱিকা গৰাকীয়ে ।

মহীৰূহগৰাকীৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ গোৱালপাৰা জিলা তথা অসমবাসীক ম্ৰিয়মান কৰি তোলে । তেখেতৰ মৃত্যুৰ বাতৰি মুহূৰ্ততে জিলাখনত বিয়পি পৰাৰ লগে লগে ঠাকুৰবিলাৰ বাসগৃহত সহস্ৰ গুণমুগ্ধ ভৰি পৰে । শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে বিশিষ্ট সমাজসেৱী গৰাকীক শেষ শ্ৰদ্ধাঞ্জলী জনাবলৈ অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আহি ঠাকুৰবিলাৰ বাসগৃহত উপস্থিত হয় ।

গোৱালপাৰা জিলা প্ৰসাশনৰ হৈ জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী, আৰক্ষী প্ৰশাসন, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য সচিৱ টংকেশ্বৰ ৰাভা, বিভিন্ন সামাজিক সংগঠনৰ লগতে অজস্ৰ গুণমুগ্ধৰ উপস্থিতত ৰাষ্ট্ৰীয় মৰ্য্যদাৰে ভাৰত ৰত্নগৰাকীৰ ঠাকুৰবিলা শ্মশান ঘাটত শেষকৃত্য সম্পন্ন কৰা হয় ।

লগতে পঢ়ক : স্তব্ধ হৈ ৰ’ল এটি সাহসী কণ্ঠ : পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান - Birubala Rabha Passes Away

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.