ETV Bharat / state

গড়ভঙাৰ জালুক পাহাম অঞ্চলে উদঙাইছে মহানগৰীৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ - DEVELOPMENT OF GUWAHATI

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 1:10 PM IST

Updated : May 6, 2024, 7:40 PM IST

JALUK PAHAM AREA : আভিজাত্য মহানগৰীৰ ৰং-চং দেখি বহুতেই সপোন দেখে মহানাগৰিক হোৱাৰ ৷ বহুতে আকৌ পেট প্ৰৱৰ্তোৱাৰ উদ্দেশ্যে ঢাপলি মেলে মহানগৰীলৈ বুলি ৷ কিন্তু এই মহানগৰীয়ে সাধাৰণ জনতাক দিছে কি? দিব পাৰিছেনে জীৱন নিৰ্বাহৰ উপযুক্ত সা-সুবিধাসমূহ ? তেনে এক প্ৰতিবেদনে আজি আমি আপোনালোকলৈ বুলি লৈ আহিছো ৷

GARBHANGA SPECIAL STORY
মহানগৰীৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ (ইটিভি ভাৰত অসম)

মহানগৰীৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ (ইটিভি ভাৰত অসম)

গুৱাহাটী, 6 মে’ : কংক্ৰিটৰ মহানগৰীৰ গাতে লাগি থকা এটা অঞ্চল ৷ ৰাজধানী দিশপুৰৰ গাতে লাগি থকা এই অঞ্চলটোত আজিও নাই বিজুলীবাতিৰ সংযোগ ৷ তদুপৰি অঞ্চলটোত শিক্ষাৰ নামত আছে মাত্ৰ এখন প্ৰাথমিক বিদ্যালয় ৷ মহানগৰীৰ পৰা প্ৰায় ২১ কিল’মিটাৰ দূৰত অৱস্থিত এই অঞ্চলটো হৈছে গড়ভঙাৰ জালুক পাহাম অঞ্চল ৷

প্ৰায় ১৬ খন গাঁও থকা এই বৃহত্তম অঞ্চলটোত আছে মাত্ৰ এখন চৰকাৰী চিকিৎসালয় ৷ তাকো চিকিৎসালয়লৈ কেৱল সপ্তাহত মাত্ৰ এটা দিনতহে আহে চিকিৎসক ৷ সপ্তাহটোৰ বাকী কেইটাদিন বন্ধ থাকে চিকিৎসালয়খন ৷ যাৰ ফলত এই অঞ্চলটোৰ কোনো লোকৰ অসুখ-বিসুখ হ’লে যথেষ্ঠ কষ্টৰ সন্মুখীন হ’বলগীয়া হয় ৷

শিক্ষাৰ ক্ষেত্ৰতো অৱস্থা সেই একেই ৷ প্ৰাথমিক শিক্ষা গ্ৰহণৰ পাছত হাইস্কুলীয়া শিক্ষা লাভৰ বাবে শিক্ষাৰ্থীসকল আহিব লাগে প্ৰায় ২১ কিল’মিটাৰ দূৰত্বত থকা লখৰালৈ ৷ অঞ্চলটোৰ প্ৰায়সংখ্যক লোকেই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে ৷ যাৰ ফলত তেওঁলোকে আৰ্থিক সামৰ্থ নথকাৰ বাবে শিক্ষা জীৱন আধাতে সামৰিব লগা হয় ৷

তাৰোপৰি অঞ্চলটোত নাই কোনো বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৷ পানীৰ উৎস বুলিবলৈ থকা কুঁৱাৰ পানীয়ে সেৱন কৰে অঞ্চলটোৰ ৰাইজে ৷ ইফালে চৰকাৰৰ কোনো সৰু-বৰ আঁচনিয়ে ঢুকি নোপোৱা এই অঞ্চলটোত নাই কোনো এজন চৰকাৰী চাকৰিয়াল ৷ বিগত বছৰলৈ যদিও অঞ্চলটোত বাটপথৰ যথেষ্ট সমস্যা আছিল, বৰ্তমান কিছু পৰিমাণে এয়া সূচল হৈছে ৷ সম্প্ৰতি বিজুলীবাতিৰ লগতে এটোপাল বিশুদ্ধ খোৱাপানীৰ অভাৱত ভূগিছে অঞ্চলবাসীয়ে ৷

বহুবাৰ চৰকাৰী বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিও অঞ্চলবাসীয়ে লাভ নকৰিলে কোনো উপযু্ক্ত সা-সুবিধা ৷ এই প্ৰতিবেদন প্ৰকাশৰ পিছত চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিয়ে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক:

উন্নয়নৰ নামত এটা ডাঙৰ শূণ্য; ঘোঁৰামাৰাক স্পৰ্শ কৰিব পৰা নাই চৰকাৰী আঁচনিয়ে !

এটুপি খোৱাপানী বিচাৰি ৰাইজৰ হাহাকাৰ, খৱৰ ল’বলৈ আহৰি নাই বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

Last Updated :May 6, 2024, 7:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.