পদ্মশ্ৰী বিৰুবালা ৰাভাৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ অসম চৰকাৰৰ - birubala rabha IN GMCH
Keshab Mahanta visits GMCH : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদত অৱস্থিত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ মন্ত্ৰীগৰাকীয়ে চিকিৎসাধীন হৈ থকা পদ্মশ্ৰী বিৰুবালা ৰাভাৰ স্বাস্থ্যৰ বুজ লয় ৷

Published : May 12, 2024 at 10:02 PM IST
|Updated : May 12, 2024 at 10:43 PM IST
গুৱাহাটী, ১২ মে’ : সমাজৰ পৰা ডাইনী হত্যাৰ কু-প্ৰথা আৰু অন্ধবিশ্বাস নিৰ্মূলকৰণৰ বাবে ঐকান্তিক প্ৰয়াস চলাই অহা পদ্মশ্ৰী বীৰুবালা ৰাভাৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ বুজ লয় ৰাজ্যৰ স্বাস্থ্য আৰু বিজ্ঞান-প্ৰযুক্তিবিদ্যা মন্ত্ৰী কেশৱ মহন্তই ৷ বৰ্তমান গুৱাহাটীস্থিত ৰাজ্যিক কৰ্কট চিকিৎসা প্ৰতিষ্ঠান(এছচিআই) ত চিকিৎসাধীন হৈ থকা বৰ্ষীয়ান সমাজসেৱীগৰাকীক মন্ত্ৰীগৰাকীয়ে দেওবাৰে বিয়লি চিকিৎসালয়ত দেখা কৰে ৷
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ লগতে বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰো দায়িত্বত থকা মন্ত্ৰী মহন্তই এছচিআইৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীৰ লগতে বিৰুবালা ৰাভাৰ চিকিৎসাৰ তদাৰক কৰি থকা চিকিৎসকসকলৰ সৈতে মত বিনিময় কৰি বিশিষ্ট মহিলা সমাজসেৱীগৰাকীৰ শাৰীৰিক অৱস্থা আৰু তেওঁলৈ আগবঢ়োৱা চিকিৎসাৰ সবিশেষ বুজ লয় ৷
সবাতোকৈ অত্যাধুনিক সা-সুবিধাযুক্ত তথা ৰাজ্যখনৰ শীৰ্ষস্তৰৰ কৰ্কট চিকিৎসালয়খনত অভিজ্ঞ তথা জ্যেষ্ঠ কৰ্কট ৰোগ বিশেষজ্ঞৰ নিৰন্তৰ তত্ত্বাৱধান আৰু পৰ্যবেক্ষণত সমাজকৰ্মী ৰাভাক প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে ৷ চিকিৎসাধীন সমাজসেৱীগৰাকীক দেখা কৰাৰ পাছত স্বাস্থ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ইতিমধ্যে অসম চৰকাৰে বিৰুবালা ৰাভাৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছে ৷
ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত বৰ্ষীয়ান সমাজসেৱীগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো দিশ নিয়াৰিকৈ তদাৰক কৰাৰ লগতে সম্ভৱপৰ সকলো ধৰণৰ সেৱা উপলব্ধ কৰাবলৈ এছচিআইৰ অধীক্ষক ডাঃ চৌধুৰীৰ লগতে বিৰুবালা ৰাভাৰ চিকিৎসাত নিয়োজিত চিকিৎসকসকলক বিভাগীয় মন্ত্ৰীগৰাকীয়ে দিহা দিয়ে ৷ মন্ত্ৰীগৰাকীয়ে বীৰুবালা ৰাভাৰ দ্ৰুত আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনায় ৷
উল্লেখ্য যে, পূৰ্বে বিৰুবালা ৰাভাৰ স্বাস্থ্যৰ বুজ লৈছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । উল্লেখ্য যে, গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল ।
লগতে পঢ়ক: লাহে লাহে সুস্থ হৈছে পদ্মশ্ৰী বিৰুবালা ৰাভা - Birubala Rabha In GMCH

