ETV Bharat / state

চাকৰি-চাকৰি বুলি শেষ নকৰিব জীৱনৰ অধিকাংশ সময়

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 2:04 PM IST

Updated : Dec 6, 2023, 3:11 PM IST

বিজ্ঞান ভিত্তিক ফলমূল আৰু ৰবিশস্যৰ খেতি কৰি প্ৰতি বছৰে লাখ লাখ টকা উপাৰ্জন কৰিছে লাহোৱালৰ প্ৰবোধ গগৈয়ে ৷ আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দেখুৱাই ৮ জনক দিছে কৰ্মসংস্থাপন ৷

Self Reliance through Farming
এজন সফল কৃষক

এজন সফল কৃষক

ডিব্ৰুগড়, 6 ডিচেম্বৰ : বৰ্তমান সময়ত সাহস আৰু মনত উদ্যম থাকিলে সকলো কথাতে সফলতা অৰ্জন কৰিব পাৰি । লগতে থাকিব লাগিব প্ৰচুৰ আত্মবিশ্বাস ৷ পঢ়া-শুনা, চাকৰি-বাকৰিৰ পিচত এচামে দৌৰি জীৱন যাত্ৰাত ভাগৰি পৰিছে, কিন্তু তথাপি নাভাবে নিজৰ মাটিতে খেতি কৰাৰ কথা ! আজিৰ অসমীয়া ! কিন্তু তাৰ মাজতো আছে এনে বহু ব্যক্তি যিয়ে খেতিকেই মূল জীৱিকা অৰ্জনৰ পথ হিচাপে ব্যৱহাৰ কৰিছে ৷ আজি আপোনালোকলৈ আগবঢ়াইছো তেনে এজন ব্যক্তিৰ কাহিনী ৷

লাহোৱালৰ ফুটাহোলা গাঁৱৰ প্ৰবোধ গগৈ ৷ এগৰাকী উদ্যমী আৰু আদৰ্শ খেতিয়ক ৷ বিজ্ঞান ভিত্তিক ফলমূল আৰু ৰবিশস্যৰ খেতি কৰি প্ৰতি বছৰে লাখ লাখ টকা উপাৰ্জন কৰাৰ লগতে প্ৰবোধ গগৈয়ে সূচনা কৰিছে নতুন কৃষি বিপ্লৱৰ । যি সময়ত শিক্ষিত যুৱক-যুৱতীসকল কেৱল মাত্ৰ চৰকাৰী চাকৰিমুখী হৈছে, তেনে সময়তে দেউতাকে কৰি অহা খেতিসমূহ বিজ্ঞান ভিত্তিকভাৱে কৰিবলৈ মন মেলিলে প্ৰবোধ গগৈয়ে ।

মনত আৰম্ভ হোৱা সেই ইচ্ছাক কাৰ্যকৰী কৰি আজি এজন সফল কৃষক হৈ পৰিছে তেওঁ । কৃষি বিভাগৰ পৰা কোনোধৰণৰ সহায় নোলোৱাকৈয়ে প্ৰায় ৩০ বিঘা মাটিত ৰেড লেডী 786 জাত অমিতা, ৰঙালাও, বেঙেনা, মূলা, লাইশাক আৰু আপেল, বগৰীৰ উপৰিও উন্নত জাতৰ থাই অলটাইম আম খেতিৰে স্বাৱলম্বী হৈ পৰিছে তেওঁ । অমিতা আৰু বগৰী খেতিৰে প্ৰবোধ গগৈয়ে নিজে স্বাৱলম্বী হৈ পৰাৰ ওপৰিও আন ৮ জনকৈ শ্ৰমিককো কৃষি কৰ্মত সহায়ক হিচাপে নিয়োজিত কৰি কৰ্মসংস্থাপনৰ বাট মোকলাই দিবলৈ সক্ষম হৈছে ।

আদৰ্শ খেতিয়ক প্ৰবোধ গগৈয়ে ৰেড লেডী 786 নামৰ উন্নত প্ৰজাতিৰ অমিতা বিক্ৰী কৰি বছৰি ৩ লাখ ৭০ হাজাৰ টকা আৰু আপেল বগৰী বিক্ৰী কৰি বাৰ্ষিক ৬ লাখ ৫০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । ইয়াৰোপৰি বিবিধ শাক-পাচলি বিক্ৰী কৰিও বাৰ্ষিক বছৰি কেইবালাখ টকাৰ উপাৰ্জন কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিছে তেওঁ । দৈনিক ডিব্ৰুগড় জিলাৰ বিভিন্ন বজাৰৰ পৰা ফলমূল আৰু শাক-পাচলি বিক্ৰেতাসকলে প্ৰবোধ গগৈৰ কৃষি পথাৰৰ পৰা লৈ যায় সকলো । বিজ্ঞানভিত্তিক ব্যতিক্ৰমী চিন্তাৰে কৃষি বিপ্লৱৰ সূচনা কৰা এই গৰাকী কৃষক এতিয়া সকলোৰে আদৰ্শ স্বৰূপ হৈ উঠিছে যদিও আজি পৰ্যন্ত বিয়াগোম কৃষি বিভাগে কোনো সহায় আগবঢ়োৱা নাই । কৃষি বিভাগৰ সহযোগিতা পালে কৃষি কাৰ্য আগবঢ়াই নিয়াত অধিক সহায়ক হ’ব বুলিও কয় আদৰ্শ খেতিয়ক প্ৰবোধ গগৈয়ে ।

লগতে পঢ়ক : Self Reliance through Farming:খেতিৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ মুকলি তিনিগৰাকী মহিলাৰ

Last Updated :Dec 6, 2023, 3:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.