বেজৰ ওচৰলৈ যিমান যাব সিমানেই মানুহ মৰিব : বীৰুবালা ৰাভা

By

Published : Nov 25, 2021, 10:31 PM IST

thumbnail

‘‘ডাইনী মানে হিংসাৰ প্ৰভাৱ ৷ ডাইনী মানে নাৰীহত্যা বা নৰবলি ৷ লাচিতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মই সমাজ আৰু দেশখনক ৰক্ষাৰ কামত ব্ৰতী হৈ আহিছো’’ ৷ এই মন্তব্য সমাজত ডাইনী হত্যা ৰোধৰ বাবে অহৰহ সংগ্ৰাম চলাই অহা পদ্মশ্ৰী বীৰুবালা ৰাভাৰ ৷ অসমীয়াৰ শৌৰ্যবীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ জন্মদিৱস উপলক্ষে বৰপেটা(barpeta lachit divas celebrate)ত আয়োজন কৰা এখন সভাত অংশগ্ৰহণ কৰি ৰাভা(Birubala Rabha at Lachit divas Program )ই এই কথা উল্লেখ কৰি ডাইনী প্ৰতিৰোধৰ বাবে সংগ্ৰাম কৰি অহাৰ কথা ব্যক্ত কৰে ৷ তেওঁ লগতে ডাইনী বিশ্বাস কৰাটো নিতান্তই গৰ্হিত বুলি মন্তব্য কৰি ই এটা ডাঙৰ ব্যাধি বুলি উল্লেখ কৰে ৷ ৰাভাই ইয়াক নিৰ্মূল কৰাৰ বাবে জ্ঞান আৰু বিজ্ঞানৰ সহায় ল’ব লাগিব বুলি উল্লেখ কৰে ৷ লগতে বেমাৰ আজাৰ হ’লে বেজ-বেজালি পৰিৱৰ্তে ডাঃ ওচৰলৈ যোৱাৰ পৰামৰ্শ দিয়ে ৷ ৰাভাই সদৰি কৰা অনুসৰি বেজৰ ওচৰলৈ যিমানেই যাব সিমানেই মানুহ মৰিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.