ETV Bharat / state

কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে নকল যোগান ধৰাৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 8:43 PM IST

HSLC exam 2024: এগৰাকী কলেজ অধ্যক্ষৰ বিৰুদ্ধে পৰীক্ষাৰ্থীক নকল যোগানৰ অভিযোগ ৷ নিজৰ আত্মীয় হোৱা বাবেই দুয়োগৰাকী পৰীক্ষাৰ্থীক নকল যোগান ধৰিছিল কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথে ৷ জিলা প্ৰশাসনে ইতিমধ্যেই ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷

HSLC exam 2024
irregularities in exam

কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে নকল যোগান ধৰাৰ অভিযোগ

শিলচৰ, 20 ফেব্ৰুৱাৰী: মেট্ৰিক পৰীক্ষা কেতিয়াবা বিসংগতিমুক্ত হ’বনে ? কোনোবাই আপোনাক যদি এনেদৰে প্ৰশ্ন কৰে, তেন্তে উত্তৰ দিবলৈ হয়তো আপুনি চিন্তা কৰিব লাগিব এখন্তেক ৷ চিন্তা কৰিবলগীয়া কথাই অৱশ্যে ৷ শেহতীয়া বছৰসমূহত কোনোবাৰেই সুকলমে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই ছেবাই ৷ কোনোবা বছৰ যদি গৰুৱে বহী খাইছে, আন কোনোবা বছৰ আকৌ প্ৰশ্ন কাকত ফাদিল হৈছে ৷ সেয়া একো নহ’লে পৰীক্ষা কেন্দ্ৰত দ’মে দ’মে নকল ওলাইছে ৷ মুঠতে এশ এটা সমস্যাৰ মাজত মেট্ৰিক পৰীক্ষা বছৰি হৈ আহিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এইবাৰো 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষা ৷ প্ৰথম দিনাই খবৰ ওলাল প্ৰশ্নকাকত ফাদিলৰ ৷ অৱশ্যে সেই খবৰ মিছা বুলি প্ৰমাণিত হোৱাত এবাৰলৈ স্বস্তিৰ নিশ্বাস ল’লে ছেবা কৰ্তৃপক্ষই ৷ কিন্তু বিসংগতিয়ে লগ নেৰিলে মেট্ৰিকক ৷ এইবাৰ নকলে লগালে পঁয়পাল ৷ খোদ শিক্ষকেই নকল যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে কাছাৰ জিলাৰ শিলচৰত ৷

নিজৰ আত্মীয় দুগৰাকী পৰীক্ষাৰ্থীক ছিক ৰূমত পৰীক্ষা দিয়াৰ সুবিধা কৰি দিয়াৰ লগতে নিজেই নকল যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে কাছাৰ কলেজৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথৰ বিৰুদ্ধে ৷ সোমবাৰে অনুষ্ঠিত হৈছে মেট্ৰিকৰ সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা ৷ অধ্যক্ষগৰাকীয়ে নিজৰ দুই আত্মীয় পৰীক্ষাৰ্থীক এইদৰে নকল যোগান ধৰাৰ কথা গম পোৱাৰ পিচতেই আৰক্ষীয়ে তালাচী চলায় আৰু সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷

এই খবৰ লাভ কৰাৰ পিচতেই জিলা আয়ুক্তৰ নিৰ্দেশত পৰীক্ষাকেন্দ্ৰটোত উপস্থিত হয় অতিৰিক্ত আয়ুক্ত অন্তৰা সেন ৷ তেওঁৰ সমুখত অধ্যক্ষই নকল যোগান ধৰাৰ কথা স্বীকাৰ কৰে দুয়োগৰাকী পৰীক্ষাৰ্থীয়ে ৷ এই ঘটনাক লৈ তোলপাৰ লাগিছে কাছাৰ জিলা শিক্ষা বিভাগত ৷ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ দা.ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে বিভিন্ন মহলে ৷

লগতে পঢ়ক: খানা খুৱাবলৈ লৈ গ'ল ছাত্ৰীক, শিক্ষকৰ পিঠিত অভিভাৱকৰ চেণ্ডেলৰ কোব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.