ETV Bharat / politics

কংগ্ৰেছত অব্যাহত খহনীয়া, কেবাজনো নেতাই এৰিছে দল - Assam congress leaders join BJP

Assam congress leaders join BJP : মঙলবাৰে কংগ্রেছ এৰি গেৰুৱা বসন পৰিধান কৰিলে সহস্রাধিক কংগ্রেছ নেতা-কৰ্মীয়ে । গৌৰৱ গগৈৰ ঘনিষ্ঠ মাজুলীৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা শংকৰজ্যোতি হাজৰিকায়ো ত্যাগ কৰিলে কংগ্ৰেছ ৷ বিজেপিত যোগদানৰ সম্ভাৱনা ৷

assam-congress-leaders-join-bjp
গৌৰৱ গগৈৰ ঘনিষ্ঠ কংগ্ৰেছ নেতা শংকৰ জ্যোতি হাজৰিকাৰ কংগ্ৰেছ ত্যাগ
author img

By ETV Bharat Assamese Team

Published : April 9, 2024 at 2:27 PM IST

3 Min Read
Choose ETV Bharat
গৌৰৱ গগৈৰ ঘনিষ্ঠ কংগ্ৰেছ নেতা শংকৰ জ্যোতি হাজৰিকাৰ কংগ্ৰেছ ত্যাগ

মাজুলী/লখিমপুৰ, 9 এপ্রিল : নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্রেছত মোক্ষম আঘাত । লখিমপুৰত দুই দলীয় বিষয়ববীয়াসহ সহস্রাধিক কংগ্রেছ কৰ্মীয়ে পিন্ধিলে গেৰুৱা বসন । সমাগত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মাজত মাথো 9 দিন বাকী । শাসক-বিৰোধী সকলোৱে তুংগত কৰি তুলিছে দলীয় প্ৰচাৰ ৷

এনে প্ৰস্তুতি অব্যাহত থকাৰ সময়তে লখিমপুৰ তথা অসম প্ৰদেশ কংগ্রেছ দল সন্মুখীন হৈছে এক মোক্ষম আঘাতৰ । মংগলবাৰৰ দুপৰীয়া প্ৰদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে, মহিম হাজৰিকাৰ নেতৃত্বত সহস্রাধিক কংগ্রেছ নেতা-কৰ্মীয়ে বিজেপি দলত যোগদান কৰে । বিজেপিৰ জিলা কাৰ্যালয়ত আটাইকেইজনে গেৰুৱা বসন পৰিধান কৰে ।

Assam congress leaders join BJP
গৌৰৱ গগৈৰ ঘনিষ্ঠ কংগ্ৰেছ নেতা শংকৰ জ্যোতি হাজৰিকা

মন্ত্রী ৰণোজ পেগু, বিজেপিৰ লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাৰ উপস্থিতিত কংগ্রেছৰ নেতা-কৰ্মীসকলে বিজেপিত যোগদান কৰে । নৱাগতসকলক আদৰণি জনাই মন্ত্রী ৰণোজ পেগু, প্ৰদান বৰুৱা আদি বিজেপিৰ শীৰ্ষ নেতাসকলে কংগ্রেছ কৰ্মীৰ আগমনে বিজেপিক অধিক শক্তিশালী কৰা বুলি কয় ।

Assam congress leaders join BJP
গৌৰৱ গগৈৰ ঘনিষ্ঠ কংগ্ৰেছ নেতা শংকৰ জ্যোতি হাজৰিকা

বিজেপিৰ শীৰ্ষ নেতাসকলে দলত্যাগী পদ্মলোচন দলে, মহিম হাজৰিকা আদিয়ে কংগ্রেছ দলৰ ভিতৰচ’ৰাৰ বেমেজালিত অতিষ্ঠ হৈ দল এৰিবলৈ বাধ্য হোৱা বুলি তেওঁলোকে কয় । সমান্তৰালভাৱে অসম বিজেপিৰ শীৰ্ষ নেতৃত্বই প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাকো সমালোচনা কৰে । নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্রেছ দলৰ বাবে এয়া এক চৰম ক্ষতি বুলি বিবেচিত হৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে মংগলবাৰৰ দুপৰীয়া দুই বজাৰ পৰা লখিমপুৰৰ চুকুলীভৰীয়াত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বিজেপিৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হ’ব । এই সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে বিজেপিৰ জিলা কাৰ্যালয়ত এই বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন হয় । আনহাতে, মাজুলীৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা শংকৰজ্যোতি হাজৰিকাই ত্যাগ কৰিলে কংগ্ৰেছ ।

আজি বিজেপিত যোগদান কৰাৰ সম্ভাৱনা হাজৰিকাৰ ৷ গৌৰৱ গগৈৰ ঘনিষ্ঠ আছিল এইজন প্ৰাক্তন কংগ্ৰেছ নেতা ৷ দুদিনমান পূৰ্বে গৌৰৱ গগৈ মাজুলীলৈ আহিবৰ সময়ত গৌৰৱ গগৈক সংগ দিয়াৰ লগতে গৌৰৱ গগৈৰ হৈ প্রচাৰ চলাইছিল শংকৰজ্যোতি হাজৰিকাই ।

দুপৰীয়া বনগাঁৱত মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতিত এখন সভাত দলটোত হাজৰিকাই যোগদান কৰিব বুলি জানিব পৰা গৈছে । এইগৰাকী নেতাৰ লগতে বহু পুৰণি কংগ্ৰেছ কৰ্মীয়ে আজি বিজেপি দলত যোগদানৰ সম্ভাৱনা আছে । নিৰ্বাচনৰ প্ৰাকক্ষণত আৰু অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ আগমুহূর্তত বিজেপিত যোগদান আৰু কংগ্রেছত খহনীয়া হোৱা এই ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে ।

লগতে পঢ়ক: মানস বৰাৰ কংগ্ৰেছ ত্যাগ প্ৰসংগত বিমল বড়াৰ প্ৰতিক্ৰিয়া - Assam Congress Leader Joins BJP