ETV Bharat / state

সন্মুখত নিৰ্বাচন, লখিমপুৰত আভ্যন্তৰীণ সংঘাতে জোকাৰিছে কংগ্রেছক - Lok Aabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 2:32 PM IST

Quit from Congress: লোকসভা নির্বাচনৰ প্ৰাকক্ষণত লখিমপুৰত কংগ্রেছৰ আভ্যন্তৰীণ সংঘাত । দলীয় প্রার্থী, সভাপতিৰ বিৰুদ্ধে ক্ষোভ উজাৰি পদত্যাগ দায়িত্ববাহী কংগ্রেছ কৰ্মীৰ ।

Internal conflict grips Lakhimpur District Congress
লখিমপুৰত আভ্যন্তৰীণ সংঘাতে জোকাৰিছে কংগ্রেছক

কেশৱ কুমাৰ নাথ

লখিমপুৰ, ৯ এপ্রিল: প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলৈ মাজত মাথোঁ কেইটামান দিনহে বাকী । আন কেইবাটাও সমষ্টিৰ লগতে ১২ নং লখিমপুৰ লোকসভা সমষ্টিত প্ৰথম পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ’ব । লখিমপুৰ লোকসভা সমষ্টিটো দখল কৰিবলৈ উঠিপৰি লাগিছে বিজেপি আৰু কংগ্রেছ দল । সমানে প্ৰচেষ্টা চলাই আছে আন সাতজন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীয়ে । এক প্ৰকাৰৰ ৰণাংগণত পৰিণত হৈছে লখিমপুৰ লোকসভা সমষ্টি ।

Internal conflict grips Lakhimpur District Congress
কেশৱ কুমাৰ নাথৰ পদত্যাগ পত্ৰ

পিচে এনে নিৰ্বাচনী ধুমুহাৰ বতৰত লখিমপুৰত আভ্যন্তৰীণ সংঘাতে জোকাৰিছে কংগ্রেছ দলক । দলৰ এজন দায়িত্ববাহী কৰ্মীয়ে দলীয় প্ৰাৰ্থী আৰু প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি পদত্যাগ কৰাৰ লগতে মুকলিকৈ তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে । তেওঁ হৈছে কেশৱ কুমাৰ নাথ ।

জিলা যুৱ কংগ্রেছৰ পৰা দলৰ কেইবাটাও বিভিন্ন পদবীত থকা কেশৱ কুমাৰ নাথ দুদিনমানৰ আগলৈকে দলৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ লগত আছিল । কিন্তু হঠাৎ তেওঁ প্ৰাৰ্থীৰ লগ এৰা দিয়ে । লগ এৰাই নহয়, দলৰ বিষয়বাব পৰ্যন্ত তেওঁ ত্যাগ কৰে । তেওঁ দলীয় প্রার্থীজনে পৰোক্ষভাবে বিজেপিক সহায় কৰা, ভূপেন বৰাই টকা ব্যয় কৰা আদি কেইবাটাও অভিযোগ তোলে । ভূপেন বৰাৰ নেতৃত্বত অসমত কংগ্রেছ দলৰ ভবিষ্যৎ সুৰক্ষিত নহয় বুলিও তেওঁ কয় ।

Internal conflict grips Lakhimpur District Congress
লখিমপুৰত আভ্যন্তৰীণ সংঘাতে জোকাৰিছে কংগ্রেছক

একমাত্র ভূপেন বৰা আৰু উদয় শংকৰ হাজৰিকাৰ বাবেই তেওঁ দলীয় পদ ত্যাগ কৰা বুলি কয় । অচিৰেই জিলাৰ মহিলা কংগ্রেছৰ লগতে বিভিন্ন দায়িত্বত থকা একাংশ কংগ্রেছৰ কৰ্মীয়ে বিজেপিত যোগদান কৰিব বুলি তেওঁ মন্তব্য কৰে । তেওঁৰ এনে মন্তব্যৰ বিৰুদ্ধে মাত মাতিছে জিলা কংগ্রেছৰ সাধাৰণ সম্পাদক ৰাতুল বৰাই । তেওঁ কয় দলীয় অনুশাসন ভংগ কৰাৰ বাবে কেশৱ নাথক যোৱা চাৰি এপ্রিলত দলৰ পৰা বহিস্কাৰ কৰা হৈছে ।

তেওঁ কংগ্রেছৰ বিৰুদ্ধে অপপ্রচাৰ চলাইছে বুলি প্ৰত্যুত্তৰ দি ৰাতুল বৰাই কয় তেওঁ কেতবোৰ মনে সজা, ভিত্তিহীন কথাৰে ৰাইজক বিভ্রান্ত কৰিছে । তেওঁ দলৰ হৈ কাম কৰাটো সঁচা । কিন্তু এতিয়া তেওঁ অপশক্তিৰ কবলত পৰি দলৰ বিৰুদ্ধে অভিযোগ তুলিছে । দলীয় প্রার্থীগৰাকীৰ সন্দৰ্ভত তেওঁ কয় দলীয় প্রার্থী উদয় শংকৰ হাজৰিকা এজন ভাল আৰু সামাজিক শক্তিশালী ব্যক্তিত্ব থকা লোক ।

দলটোৰ মাজত এনেদৰে এতিয়া অভিযোগ-প্ৰতি অভিযোগে জোকাৰণিৰ সৃষ্টি কৰিছে । কংগ্রেছ দলৰ এনে আভ্যন্তৰীণ সংঘাতে নিৰ্বাচনৰ প্ৰাকক্ষণত কি ৰূপ ধাৰণ কৰে সেইয়াই সকলোৰে দৃষ্টি আকর্ষণ কৰিছে ।

লগতে পঢ়ক: কংগ্ৰেছত অব্যাহত খহনীয়া, কেবাজনো নেতাই এৰিছে দল - Assam congress leaders join BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.