ETV Bharat / state

মানাহ ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হস্তী গণনা প্ৰক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 9:51 PM IST

Manas National Park
মানাহ ৰাষ্ট্ৰীয় উদ্যান

Manas National Park:মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন্যহস্তী গণনাৰ বাবে বনকৰ্মীসকলে জিপিএছ টেগ আৰু ড্ৰোণৰ সহায় লৈছে । ৰাজ্য়ত ২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ বন্যহস্তী গণনা প্ৰক্ৰিয়া ।

মানাহ ৰাষ্ট্ৰীয় উদ্যান

বাক্সা, ২৩ ফেব্ৰুৱাৰীঃ ৰাজ্যত ২০ ফেব্ৰুৱাৰীৰ পৰা সপ্তাহজোৰাকৈ আৰম্ভ হৈছে বন্য হস্তী গণনা প্ৰক্ৰিয়া । ৰাজ্য়ৰ আন ঠাইৰ সমান্তৰালভাৱে বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানতো আৰম্ভ কৰা হৈছে বন্যহস্তী গণনা প্ৰক্ৰিয়া । ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ আটাইকেইটা ৰেঞ্জ বাঁহবাৰী, ভূঞাপাৰা,পাণবাৰী আৰু কুকলুংত খণ্ড খণ্ডকৈ চলি আছে হস্তী গণনা প্ৰক্ৰিয়া । আজি এই বিষয়ে সদৰী কৰিছে বাঁহবাৰী বনাঞ্চলৰ বনাঞ্চলিক বিষয়া অভিনৱ বৰুৱাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

বাঁহবাৰী বনাঞ্চলৰ বনাঞ্চলিক বিষয়া অভিনৱ বৰুৱাই এই প্ৰসংগত কয় যে মানাহৰ আটাইকেইটা ৰেঞ্জতে হস্তীৰ সংখ্যা যথেষ্ট পৰিমাণে বেছি । মানাহলৈ অহা পৰ্যটকসকলে আটাইকেইটা ৰেঞ্জতে প্ৰায় হস্তীৰ মুক্ত বিচৰণৰ দৃশ্য উপভোগ কৰি আহিছে । অৱশ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কোনটো ৰেঞ্জত হস্তীৰ সংখ্যা বেছি গণনা প্ৰক্ৰিয়াৰ পিচতহে নিৰ্ধাৰণ কৰা হ'ব বুলি তেওঁ কয় ।

শালবাৰী বনাঞ্চলৰ বন বিষয়া বাবুল ব্ৰহ্মই কয় যে ২০১৭ চনৰ হস্তী গণনা প্ৰক্ৰিয়া অনুসৰি মানাহত হস্তীৰ সংখ্যা আছিল ১০৩৪ টা । সেই সময়ত মানাহৰ তিনিটা ৰেঞ্জ বাঁহবাৰী, ভূঞাপাৰা আৰু পাণবাৰীত চলিছিল হস্তী গণনা প্ৰক্ৰিয়া । এইবাৰ ৰাষ্ট্ৰীয় উদ্যানখনত নতুনকৈ সংযোগ হোৱা কুকলুং ৰেঞ্জতো চলিছে এই প্ৰক্ৰিয়া । যাৰ ফলত মানাহত এইবাৰ হস্তী গণনা প্ৰক্ৰিয়াৰ ক্ষেত্রত অঞ্চল বৃদ্ধি হোৱা হেতুকে পূৰ্বৰ তুলনাত হস্তীৰ সংখ্যা যথেষ্টভাৱে বৃদ্ধি পাব বুলি আশা ব্য়ক্ত কৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । উল্লেখ্য যে মানাহত এইবাৰ বনকৰ্মীসকলে জিপিএছ টেগ কৰি আৰু ড্ৰোণৰ সহায়ত চলাইছে হস্তী গণনা প্ৰক্ৰিয়া ।

লগতে পঢ়ক:উচিত মূল্য নোপোৱাকৈয়ে বহ্মপুত্ৰৰ চাপৰিত নহৰু খেতি কৰি আহিছে ধেমাজিৰ কৃষকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.