ETV Bharat / state

লালগণেশত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 2:10 PM IST

Fake doctor arrested: মহানগৰীত আৰক্ষীৰ জালত পৰিল ভুৱা চিকিৎসক । ভুৱা চিকিৎসকজনৰ নাম প্ৰেমানন্দ ৰায় । অভিজিৎ নেওগ নামৰ এজন চিকিৎসকৰ অভিযোগৰ ভিত্তিত ওদালবাক্ৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক প্ৰেমানন্দ ৰায়ক ।

Fake doctor arrested at Lalganesh
লালগণেশত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

লালগণেশত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

গুৱাহাটী,৬ মাৰ্চ: ভগৱান হিচাপে গণ্য কৰা হয় চিকিৎসকসকলক । নিতৌ হাজাৰ হাজাৰ ৰোগীয়ে ৰোগৰ উপশম বিচাৰি ভিৰ কৰে বিভিন্নজন চিকিৎসকৰ ওচৰত । বিশ্বাস, চিকিৎসকে দিব এক উত্তম সমিধান । কিন্তু, চিকিৎসকেই যেতিয়া ভুৱা হয় তেতিয়া সাধাৰণ লোকৰ জীৱনৰ মূল্য কি থাকে ? মাজে মাজে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধৰা পৰে ভুৱা চিকিৎসক । যাক লৈ চিন্তিত হৈ পৰে সাধাৰণ জনতা ।

এইবাৰ পুনৰ গুৱাহাটী মহানগৰীত আৰক্ষীৰ জালত পৰিল ভুৱা চিকিৎসক । ভুৱা চিকিৎসকজনৰ নাম প্ৰেমানন্দ ৰায় বুলি জানিব পৰা গৈছে । ধৃত প্ৰেমানন্দ ৰায়ে লালগণেশত থকা নিউ মহামায়া মেডিকোচ নামে ফাৰ্মাচীত দীৰ্ঘদিন ধৰি চলাই আহিছিল চিকিৎসা সেৱা । পশ্চিমবংগৰ সুৰেন্দ্ৰ নাৰায়ণ সেন নামৰ এজন চিকিৎসকৰ পঞ্জীয়ন নম্বৰ জালিয়াতি কৰি চিকিৎসা চলাই আহিছিল ৰোগীক ।

১৯৬০ চনতে অসম মেডিকেল কাউঞ্চিলত পঞ্জীয়ন হৈ থকা সুৰেন্দ্ৰ নাৰায়ণ সেন নামে চিকিৎসকজনৰ ৩৪৩৬ পঞ্জীয়ন নম্বৰটো লৈ দীৰ্ঘদিনে ৰোগীক চিকিৎসা চলাই আহিছিল প্ৰেমানন্দ ৰায়ে । ভুৱা ডিগ্ৰী তথা ভুৱা পঞ্জীয়ন নম্বৰৰ সহায় লৈ ১৯৮৩ চনৰ পৰা চিকিৎসা কৰি আহিছিল ৰায়ে । লগতে বহু লোকক যোগান ধৰিছিল মৃত্যুৰ প্ৰমাণ পত্ৰ । পিছে এইবাৰ সান্দহ খোৱা বালি তল পৰিল তেওঁৰ ।

অভিজিৎ নেওগ নামৰ এজন চিকিৎসকৰ অভিযোগৰ ভিত্তিত ওদালবাক্ৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসক প্ৰেমানন্দ ৰায়ক । লগতে আৰক্ষীয়ে অস্থায়ীভাৱে বন্ধ কৰি দিয়ে প্ৰেমানন্দ ৰায়ে কৰ্মৰত ফাৰ্মাচীখন । এতিয়া প্ৰশ্ন হয় জনসাধাৰণৰ স্বাস্থ্যৰ সৈতে হেতালি খেলি মহানগৰীত কেনেদৰে চিকিৎসা চলাই গৈছে একাংশ ভুৱা চিকিৎসকে । ইয়াৰ বিৰুদ্ধে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনাই সচেতন ৰাইজে ।

লগতে পঢ়ক: মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয়ৰ বাবেই ৰাজপথত আৱদ্ধ এম্বুলেঞ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.