ETV Bharat / state

অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বিৰুবালা ৰাভাৰ সংগ্ৰাম

author img

By

Published : Sep 12, 2019, 11:14 PM IST

বৃহস্পতিবাৰে বিশ্বনাথ চাৰিআলিত উপস্থিত হয় বিশিষ্ট সমাজকৰ্মী বিৰুবালা ৰাভা ৷ মিছন বিৰুবালাৰ অধীনত অঞ্চলটোত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা আয়োজন কৰে বিৰুবালা ৰাভাই ৷

অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বিৰুবালা ৰাভাৰ সংগ্ৰাম

তেজপুৰ, 12 চেপ্তেম্বৰঃ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সদায় যুঁজ দি অহা সমাজকৰ্মী বিৰুবালা ৰাভাই নিজৰ অবিৰত সংগ্ৰাম অব্যাহত ৰাখিছে ৷ শেহতীয়াকৈ অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে ৰাভাই নিজৰ সংগ্ৰাম অব্যাহত ৰাখিছে মিছন বিৰুবালাৰ জৰিয়তে ৷

বৃহস্পতিবাৰে বিশ্বনাথ চাৰিআলিত উপস্থিত হৈ তেজপুৰ ভাৰতীয় শিশু বিকাশ কেন্দ্ৰত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে মহিলাসকলৰ মাজত সজাগতা সভাত ভাগ লয় ৷ অনুষ্ঠানতে মিছন বিৰুবালালৈ ভাৰতীয় শিশু বিকাশ কেন্দ্ৰই 10 হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে ৷

অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বিৰুবালা ৰাভাৰ সংগ্ৰাম

বৰ্তমানে অসমৰ বিভিন্ন স্থানত মিছন বিৰুবালাই সচেতনতা বৃদ্ধি কৰিবলৈ কাম কৰি আছে ৷ নিজৰ লগতে সমাজৰ সকলোকে অন্ধবিশ্বাস আৰু কুসংস্কাৰ তথা ডাইনী প্ৰথাৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায় বিৰুবালা ৰাভাই ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা সজাগতা সভাত চিকিৎসক ডাঃ লক্ষ্মী গোস্বামীৰ লগতে মিনাক্ষী আগৰৱালাকে ধৰি বহুটো লোক উপস্থিত থাকে ৷

Intro:তেজপুৰ,১২ছেপ্টেম্বৰ: অন্ধ বিশ্বাস আৰু কু সংস্কাৰৰ বিৰুদ্ধে যুঁজ দি সমাজত প্ৰতিষ্ঠা লাভ কৰা বিৰুৱালা ৰাভা ৰ অবিৰত সংগ্রাম অব্যাহত ৰাখিছে ।আজি বিশ্বনাথ চাৰিআলি ত এই বিষয়ে আলোচনা ত ভাগ লৈ তেজপুৰ ভাৰতীয় শিশু বিকাশ কেন্দ্ৰৰ তেজপুৰ শাখাত উপস্থিত হৈ মহিলা সকলৰ মাজত সমাজ সচেতনতা বৃদ্ধি কৰা বাবে উদগনি যোগায় ।


Body:ভাৰতীয় শিশু বিকাশ কেন্দ্ৰই বিৰুৱালা ৰাভাৰ সংস্থা লৈ তেওঁ লোকে জনোৱা অভূতপূৰ্ব সহাৰীৰ বাবে বিকাশ কেন্দ্ৰই ১০ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে
মিছন বিৰুৱালা লৈ । বৰ্তমান মিছন বিৰুৱালা ই সমাজত কু সংস্কাৰ ওপৰত সচেতনতা বৃদ্ধি কৰিবলৈ অসমৰ বিভিন্ন ঠাইত সজাগতাৰ সভা অনুষ্ঠিত কৰিছে আৰু ইয়াৰ বাবে সকলোকে সজাগ কিৰিবলৈ একত্ৰিত হবলৈ আহ্বান জনায় । ডাইনী হত্যাৰ প্ৰতি যুজঁ দিয়া আৰু ভুক্তভোগী বিৰুৱালা ৰাভাই এই ডাইনী হত্যাৰ প্ৰতি সজাগ হবলৈ অনুৰোধ কৰে ।
Bite: বিৰুৱালা ৰাভা ।


Conclusion:সভাত বিশিষ্টা সমাজকৰ্মী তথা চিকিৎসক ডঃ লক্ষ্মী গোস্বামীয়ে পৌৰহিত্য কৰা অনুষ্ঠানত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা ৰ ভাতৃ বধু মিনাক্ষী আগৰৱালা ও উপস্থিত থাকে ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
১২/৯/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.