ETV Bharat / state

জননেতা ৰমণী বৰ্মনৰ দেহাৱসান; গুণমুগ্ধৰ ভিৰ নলবাৰীস্থিত ভাৰাঘৰত

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 11:37 AM IST

Updated : Mar 4, 2024, 12:24 PM IST

Ex Minister Ramani Barman passed away
জননেতা ৰমণী বৰ্মনৰ দেহাৱসান; গুণমুগ্ধৰ ভিৰ নলবাৰীস্থিত ভাৰাঘৰত

Ex Minister Ramani Barman: চিৰদিনলৈ চকু মুদিলে অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা সংগ্ৰামী ট্ৰেড ইউনিয়নিষ্ট ৰমণী বৰ্মনে ৷ বিভিন্ন দল-সংগঠন তথা প্ৰতিষ্ঠানৰ শোক প্ৰকাশ ৷ 87 বছৰ বয়সত দেহাৱসান ঘটে বিশিষ্ট শিক্ষাবিদ তথা বৰ্ষীয়ান নেতাগৰাকীৰ ৷

জননেতা ৰমণী বৰ্মনৰ দেহাৱসান; গুণমুগ্ধৰ ভিৰ নলবাৰীস্থিত ভাৰাঘৰত

নলবাৰী, 4 মাৰ্চ: অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা সংগ্ৰামী ট্ৰেড ইউনিয়নিষ্ট ৰমণী বৰ্মন আৰু নাই । সোমবাৰৰ পুৱা 6 বজাত ভাৰাঘৰৰ কোঠালিত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদ তথা বৰ্ষীয়ান নেতাগৰাকীয়ে । 1978 চনৰ জনতা পাৰ্টীৰ চৰকাৰৰ কালত মন্ত্ৰী আছিল প্ৰয়াত ৰমণী বৰ্মন ৷

গোলাপ বৰবৰাৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত ৰমণী বৰ্মন আছিল শিক্ষামন্ত্ৰী তথা গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী । তেওঁৰ মৃত্যুত সমগ্ৰ নলবাৰীত শোকৰ ছাঁ । নলবাৰীৰ ভাৰাঘৰত বহুদিনৰ পৰাই শয্যাগত হৈ আছিল মন্ত্ৰীগৰাকী । 1978 চনত বিধানসভা নিৰ্বাচনত ধৰ্মপুৰ বিধানসভাৰ পৰা নিৰ্বাচিত হৈছিল ৰমণী বৰ্মন ৷ তেতিয়াই প্ৰয়াত মন্ত্ৰী ভূমিধৰ বৰ্মনক 3363 টা ভোটত পৰাস্ত কৰিছিল মন্ত্ৰী ৰমণী বৰ্মনে ৷

মন্ত্ৰী বৰ্মণ এসময়ত নলবাৰী কলেজৰ ৰাজনীতি বিভাগৰ অধ্যাপক আছিল যদিও পিচলৈ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে । মন্ত্ৰীগৰাকী এন এফ ৰে’লৱে মজদুৰ ইউনিয়ন আৰু নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসা সুৰক্ষা মঞ্চৰ সৈতেও জড়িত আছিল । জননেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠন তথা প্ৰতিষ্ঠানে । ইতিমধ্যে নলবাৰীৰ ভাৰাঘৰত অনেক গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

উল্লেখ কৰা প্ৰয়োজন যে আজিৰ পৰা প্ৰায় এমাহ পূৰ্বে অশীতিপৰ ৰাজনৈতিক নেতাজন অসুস্থ হৈ থকাৰ খবৰ সংবাদ মাধ্যমযোগে পোহৰলৈ আহিছিল ৷ 'হৃদয়ৰ সংলাপ' নামৰ আত্মজীৱনীত বহু কথা লিপিবদ্ধ কৰা ৰমণী বৰ্মনলৈ এইবেলি আগবঢ়োৱা হৈছে জীৱন শিল্পী আদ্য শৰ্মা বঁটা । নলবাৰী আৰ্ট স্কুলৰ তৰফৰ পৰা বিগত 22 ফেব্ৰুৱাৰীত প্ৰদান কৰা হয় এই বঁটা ৷

লগতে পঢ়ক: ভাৰা কোঠালীৰ শেতেলীত নীৰৱে মৃত্যুৰ ক্ষণ গণিছে প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মনে

Last Updated :Mar 4, 2024, 12:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.