ETV Bharat / state

মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয়ৰ বাবেই ৰাজপথত আৱদ্ধ এম্বুলেঞ্চ

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 1:26 PM IST

Ambulance carrying patient is blocked on the road due to convoy in Jorhat
মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয়ৰ বাবেই ৰাজপথত আৱদ্ধ এম্বুলেঞ্চ

Ambulance stranded for convoy: অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয়ৰ বাবেই ৰাজপথত আৱদ্ধ ৰোগী কঢ়িওৱা এম্বুলেঞ্চ ৷ ৰাজ্যজুৰি চৰ্চিত এই ঘটনা ৷ অসম আৰক্ষীকো সমালোচনা সৰ্বসাধাৰণৰ ৷

মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয়ৰ বাবেই ৰাজপথত আৱদ্ধ এম্বুলেঞ্চ

যোৰহাট, 6 মাৰ্চ: মন্ত্ৰীৰ কনভয়ৰ বাবে বহু সময় পথত আৱদ্ধ হৈ থাকিবলগীয়া হ’ল ৰোগী কঢ়িওৱা এম্বুলেঞ্চ ৷ উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে 8 আৰু 9 মাৰ্চত যোৰহাট আৰু কাজিৰঙালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ফলত যোৰহাটলৈ সঘন আহ-যাহ ঘটা পৰিলক্ষিত হৈছে নেতা-মন্ত্ৰীৰ ।

কিন্তু মন্ত্ৰীসকলৰ যোৰহাট ভ্ৰমণৰ সময়ত সংঘটিত হোৱা এক ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে । কাৰণ যোৰহাট নগৰৰ তৰাজানত মন্ত্ৰী বা প্ৰশাসনৰ ধমক খোৱাৰ ভয়ত যোৰহাট আৰক্ষীয়ে সংঘটিত কৰিলে এক নিকৃষ্ট কাণ্ড । মন্ত্ৰীৰ কনভয় শৃংখলিতভাবে পাৰ হৈ যোৱাৰ বাবে আৰক্ষীয়ে আৱদ্ধ কৰি ৰাখিলে জৰুৰীকালীন সেৱাৰ বাহন ৷

মন্ত্ৰী বাহন তথা কনভয় পাৰ হৈ যোৱাৰ পিছতহে জৰুৰীকালীন এম্বুলেঞ্চসহ সাধাৰণ পথচাৰীক যাবলৈ অনুমতি দিয়া হয় । ফলত এম্বুলেঞ্চত থকা ৰোগীয়ে আৰ্তনাদ কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হোৱাৰ লগতে সাধাৰণ পথচাৰীয়ে চৰম দুৰ্যোগৰ সন্মুখীন হোৱাৰ এক গুৰতৰ অভিযোগ উথাপিত হৈছে ।

মন্ত্ৰী পীযুষ হাজৰীকাৰ কনভয়ৰ বাবে মংগলবাৰৰ নিশা এম্বুলেঞ্চসহ সাধাৰণ যাত্ৰীসকলেও চৰম যন্ত্ৰণা ভুগিব লগা হয় ৷ মন্ত্ৰী কনভয়ক সুচাৰুৰূপে যাবলৈ দি এম্বুলেঞ্চ আৰু সাধাৰণ পথচাৰীক আৱদ্ধ কৰাৰ এই ঘটনাই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ লগতে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ।

লগতে কেৱল মন্ত্ৰীৰ কনভয়ৰ বাবেই ৰোগী কঢ়িওৱা এম্বুলেঞ্চ বাহন আৱদ্ধ কৰি ৰখা ঘটনাই হতবাক কৰি তুলিছে সাধাৰণ জনতাক । উল্লেখ্য যে জৰুৰীকালীন সেৱা আৰু সাধাৰণ জনতাক আৱদ্ধ কৰি মন্ত্ৰী কনভয়ক যাবলৈ দিয়া কাৰ্য আইনৰ পৰপন্থী । এই সংস্কৃতিৰ কেতিয়া সংশোধন হ'ব বুলিও বিভিন্ন মহলত চৰ্চা চলা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: সাংবাদিকক চৰম অপমান পীযুষ হাজৰীকাৰ: বিজেপিৰ সকলো কাৰ্যসূচী বৰ্জন সাংবাদিক সমাজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.