ETV Bharat / state

প্ৰথমবাৰৰ বাবে গুৱাহাটীত অসম জুৱেলাৰী এক্সপ’

Assam Jewellery Expo: উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা গহনাক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে গুৱাহাটীত অসম জুৱেলাৰী এক্সপ’ৰ আয়োজন ৷

Assam Jewellery Expo in Guwahati for the first time
সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : March 9, 2024 at 10:55 PM IST

2 Min Read
Choose ETV Bharat
আয়োজকৰ ভাষ্য

গুৱাহাটী, ৯ মাৰ্চ : প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে জুৱেলাৰী এক্সপ’ ৷ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ আগবঢ়া এই এক্সপ’ কিছু অনুষ্টুপীয়া হ’ব বুলি আয়োজকে জানিবলৈ দিছে ৷ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখনি সংবাদমেলৰ আয়োজন কৰা হয় এই অসম জুৱেলাৰী এক্সপ’ সন্দৰ্ভত ৷

  • " class="align-text-top noRightClick twitterSection" data="">

গুৱাহাটীৰ আশী অপ্সৰাৰ বেনকুৱেট হলত ২২, ২৩ মাৰ্চত কে এন চি ছাৰ্ভিছৰ উদ্যোগত আৰু নিখিল অসম স্বৰ্ণ শিল্পী সমিতি সন্থাৰ সহযোগত আয়োজন কৰা হৈছে অসম জুৱেলাৰী এক্সপ’ । শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখনি সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে কে এন চি ছাৰ্ভিছৰ প্ৰতিষ্ঠাপক ক্ৰান্তি নৱেকৰে । তেওঁ লগতে কয়-নিখিল অসম স্বৰ্ণ শিল্পী সমিতি সন্থাৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই এক্সপ’ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন থলুৱা গহনাৰ প্ৰদৰ্শন কৰা হ’ব । আয়োজকে জানিবলৈ দিয়া অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ স্বৰ্ণ শিল্পীকে তেওঁলোকে আমন্ত্ৰণ জনাইছে ৷ কাম কৰাৰ ইচ্ছা থকা স্বত্বেও সা-সুবিধাৰ পৰা বঞ্চিত হৈ থকা সকলৰ বাবে ই এক সুবৰ্ণ সুযোগ ৷

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ থলুৱা গহণাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অসমত পোন প্ৰথমবাৰৰ বাবে এই এক্সপ’ৰ আয়োজন কৰা হৈছে । সংবাদ মেলত নিখিল ভাৰত স্বৰ্ণ ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক প্ৰশান্ত ৰয়ে কয় যে প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই জুৱেলাৰী এক্সপ’ৰ জৰিয়তে ৰাজ্যখনৰ স্বৰ্ণ শিল্পীসকলে দেশৰ বিভিন্ন স্থানৰ স্বৰ্ণ শিল্পীৰ ডিজাইনসকলৰ লগত পৰিচয় হোৱাৰ সুবিধা লাভ কৰিব ।

অসম জুৱেলাৰী এক্সপ’ত কেৱল গহনা প্ৰদৰ্শনেই নহয়, ইয়াত গহনা নিৰ্মাণৰ কামত ব্যৱহাৰ হোৱা বিভিন্ন মেচিনো প্ৰদৰ্শন কৰা হ’ব ৷ স্বৰ্ণ শিল্পীসকলে এই মেচিনবোৰৰ বিষয়ে জানিব পাৰিব আৰু নিজৰ কামত ব্যৱহাৰ কৰিব পাৰিব । এই অসম জুৱেলাৰী এক্সপ’ পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে চলি থাকিব ৷

লগতে পঢ়ক : চিলাপথাৰৰ ডিমৌ নৈৰ পাৰৰ শিৱমন্দিৰত ৪ দিনীয়াকৈ আয়োজন শিৱ পূজা