ETV Bharat / state

লাট মণ্ডলৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ, নামজাৰিৰ নামত জালিয়াতিৰ অভিযোগ - Allegation of Irregularities

এজনৰ মাটি জালিয়াতি কৰি আন এজনৰ নামত নামজাৰি লাট মণ্ডলৰ ৷ বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰত সংঘটিত হৈছে এই ঘটনা ৷

ALLEGATION AGAINST LAT MANDAL
লাট মণ্ডলৰ ভয়ংকৰ কাণ্ড (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 2, 2024 at 10:00 PM IST

2 Min Read
Choose ETV Bharat
মাটি নামজাৰিৰ নামত জালিয়াতিৰ অভিযোগ (ETV BHARAT ASSAM)

কলগাছিয়া, 2 মে’ : লাট মণ্ডলৰ ভয়ংকৰ কাণ্ড ৷ এজনৰ মাটি জালিয়াতি কৰি আন এজনৰ নামত নামজাৰি ৷ এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াৰ চান্দ মামা গাঁৱত ৷ কলগাছিয়া ৰাজহ চক্ৰৰ লাট মণ্ডল শিৰাজুল হকৰ বিৰুদ্ধে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী এগৰাকী মহিলাই ৷

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড ৷ এজনৰ মাটি জালিয়াতি কৰি আন এজনৰ নামত নামজাৰি কৰাৰ গুৰুতৰ অভিযোগ লাট মণ্ডল শিৰাজুল হকৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি ভুক্তভোগী জমেলা খাতুন নামৰ এগৰাকী মহিলাৰ দখলত থকা মাটি মতিয়াৰ ৰহমান নামৰ এজন ব্যক্তিয়ে আদালতৰ পৰা শপতনামা উলিয়াই মহিলাগৰাকীৰ চহী জাল কৰি আন এগৰাকী মহিলাক জমেলা খাতুন সজাই মাটিখিনি সফিকুল ইছলাম নামৰ মানুহজনৰ নামত নামজাৰী কৰিবলৈ আবেদন কৰিছিল ৷ এই আবেদনৰ পিচত লাট মণ্ডল শিৰাজুল হকে কোনো ধৰণৰ পৰীক্ষা-নিৰীক্ষা অথবা চৰজমিন তদন্ত নকৰি সফিকুলৰ ইছলামৰ নামত মাটিখিনি নামজাৰি কৰি দিয়ে ৷

ঘটনা সন্দৰ্ভত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকামীয়াই সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই মাটিখিনি যদি ভুলতে নামজাৰী হৈছে তেন্তে সেই নামজাৰী বাতিল কৰা হ’ব ৷ ইফালে ভুক্তভোগী জমেলা খাতুনক এখন এজাহাৰ দিবলৈ পৰামৰ্শ দিয়ে চক্ৰ বিষয়াই ৷ এক মোটা অংকৰ ধনৰ বিনিময়ত অভিযুক্ত লাট মণ্ডল শিৰাজুল হকে এই কাম কৰাৰ অভিযোগ অত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে ৷

লগতে পঢ়ক : সোণাৰি আৰক্ষীৰ জালত পাঁচটা জুৱাৰী : বৃহৎ পৰিমাণৰ ধন জব্দ - Five Gamblers Arrested