ETV Bharat / state

স্তব্ধ হৈ ৰ’ল এটি সাহসী কণ্ঠ : পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান - Birubala Rabha Passes Away

Padmashree Birubala Rabha : সোমবাৰে পুৱা ৯.২৩ বজাত শেষ নিশ্বাস ত্যাগ কৰে পদ্মশ্ৰী বিৰুবালা ৰাভাই ৷ ৭০ বছৰ বয়সত দেহাৱসান ঘটা ৰাভাৰ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব ৷ বিৰুবালা ৰাভাৰ মৃত্যুত শোকপ্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে আন কেবাগৰাকীও নেতা-মন্ত্ৰী, দল-সংগঠনে ৷

BIRUBALA RABHA PASSES AWAY
পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 13, 2024 at 11:19 AM IST

|

Updated : May 13, 2024 at 12:04 PM IST

3 Min Read
Choose ETV Bharat
ৰাজ্য়িক মৰ্যদাৰে সম্পন্ন হ’ব শেষকৃত্য (Etv Bharat Assam)

গুৱাহাটী, ১৩ মে’ : পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান ৷ সোমবাৰে পুৱা ৯.২৩ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিৰুবালা ৰাভাই ৷ ৭০ বছৰ বয়সত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে সাহসী সত্ত্বাগৰাকীয়ে ৷ কৰ্কট ৰোগত গুৰুতৰভাৱে আক্ৰান্ত হৈ যোৱা ২২ এপ্ৰিলৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছিলে ৰাভা ৷

সমাজকৰ্মীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত ৪ মে'ৰ পৰা চিকিৎসালয়খনৰ আই চি ইউ ত তেখেতক ভৰ্তি কৰা হৈছিল ৷ উল্লেখ্য যে, অসমত তথাকথিত 'ডাইনী'ৰ নামত হত্যা-নিৰ্যাতন আদি সামাজিক ব্যাধি তথা অন্ধবিশ্বাসৰ বিৰুদ্ধে বলিষ্ঠ অৱস্থান গ্ৰহণ কৰি বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ যুঁজত অগ্ৰণী সৈনিক হিচাপে প্ৰতিষ্ঠা লাভ কৰা স্বনামধন্য মহিলা, 'মিছন বিৰুবালা'ৰ গুৰি ধৰোঁতা তথা মানৱতাবাদী সমাজকৰ্মী আছিল বিৰুবালা ৰাভা ৷

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল ৷ শৈশৱৰ ঘৰখনত বহু কষ্টেৰে ডাঙৰ-দীঘল হোৱা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল ৷ পৰৱৰ্তী সময়ত ঠাকুৰভিলা গাঁৱৰ এগৰাকী কৃষকৰ সৈতে বিৰুবালা ৰাভাই বিবাহপাশত আৱদ্ধ হয় ৷

২০০০ চনৰ পৰাই ধাৰাবাহিকভাৱে তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে জনজাগৰণৰ সৃষ্টি কৰি আহিছে ৷ প্ৰথমতে গোৱালপাৰা জিলাতে ডাইনী হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ চেষ্টা কৰি যোৱা দুটা দশক ধৰি তেওঁ এই অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সংগ্ৰাম কৰি আহিছিল ৷ ২০২১ চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল ৷

বিশিষ্ট সমাজকৰ্মীগৰাকীৰ বিয়োগত গভীৰ শোকপ্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শৰ্মাই সামাজিক অনিয়ম, অন্ধবিশ্বাস, কু-প্ৰথা, ডাইনী-হত্যা আদিৰ বিৰুদ্ধে আজীৱন অসাধাৰণ সংগ্ৰাম চলাই যোৱা পদ্মশ্ৰী ৰাভাৰ বিয়োগ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে ৷ মানৱতাবাদী বিৰুবালা ৰাভাৰ আদৰ্শই সকলো সামাজিক কু-প্ৰথা, অনিয়ম আদি নিৰ্মূলেৰে এখন আদৰ্শ সমাজ গঢ়াৰ দিশত আত্মনিয়োগ কৰি যাবলৈ অনুপ্ৰাণিত কৰি থাকিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

তদুপৰি মহীয়সী নাৰীগৰাকীৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে ৷ প্ৰয়াত বিৰুবালা ৰাভাৰ শেষকৃত্যৰ কাম-কাজৰ তদাৰক কৰিবলৈ উদ্যোগ তথা বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে হাস্পতাল চৌহদত উপস্থিত হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ তেওঁ ৰাভাৰ পৰিয়ালবৰ্গক গোৱালপাৰালৈ যাবলৈ সকলো প্ৰকাৰৰ যাৱতীয় ব্যৱস্থা উপলব্ধ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ গোৱালপাৰাত হ’বলগীয়া ৰাভাৰ শেষকৃত্যৰ অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকিব বুলি পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: পদ্মশ্ৰী বিৰুবালা ৰাভাৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ অসম চৰকাৰৰ - Birubala Rabha IN GMCH

অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বিৰুবালা ৰাভাৰ সংগ্ৰাম

বেজৰ ওচৰলৈ যিমান যাব সিমানেই মানুহ মৰিব : বীৰুবালা ৰাভা

Last Updated : May 13, 2024 at 12:04 PM IST