চিলাপথাৰৰ ডিমৌ নৈৰ পাৰৰ শিৱমন্দিৰত ৪ দিনীয়াকৈ আয়োজন শিৱ পূজা

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 9:46 PM IST

thumbnail

জোনাই, ৮ মাৰ্চ : আজি মহাশিৱৰাত্ৰি । ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ভক্তসকলে আয়োজন কৰিছে শিৱৰাত্ৰি । সমান্তৰালকৈ চিলাপথাৰৰ ডিমৌ নৈৰ পাৰৰ শিৱমন্দিৰটোতো আজিৰে পৰা ৪ দিনীয়াকৈ আয়োজন কৰা হৈছে শিৱৰাত্ৰিৰ পূজা ৷

এই ঐতিহাসিক ভগৱান দেলু জিলি শিৱ মন্দিৰত আগন্তুক MAC ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সপোন আগত ৰাখি মহাশিৱৰাত্ৰিৰ দিনা ভগৱানৰ শ্ৰী চৰণত আশীষ ল’লে চিলাপথাৰৰ বিজেপিৰ নেতা সুনিতী বসুমতাৰী মিলিয়ে ৷

১৯৮৫ চনত প্ৰতিষ্ঠা হোৱা ঐতিহ্যমণ্ডিত শিৱমন্দিৰটোৰ জৰাজীৰ্ণ ৰূপ দেখি উদীয়মান ব্যৱসায়ী তথা সমাজসেৱক সঞ্জয় বসুমতাৰীয়ে মন্দিৰৰ মূল তোৰণৰ পৰা মূল মন্দিৰলৈ পকী কৰি দিয়া শিৱমন্দিৰত পৰিয়ালৰে সৈতে আহি নৈবদ্য আগবঢ়াই সুখী অনুভৱ কৰাৰ কথা উল্লেখ কৰে তেওঁ ৷

ইপিনে শুকুৰবাৰৰ পুৱাৰে পৰা শিৱমন্দিৰত শ শ ভক্তপ্ৰাণ ৰাইজৰ সমাগত ঘটিছে ৷ শিৱপূজাৰ লগত সংগতি ৰাখি সমিতিয়ে আয়োজন কৰিছে বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা ৷

লগতে পঢ়ক : মহানগৰীত মহাশিৱৰাত্ৰি: পদযুগল থকা এটা জীয়াশিলৰ শিৱ মন্দিৰত ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.