ETV Bharat / state

দুৰ্নীতি নিবাৰক শাখাৰ জালত এ পি ডি চি এলৰ কৰ্মচাৰী - Assam Anti Corruption Drive

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 5:29 PM IST

Caught for taking bribe: উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এ পি ডি চি এলৰ দুজন কৰ্মচাৰী ৷ 7 হাজাৰ টকা উৎকোচ লোৱাৰ সময়ত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে হাতে-লোটে আটক কৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী মিণ্টু বৰা আৰু ভাস্কৰ জ্যোতি শৰ্মাক ৷

EMPLOYEE NABBED ACCEPTING BRIBE
নগাঁৱত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান (ETV BHARAT ASSAM)

দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান অব্যাহত (ETV BHARAT ASSAM)

নগাঁও, 11 মে’ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান ৷ জালত পৰিছে এজনৰ পাচত আনজন ঘোচাখোৰ বিষয়া-কৰ্মচাৰী ৷ এইবাৰ নগাঁৱত অভিযান দুৰ্নীতি নিবাৰক শাখাৰ দলৰ ৷ অভিযানত জালত পৰিল এ পি ডি চি এলৰ কৰ্মচাৰী মিন্টু বৰা, ভাস্কৰ জ্যোতি শৰ্মা ৷

পানী সিঁচা মটৰ ব্যৱহাৰত অবৈধ বিদ্যুৎ সংযোগৰ নামত 7 হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এ পি ডি চি এলৰ এই দুজন কৰ্মচাৰী ৷ এগৰাকী বিদ্যুৎ গ্ৰাহকৰ পৰা 7 হাজাৰ টকা উৎকোচ লৈ ভিজিলেঞ্চৰ জালত পৰে নগাঁৱৰ চামগুৰিৰ এ পি ডি চি এলৰ দুই কৰ্মচাৰী ৷ পানী সিঁচা মটৰত অবৈধ বিদ্যুৎ সংযোগৰ বাবে বিগত 9 এপ্ৰিলত গ্ৰাহকগৰাকীৰ পৰা দাবী কৰিছিল ধন ৷ তাৰ পাচতেই গ্ৰাহকগৰাকীয়ে এই সকলো বিষয়ে অৱগত কৰে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাক ৷ তাৰ পাচতে পৰিকল্পনা অনুসৰি শনিবাৰে 7 হাজাৰ টকা উৎকোচ লোৱাৰ সময়ত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে হাতে-লোটে আটক কৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী মিণ্টু বৰা আৰু ভাস্কৰ জ্যোতি শৰ্মাক ৷

প্ৰথমে মিণ্টু বৰাক চামগুৰিৰ পৰা আটক কৰাৰ পাচত ভাস্কৰ জ্যোতি শৰ্মাক নগাঁৱৰ পাথৰিৰ বাসগৃহৰ পৰা আটক কৰে ভিজিলেন্সৰ দলটোৱে ৷ অধিক তথ্যৰ বাবে ধৃত দুয়োজন কৰ্মচাৰীকে চামগুৰি লোক নিৰ্মাণ বিভাগৰ ভৱনত জেৰা অব্যাহত ৰাখিছে অভিযানকাৰী দলটোৱে ৷

উল্লেখ্য যে, দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান ৷ এজনৰ পাচত আনজন ঘোচখোৰ বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰাৰ পাচতো যেন কোনো শিক্ষা পোৱা নাই একাংশ ধনলোভী বিষয়া-কৰ্মচাৰীয়ে ৷ দৰমহাৰ টকাৰে যেন বিলাসীতা কৰিব নোৱাৰি অসৎ উপায়েৰে হ’লেও ধন ঘটাই যেন হৈ পৰিছে এতিয়া একাংশৰ মানসিকতা ৷

লগতে পঢ়ক : আনৰ বাবে জাল পাতি নিজেই জালত পৰিল 3 গৰাকী সাংবাদিক - Journalist Charged With Extortion

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.