ETV Bharat / state

জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলত হস্তী গণনা কাৰ্যসূচী

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 2:06 PM IST

Elephant Census at Poba RF : জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ হস্তী গণনা কাৰ্যসূচী ৷ অংশগ্ৰহণ অৱসৰপ্ৰাপ্ত বন সংৰক্ষক, জিলা বন বিষয়া আৰু জোনাই বন বিষয়াৰ ।

পবা সংৰক্ষিত বনাঞ্চলত হস্তী গণনা কাৰ্যসূচী সম্পন্ন
পবা সংৰক্ষিত বনাঞ্চলত হস্তী গণনা কাৰ্যসূচী সম্পন্ন

পবা সংৰক্ষিত বনাঞ্চলত হস্তী গণনা কাৰ্যসূচী

জোনাই, ১ মাৰ্চ : অসমৰ বিভিন্ন বনাঞ্চলত যোৱা ২২ ফেব্ৰুৱাৰীৰ আৰম্ভ হৈছে হস্তী গণনা কাৰ্যসূচী ৷ অসম চৰকাৰৰ বন বিভাগৰ অধীনত আৰম্ভ হৈছে এই হস্তী গণনা কাৰ্যসূচী । বন বিভাগৰ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ধেমাজি জিলাৰ জোনাইৰ পবা বনাঞ্চলতো সফলতাৰে সমাপন হয় হস্তী গণনা কাৰ্যসূচী ৷

উল্লেখ্য যে জোনাই আঞ্চলিক বন বিভাগৰ অধীনৰ পবা সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ দলে বিগত এসপ্তাহ ধৰি চলায় এই হস্তী গণনা কাৰ্যসসূচী । এই হস্তী গণনা কাৰ্যসূচীৰ অন্তিম দিনাৰ কাযৰ্সূচীত অসম চৰকাৰৰ বন বিভাগৰ অৱসৰপ্ৰাপ্ত বন সংৰক্ষক নীতিশ চক্ৰৱৰ্তী, ধেমাজি জিলা বন বিষয়া কৃষ্ণ দেউৰী, জোনাই বন বিষয়া মুকুট ৰাভা উপস্থিত থাকে ৷

পৰম্পৰাগতভাৱে গণেশ বাবালৈ পূজা আগবঢ়াই জোনাইৰ বন বিভাগৰ দলটোৱে পবা সংৰক্ষিত বনাঞ্চলত আৰম্ভ কৰে এই হস্তী গণনা কাৰ্যসূচী ৷ পবা সংৰক্ষিত বনাঞ্চলক মুঠ ৫টা খণ্ডত বিভক্ত কৰি এসপ্তাহ ধৰি বন বিভাগৰ দলে হস্তী গণনা কাৰ্যসূচী সম্পন্ন কৰে ৷ এই হস্তী গণনা কাৰ্যসূচীত বন বিভাগৰ দলটোৱে হাতীৰ দণ্ডী, আৱাস ভূমি, খাদ্য সম্ভাৰৰ লগতে আন আন বহু দিশৰ ওপৰত অধ্যয়ন চলায় ৷ লগতে এই হস্তী গণনা কাৰ্যসূচীত পবা সংৰক্ষিত বনাঞ্চলত হাতীৰ সংখ্যাৰ ওপৰতো অধ্যয়ন চলোৱা হয় ৷

আনহাতে, এই গণনাৰ সময়ত উপস্থিত থাকি অৱসৰপ্ৰাপ্ত বন সংৰক্ষক নীতিশ চক্ৰৱৰ্তীয়ে পবা বনাঞ্চল পৰিদৰ্শন কৰি চৰকাৰক জীৱ-বৈচিত্ৰ্যৰ ভঁৰাল তথা বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক শীঘ্ৰে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে, পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰিব পৰাকৈ সকলো উপাদান থকা বুলি উল্লেখ কৰে অৱসৰপ্ৰাপ্ত বন বিষয়াগৰাকীয়ে । আনহাতে, পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰিলে বন বিভাগ তথা ৰাজ্য চৰকাৰৰ ৰাজহ আহৰণ বৃদ্ধি পোৱাৰ লগতে স্থানীয় লোকসকলৰো জীৱন ধাৰণৰ মান উন্নত হ'ব বুলি তেওঁ লগতে উল্লেখ কৰে ।

লগতে পঢ়ক :মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হস্তী গণনা প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.