ETV Bharat / politics

সাংবাদিকক চৰম অপমান পীযুষ হাজৰীকাৰ: বিজেপিৰ সকলো কাৰ্যসূচী বৰ্জন সাংবাদিক সমাজৰ

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 4:26 PM IST

Pijush Hazarika on Journalist
সাংবাদিকক চৰম অপমান পীযুষ হাজৰীকাৰ

Pijush Hazarika in Titabor: পত্ৰযোগে নিমন্ত্ৰণ জনোৱা সাংবাদিকক অপমান কৰিলে জনসংযোগ মন্ত্ৰীয়ে ৷ পীযুষ হাজৰীকাই কৰা অপমানে প্ৰতিবাদমুখৰ কৰি তুলিছে সাংবাদিকক ৷ ক্ষমা নোখোজা পৰ্যন্ত বিজেপিৰ কাৰ্যসূচী বৰ্জনৰ সিদ্ধান্ত ৷

সাংবাদিকক চৰম অপমান পীযুষ হাজৰীকাৰ

যোৰহাট, 5 মাৰ্চ: বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদকৰ্মীৰ প্ৰতি অপমানজনক মন্তব্য প্ৰকাশ কৰি অহাৰ পিচত সেই বাটেৰেই বাট বুলিছে মন্ত্ৰী পীযুষ হাজৰীকায়ো ৷ খোদ জনসংযোগ বিভাগৰ মন্ত্ৰীগৰাকীয়ে এইবাৰ চৰম ভাষাৰে অপমান কৰিলে সাংবাদিকক ৷

উল্লেখ্য যে মঙলবাৰে তিতাবৰৰ দেৱকুমাৰ বৰা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল বিজেপিৰ যোৰহাট জিলাৰ কাৰ্যকৰ্তা সন্মিলন ৷ উক্ত সন্মিলনত অংশগ্ৰহণ কৰিছিল মন্ত্ৰী পীযুষ হাজৰীকাই ৷ সন্মিলনলৈ নিমন্ত্ৰণ জনোৱাৰ পিচত উপস্থিত হৈছিল যোৰহাটৰ সাংবাদিকসকল ৷

বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনখনত মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে উপস্থিত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাও ৷ সভাক্ষত উপস্থিত থকা সাংবাদিকসকলক কঠোৰ ভাষা প্ৰয়োগ কৰি বাহিৰলৈ ওলাই যাবলৈ কয় মন্ত্ৰী হাজৰীকাই ৷ মন্ত্ৰী পীযুষ হাজৰীকাই ভাষণ দিবলৈ আৰম্ভ কৰি কয়, ‘‘বিজেপি কাৰ্যকৰ্তা সন্মিলনত কিয় সাংবাদিকসকল থাকিব লাগে ? বাহিৰলৈ ওলাই যাওক, ভাত খাওক, বাহিৰত বাইট দিয়া হ'ব ৷’’

মন্ত্ৰীগৰাকীয়ে সাংবাদিকক লক্ষ্য কৰি কৰা তীৰ্যক মন্তব্যৰ পিচত সভাকক্ষতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিকসকলে । উল্লেক্য যে তিতাবৰ বিজেপিৰ তৰফৰ পৰা এদিন পূৰ্বে পত্ৰযোগে নিমন্ত্ৰণ পোৱাৰ বাবেহে উক্ত সভাত উপস্থিত হৈছিল সাংবাদিকসকল । নিমন্ত্ৰণ কৰি সাংবাদিকক অপমান কৰা কাৰ্যক স্বাভাৱিকতেই সাংবাদিকসকলে সহজভাৱে ল’ব পৰা নাই ৷

অপমানবোধ কৰা সাংবাদিকসকলক মন্ত্ৰী পীযুষ হাজৰিকাই ক্ষমা নোখোজা পৰ্যন্ত বিজেপিৰ সকলো কাৰ্যসূচী বৰ্জন কৰি বাতৰি পৰিবেশন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে তিতাবৰৰ সাংবাদিক সমাজে । মন্ত্ৰীয়ে কৰা চৰম অপমানক কঠোৰ নিন্দা কৰাছে তিতাবৰ ই-মেডিয়া সংস্থা আৰু তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংস্থাই ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে ‘কা’বিৰোধী প্ৰতিবাদত কঁপিল যোৰহাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.