ETV Bharat / state

১১৬ টা কেন্দ্ৰত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা সম্পন্ন

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 10:35 PM IST

APSC CCE Prelims 2024: অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত প্রতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা, ২০২৩ সুকলমে সম্পন্ন ৷ এইবাৰ পৰীক্ষাত পোন প্ৰথমবাৰৰ বাবে OMRৰ সৈতে প্ৰাৰ্থীৰ বাবে কাৰ্বন প্রতিলিপি উপলব্ধ কৰা হৈছে । সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ মূল পৰীক্ষা জুলাইত অনুষ্ঠিত হ'ব ।

APSC CCE Prelims 2024
অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা সম্পন্ন

গুৱাহাটী, ১৮ মার্চ: ৰাজ্যত সোমবাৰে অনুষ্ঠিত হয় অসম লোকসেৱা আয়োগে সংযুক্ত প্রতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা । ৰাজ্যৰ ৩২খন জিলাৰ মুঠ ১১৬টা কেন্দ্ৰত অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত প্রতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা, ২০২৩ সুকলমে সম্পন্ন হয় । এই পৰীক্ষাৰ জৰিয়তে নিযুক্তি হ'বলগীয়া ২৩৫টা পদৰ বাবে মুঠ ৬৭,২৫১ গৰাকী প্রার্থীয়ে আবেদন দাখিল কৰিছিল । এই ২৩৫টা পদৰ ভিতৰত ACSৰ বাবে ৪৫টা আৰু APSৰ বাবে ৩৫টা পদ আছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

পোনপ্ৰথমবাৰৰ বাবে এইবাৰ OMRৰ সৈতে প্ৰাৰ্থীৰ বাবে কাৰ্বন প্রতিলিপি উপলব্ধ কৰা হৈছে । সংযুক্ত প্রতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা, ২০২৩ৰ প্ৰশ্নসমূহৰ "Provisional Answer Key" সমূহ পৰীক্ষা শেষ হোৱাৰ অন্তত আয়োগৰ ৱেবচাইটত উপলব্ধ কৰা হৈছে । লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ মূল পৰীক্ষা জুলাইত অনুষ্ঠিত হ'ব । এই মূল পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ ইংৰাজীৰ লগতে অসমীয়াতো উপলব্ধ কৰা হ'ব বুলি অসম লোকসেৱা আয়োগে এক বিবৃতিযোগে প্ৰকাশ কৰিছে ।

এই পৰীক্ষাটো সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্রত সকলো জিলা আযুক্ত, জিলা আৰক্ষী অধীক্ষক তথা আৰক্ষীৰ লোকসকল, শিক্ষানুষ্ঠানসমূহৰ কর্তৃপক্ষ তথা শিক্ষক-শিক্ষয়িত্রী, স্বাস্থ্য বিভাগ, ডাক বিভাগ, পৌৰ নিগম, বিদ্যুৎ বিভাগ আৰু অসম মাধ্যমিক শিক্ষা সংসদৰ কৰ্মচাৰী আদিয়ে সম্পূর্ণ সহায়-সহযোগিতা আগবঢ়াইছিল ।

উক্ত পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে অসম লোকসেৱা আয়োগৰ হৈ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰী, সকলো জিলা আযুক্ত, জিলা আৰক্ষী অধীক্ষক ও আৰক্ষীৰ লোকসকল, শিক্ষানুষ্ঠানসমূহৰ কর্তৃপক্ষ ও শিক্ষক-শিক্ষয়িত্রী, স্বাস্থ্য বিভাগ, ডাক বিভাগ, পৌৰ নিগম, বিদ্যুৎ বিভাগ আৰু অসম মাধ্যমিক শিক্ষা সংসদৰ কৰ্মচাৰীসমূহৰ লগতে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াৰ লগত জড়িত সমূহ বিষয়া কৰ্মচাৰীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে ৷

লগতে পঢ়ক: APSC 2022 ৰ ফলাফলত বিসংগতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.