ETV Bharat / state

লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত অংগনৱাড়ী কৰ্মী-সহায়িকাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 7:39 PM IST

Anganawadi workers protest : অসহযোগ কাৰ্যসূচী অব্যাহত আছে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ৷ দাবী পূৰণ নকৰিলে লোকসভা নিৰ্বাচনৰ লগতে অন্যান্য নিৰ্বাচনত ভোট বৰ্জন কৰাৰ সিদ্ধান্ত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ৷

Etv BharatAnganawadi workers protest
লোক সভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ

লোক সভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ

যোৰহাট, 23 ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ বাবে ককালত টঙালী বান্ধিছে ৰাজনৈতিক দল সংগঠনসমূহে ৷ ইয়াৰ সমান্তৰালকে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী ৷ যোৱা 15 ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ ৰাজ্যজুৰি অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে মাননিৰ পৰিৱৰ্তে মজুৰিৰ দাবীত অনিৰ্দিষ্টকাললৈ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে ৷ ইয়াৰে অংশস্বৰূপে পশ্চিম যোৰহাট প্ৰকল্পত শুকুৰবাৰে সহস্ৰাধিক অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰে।

মিনি অংগনৱাড়ী কৰ্মীসকলক পূৰ্ণাংগ কৰ্মী হিচাপে স্বীকৃতি দিয়ক, শিশুৰ উন্নত মানদণ্ডৰ খাদ্য যোগান ধৰক আৰু মাননিৰ সলনি মজুৰি প্ৰদান কৰা দাবী উত্থাপন কৰি অংগনৱাড়ী কৰ্মী-সহায়িকাসকলে প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকৰ এই দাবীসমূহ পূৰণ নোহোৱালকৈ এই আন্দোলন চলি থাকিব বুলি প্ৰতিবাদকাৰী কৰ্মী আৰু সহায়িকাসকলে ঘোষণা কৰে ৷

ইয়াৰোপৰি, 2024 চনৰ লোকসভা নিৰ্বাচনত শাসকীয় বিজেপি দলে ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰি কয় যে, এইবাৰ লোকসভা নিৰ্বাচনৰ লগতে অন্যান্য নিৰ্বাচনত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে ভোট বৰ্জন কৰিব ৷ অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ প্ৰাপ্য প্ৰদান নকৰাৰ ফলতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে ।

উল্লেখ্য যে, অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে দীৰ্ঘদিন ধৰি তেওঁলোকৰ দাবী কাৰ্যকৰীকৰণৰ বাবে চৰকাৰক দাবী জনাই আহিছে ৷ তেওঁলোকে এই দাবীসমূহ বাজেটত সন্নিৱিষ্ট হ’ব বুলি ভাবিছিল যদিও সেয়া নহ’ল ৷ সেইবাবেই অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে অসহযোগ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় ৷ এতিয়া এই দাবীসমূহ চৰকাৰে কিমান গুৰুত্ব সহকাৰে লয় সেয়া সময়তহে পৰিলক্ষিত হ’ব ৷

লগতে পঢ়ক: পৰীক্ষাৰ আগদিনা ছুইচাইড নোট লিখি আত্মহনন ছাত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.