ETV Bharat / state

খানা খুৱাবলৈ লৈ গ'ল ছাত্ৰীক, শিক্ষকৰ পিঠিত অভিভাৱকৰ চেণ্ডেলৰ কোব

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 7:04 PM IST

Nalbari school incident: নলবাৰীৰ বৰক্ষেত্ৰী আঞ্চলিক বড়ো এম. ই. স্কুলত উত্তপ্ত পৰিস্থিতি । বিদ্যালয় চলি থকাৰ মাজতে এজন শিক্ষকে কেইগৰাকীমান ছাত্ৰীক খানা খুৱাবলৈ লৈ গ'ল । শিক্ষকৰ এনে কাণ্ডত ক্ষোভিত অভিভাৱক । বিদ্যালয় চৌহদতে শিক্ষকক জবাবদিহি কৰিলে অভিভাৱকে ।

Nalbari school incident
শিক্ষকৰ পিঠিত অভিভাৱকৰ চেণ্ডেলৰ কোব

শিক্ষকৰ পিঠিত অভিভাৱকৰ চেণ্ডেলৰ কোব

নলবাৰী,২০ ফেব্ৰুৱাৰী : বিদ্যালয় চলি থকাৰ মাজতে ছাত্ৰীক খানা খুৱাবলৈ লৈ গৈ বিপদত শিক্ষক । ছাত্ৰীৰ অভিভাৱকে লপা-থপা দিলে অভিযুক্ত শিক্ষকক । অভিযুক্ত শিক্ষকৰ গালত পৰিল অভিভাৱকৰ চেণ্ডেলৰ কোব । ঘটনাক লৈ তীব্ৰ উত্তেজনা নলবাৰীৰ মুকালমুৱাৰ বৰক্ষেত্ৰী আঞ্চলিক বড়ো এম ই স্কুলত ।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বৰক্ষেত্ৰী আঞ্চলিক বড়ো এম. ই. স্কুলত মঙলবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । জানিব পৰা মতে বিদ্যালয়খনৰ কেইগৰাকীমান ছাত্ৰীক এজন শিক্ষকে খানা খুৱাবলৈ লৈ গৈছিল । আনহাতে অভিভাৱকসকলে অভিযোগ কৰা মতে শিক্ষকজনে অসৎ অভিপ্ৰায়েৰে ছাত্ৰীকেইগৰাকীক খানা খুৱাবলৈ লৈ গৈছিল । যাৰ বাবে মঙলবাৰে শিক্ষকজনক বিদ্যালয়ৰ চৌহদতে অভিভাৱকসকলে উভতি ধৰে । কেৱল এয়াই নহয় একাংশ ক্ষোভিত অভিভাৱক আৰু স্থানীয় লোকে শিক্ষকজনক আক্ৰমণো কৰে ।

জানিব পৰা মতে অভিযুক্ত শিক্ষকজন হৈছে মণ্টু কুমাৰ মেধি । সোমবাৰে শিক্ষকজনে বিদ্যালয়খনৰ সপ্তম আৰু অষ্টম শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰীক বিদ্যালয় চলি থকাৰ সময়তে গাঁৱৰ এঘৰলৈ খানা খুৱাবলৈ লৈ গৈছিল । কিন্তু এই বিষয়টো বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে অন্য শিক্ষক সকলো অৱগত নাছিল । বিদ্যালয় চলি থকাৰ মাজতে এনেদৰে ছাত্ৰীক অন্য স্থানলৈ লৈ যোৱাৰ ঘটনাক সহজভাৱে ল'ব পৰা নাই অভিভাৱক তথা স্থানীয় লোকসকলে । সেয়ে বিদ্যালয়খনত ছাত্ৰীকেইগৰাকীৰ অভিভাৱকে উপস্থিত হৈ শিক্ষকজনক প্ৰশ্ন কৰে আৰু শাৰীৰিকভাৱে আক্ৰমণো কৰে ।

পৰৱৰ্তী সময়ত বিদ্যালয়খনত দৌলাশাল আৰক্ষী উপস্থিত হৈ শিক্ষকজনক উদ্ধাৰ কৰি লৈ যায় । ইফালে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ ভাষ্য অনুসৰি শিক্ষক মন্টু কুমাৰ মেধিৰ পূৰ্বৰে পৰা বিদ্যালয়ৰ উপস্থিতি অনিয়মীয়া আছিল । ইফালে মাজে সময়ে শিক্ষকজনে বিদ্যালয়লৈ মদ্যপান কৰিও অহাৰ অভিযোগ কৰে স্থানীয় লোকসকলে ।

লগতে পঢ়ক :কলিয়াবৰত গৰুচুৰি ঘটনা সন্দৰ্ভত মহকুমাধিপতিক আছুৰ স্মাৰকপত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.