ETV Bharat / state

সৌৰশক্তি চালিত সামগ্ৰী বিতৰণৰ নামত ব্যাপক দুৰ্নীতি - Allegations of corruption

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 12:54 PM IST

Allegations of corruption: নলবাৰীৰ চৰাঞ্চলত সৌৰশক্তি চালিত সামগ্ৰী দিয়াৰ নামত ব্যাপক দুৰ্নীতি । হিতাধিকাৰীৰ পৰা ৩ হাজাৰ কৈ টকা সংগ্ৰহ কৰি পঞ্চায়ত সভানেত্ৰীৰ স্বামী নিশান আলীয়ে সৌৰ বেটাৰী যোগান নধৰাৰ অভিযোগ । উচিত তদন্তৰ দাবী ভুক্তভোগী হিতাধিকাৰীৰ ।

Allegations of corruption in distribution of solar powered goods in Nalbari
সৌৰশক্তি চালিত সামগ্ৰী বিতৰণৰ নামত ব্যাপক দুৰ্নীতি (ETV Bharat Assam)

সৌৰশক্তি চালিত সামগ্ৰী বিতৰণৰ নামত ব্যাপক দুৰ্নীতি (ETV Bharat Assam)

নলবাৰী,১৫ মে': দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশাসনক তৎপৰতা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে যদিও বিভিন্ন প্ৰান্তত অবাধে চলি আছে দুৰ্নীতি । বিভিন্ন আঁচনি ৰূপায়ণত সংঘটিত হোৱা দুৰ্নীতিক কেন্দ্ৰ কৰি অতিষ্ঠ হৈ পৰিছে ৰাজ্যৰ জনতা । এইবাৰ নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলৰ কালাৰচৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ । চৰাঞ্চলৰ লোকসকলক সৌৰশক্তি চালিত সামগ্ৰী যোগান ধৰাৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে সভানেত্ৰীৰ স্বামী নিশান আলীৰ বিৰুদ্ধে ।

অভিযোগ অনুসৰি সৌৰশক্তি চালিত সামগ্ৰী আবন্টন হোৱা হিতাধিকাৰীৰ পৰা নিশান আলীয়ে ৩ হাজাৰকৈ টকা সংগ্ৰহ কৰাৰ অভিযোগ হিতাধিকাৰীৰ । পঞ্চায়ত সভানেত্ৰীয়ে সৌৰ শক্তিৰ সকলো সামগ্ৰী বিতৰণ কৰে যদিও সভানেত্ৰীগৰাকীৰ স্বামী নিশান আলীয়ে আজিলৈকে বেটাৰী যোগান নধৰিলে হিতাধিকাৰীসকলক । হিতাধিকাৰীসকলে বেটাৰীৰ কথা সুধিলে নিশান আলীয়ে আজি দিম, কালি দিম বুলি কৈ প্ৰায় দুবছৰে হিতাধিকাৰীসকলক বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । যাৰ ফলত অতিষ্ঠ হৈ সংবাদমাধ্যৰ কাষ চাপে হিতাধিকাৰীসকল ।

উল্লেখ্য যে সভানেত্ৰীগৰাকীৰ স্বামী নিশান আলীয়ে সৌৰ বেটাৰী আৱন্টনৰ নামত হিতাধিকাৰীৰ পৰা তিনিহাজাৰকৈ টকা সংগ্ৰহ কৰে বুলি অভিযোগ কৰে হিতাধিকাৰীসকলে । ৰাইজৰ অভিযোগ অনুসৰি ৰাইজে লাভ কৰিব লগীয়া বেটাৰীসমূহৰ আত্মসাৎ কৰি ক'লা বজাৰত বিক্ৰী কৰে সভানেত্ৰীৰ স্বামী নিশান আলীয়ে । সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে জিলা প্ৰশাসনক ইয়াৰে এক উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ লগতে ৰাইজক ন্যায় প্ৰদান কৰিবলৈ অনুৰোধ জনাই বঞ্চিত হিতাধিকাৰীসকলে ।

লগতে পঢ়ক: চিলাপথাৰত জল জীৱনৰ পানীৰ নামত ৰাইজক খুৱাইছে বিৰবিহ - Jal Jeevan Mission Corruption

দুৰ্নীতি নিবাৰক শাখাৰ জালত এ পি ডি চি এলৰ কৰ্মচাৰী - Assam Anti Corruption Drive

লাট মণ্ডলৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ, নামজাৰিৰ নামত জালিয়াতিৰ অভিযোগ - Allegation Of Irregularities

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.