ETV Bharat / state

চতিয়াৰ স্বনিৰ্ভৰশীল যুৱক ইমদাদুল হকৰ কাহিনীৰে...

author img

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 12:45 PM IST

Updated : Mar 10, 2024, 2:17 PM IST

Self Reliant youth in Biswanath
চতিয়াৰ স্বনিৰ্ভৰশীল এজন যুৱকৰ কাহিনী

Self Sufficient : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্বাৱলম্বিতাৰ উকমুকনি । কোনোৱে যদি জৈৱিক পদ্ধতিৰে বুলিছে স্বাৱলম্বিতাৰ বাট, আন কাৰোবাৰ হাঁহ-কুকুৰা অথবা মীন পালন কৰি লাভ কৰি গঢ়িছে সংস্থাপনৰ ভেঁটি । ৰাজ্যৰ এজন স্বাৱলম্বী যুৱকৰ খবৰেৰে এই বিশেষ প্ৰতিবেদন ।

চতিয়াৰ স্বনিৰ্ভৰশীল এজন যুৱকৰ কাহিনী

বিশ্বনাথ, ১০ মাৰ্চ : পথাৰো আমাৰ বজাৰো আমাৰ । কথাৰে নহয় কামেৰে দিছে পৰিচয় । এটা চাকৰি লাগে । বৰ্তমান সময়ত এয়া এক যুৱ প্ৰজন্মৰ বাবে এক ডাঙৰ সমস্যা । চাকৰিয়েই একমাত্ৰ উপায় নহয় । বহু সময়ত এই কথা প্ৰমাণিত হৈ আহিছে। স্বাৱলম্বী হোৱাৰো আছে ভিন্ন উপায় ।

চাকৰি পিচত হাবাথুৰি নাখাই একাংশ যুৱক-যুৱতীয়ে কৃষি-কৰ্মৰ জৰিয়তে বাছি লৈছে স্বাৱলম্বিতাৰ পথ । তেনে এজন স্বাৱলম্বী যুৱক ইমদাদুল হক । চতিয়াৰ চালিয়া চাপৰিত ইমদাদুলৰ উৰ্পাজনমুখী যাত্ৰা । ঘৰৰ চোতালত গঢ়িছে সংস্থাপনৰ ভেঁটি ।

হয় ইমদাদুল হকে ঘৰৰ চোতালতে এইদৰে গঢ়ি তুলিছে বিভিন্ন প্ৰকাৰৰ হাঁহ-কুকুৰা, ছাগলী, মৎস্য পালনৰে এক সুন্দৰ জীৱিকা পথ । কেইবা প্ৰজাতিৰ হাঁহৰ লগতে বিভিন্ন প্ৰজাতিৰ মুৰ্গী উপলব্ধ ইমদাদুলৰ এই ফাৰ্মসমূহত । যিকোনো সময়ত বহু নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপন বিচাৰি বহি ৰাজ্যলৈ গৈছে তেনে সময়তে ইমদাদুলে দেখুৱাইছে এই নিদৰ্শন ।

লগতে পঢ়ক: চাকৰি-চাকৰি বুলি শেষ নকৰিব জীৱনৰ অধিকাংশ সময়

এই কৰ্মজীৱনৰ জৰিয়তে ইমাদুলে সুন্দৰভাৱে পৰিয়ালক পোহপাল দিয়াৰ লগতে আৰ্থিকভাৱে সৱল হ'বলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে ইমাদুলে । ইমদাদুলৰ এই কৰ্মমূখী যাত্ৰাত যথেষ্ট সুখী ইমদাদুলৰ লগতে পৰিয়াল । ইমদাদুলৰ এই সফল কৰ্মমুখী যাত্ৰা হৈ পৰিছে বহুজনৰ আদৰ্শস্বৰূপ । অঞ্চলটোৰ ৰাইজে ইমদাদুলৰ এই প্ৰচেষ্টাক শলাগ লৈছে ।

উল্লেখ্য যে, অসম চৰকাৰৰ প্ৰচেষ্টাত বৰ্তমান সময়ত ৰাজ্যৰ যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যৰে বিভিন্ন অভিলাষী আঁচনি ৰূপায়ণ কৰিছে । চৰকাৰৰ প্ৰচেষ্টাক সঁহাৰি জনাই বহু যুৱক-যুৱতীয়ে মনোনিৱেশ কৰিছে কৃষি-কৰ্মত । নিশ্চয়কৈ এয়া ৰাজ্যবাসীৰ বাবে এক আশাৰ কবৰ ।

লগতে পঢ়ক: বিবিধ পাচলিৰ খেতিৰে বুঢ়ীদিহিঙৰ পাৰত কৃষি বিপ্লৱ

Last Updated :Mar 10, 2024, 2:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.